সমললৈ যাওক

পৃষ্ঠা:Ratneswar Bora Sadhu.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দেউতাকৰ আগত কৈ দিলে। কথা মতেই কাম। এদিন ছোৱাংছিলিক জুম খেতি ৰখিবলৈ নপঠিয়ালে। তাইৰ ঠাইত দেউতাকে তাইৰ নিচিনাকৈ সাজোন কাচোন কৰি জুম খেতি ৰখিবলৈ গ'ল। সৰু ছোৱালীজনীক আনকালৰ দৰে সাপটো মাতি আনিবলৈ পঠালে। সাপটো আহিল। আহি আনকালৰ দৰে ছোৱাংছিলিৰূপী দেউতাকৰ কোলাত উঠিব খুজিলে। দেউতাকে একেঘাপে সাপটো দুচেও কৰিলে। পিছদিনা ছোৱাংছিলি আৰু ভনীয়েকে আনদিনৰ দৰে জুমৰ পথাৰত সাপটো নাপালে। ঘৰলৈ ঘূৰি আহি দেখিলে যে দেউতাক দুৱাৰডলিৰ ওচৰত পৰি আছে। পিতাকক উঠিবলৈ কোৱাৰ লগে লগে পিতাকে তাইকো একেঘাপে দুটুকুৰা কৰিলে। লগে লগে এগালমান সাপৰ পোৱালি পেটৰপৰা বাহিৰ হ’ল। সেইবোৰো পিতাকে মাৰি পেলালে। তাৰে এটা কোনো মতে বাচিল যদিও সি ডাঙৰ হৈ গৰু-ছাগলী আনকি মানুহো খাই তহিলং কৰিবলৈ ধৰিলে। তেহে এজন চীন দেশৰ পৰিব্ৰাজকে পাই, সেই পোৱালিটো মাৰি পেলালে। অকণিহঁত, তোমালোক 'তহিলং কৰ’, ‘সাজোৰ-কাচোন’, ‘পেঘেনিয়াই পেঘেনিয়াই’, ‘ভয়ে ভয়ে’—এই খণ্ডবাক্যসমূহ লগাই একোটা বাক্য ৰচনা কৰিবাচোন। নোৱাৰিলে ছাৰ-বাইদেউৰাহঁতক সুধি ল’বাহঁক৷

(দৈনিক অসম, গুৱাহাটী, দেওবাৰ, ২৪ ফেব্ৰুৱাৰী, ২০১৯ চন)

৩০|মইনাহঁতলৈ মজা মজা সাধু কথা