পৃষ্ঠা:Ratneswar Bora Sadhu.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিদিলে। তেওঁৰ খঙে মূৰৰ চুলি পালেগৈ। দুয়োজনকে খেদি নিলে। গৈ আৰাট্‌চা ৰংবেয়াৰৰ ওচৰত বাট ভেতি ধৰিলে। ভালকৈ এসেকা দি ধূলিত বগৰাই পেলালে আৰু তাৰ পিছত ভৰিত শিকলিৰে বান্ধি এৰি দিলে, ‘যা, কথা নুশুনা ল’ৰা।’

 তথাপি, গোৰাং আৰু পাট্ৰঙে পৰ্বতৰ গুটি আৰু শিলৰ চকুৰ মণি সিঁচিয়েই থাকিল। হ'লেও, পৰ্বত আৰু শিলবোৰ টকা হৈয়ে থাকিল। গছ-বিৰিখ বুলিবলৈ নাই। তেতিয়া নষ্ট নপাৱে ক'লে, ‘বসুন্ধৰা মাতৃ মানে আৰু স্বদেশৰ মাতৃ পিলটেক এনেদৰে টকলাকৈ ৰখাটো উচিত কথা হ’ব নোৱাৰে।’

 সেয়ে নষ্ঠু নপাণ্টুৱে দুইভগ্নী টিক্‌ৰে টিক্‌ছে আৰু গাট্ৰে গাট্‌ছেক বোলোং (হোলোং), শাল, কিছল, মাৰাণ আৰু ছাম্বাক উদ্ভিদৰ গুটি সিঁচি দিবলৈ নিৰ্দেশ দিলে। লগতে বিভিন্ন প্ৰজাতিৰ ঘূৰণীয়া বস্তু উৎপন্ন হ’ব পৰাকৈ গুটি আৰু জীৱ সিঁচি দিবৰ বাবেও নিৰ্দেশ দিলে তেওঁলোকক। গুটিবোৰ গজিল আৰু বসুন্ধৰা মাতৃ মানে আৰু স্বদেশৰ মাতৃ পিল্‌টে এদিন সেউজীয়া হৈ উঠিল।

 বিঃদ্ৰঃ (১) নষ্ঠু নপাণ্টুঃ এগৰাকী দেৱী, যি পৃথিৱীখনক জন্ম দিছে। (২) আৰট্‌চা ৰংবেয়াৰঃ কঠিন শিলৰ প্ৰাচীৰ। (৩) বোলোংঃ এবিধ প্ৰকাণ্ড গছ। (৪) কিছলঃ দৰবত লগা উদ্ভিদ। (৫) ছাম্বাকঃ বগা ফুলেৰে এবিধ উদ্ভিদ। (৬) মাৰাণাঃ ঘাঁহ প্ৰজাতিৰ উদ্ভিদ।

(দৈনিক অসম, গুৱাহাটী, দেওবাৰ, ২৩ ফেব্ৰুৱাৰী, ২০২০ চন)

মইনাহঁতলৈ মজা মজা সাধু কথা |৩৫