পৃষ্ঠা:Ratneswar Bora Sadhu.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
 

(গাৰোসকলৰ সাধু)

নিগনি আৰু শিয়াল

 

 এখন হাবিত বহুত নিগনি আছিল। তাৰে এটা নিগনি বাকীবোৰতকৈ বেছি জ্ঞানী আছিল। তাৰ লগৰ নিগনিবোৰক কেনেদৰে নেতৃত্ব দিব লাগে। সি ভালকৈ জানিছিল। সিহঁতে তাৰ কথা মতে চলিছিল। গতিকে নিগনিবিলাকে তাক সিহঁতৰ মুখিয়াল নিৰ্বাচন কৰিলে।

 এদিন এটা শিয়াল ভোকত কলমলাই হাবিত পিনপিনাই ফুৰিছিল। হঠাতে ইমানজাক নিগনি তাৰ চকুত পৰিল। গতিকে কোনে পায় তাক! নিগনি জাক মাৰি কেনেকৈ ভক্ষণ কৰিব পৰা যায়, সি তাৰে উপায় চিন্তা কৰিলে। সি এটা উপায় বিচাৰি পালে। নিগনিবিলাক থকা ঠাই টুকুৰাৰ কাষৰে এঠাইত সি তাৰ এটা ঠেং দাঙি, মুখখন মেলি, আকাশৰ ফালে চাই বহি থাকিল।

 সন্ধ্যা বেলি পৰোঁ পৰোঁ হৈছে। দিনটো আহাৰৰ সন্ধান কৰি নিগনিবিলাক সিহঁতৰ থকা ঠাইলৈ উভতিছে। সিহঁতে তেনেতে সেই অৱস্থাত শিয়ালটো দেখিলে। সিহঁততো আচৰিত হ’বৰে কথা। সিহঁতৰ মুখিয়াল নিগনিটো আগবাঢ়ি গ'ল আৰু সুধিলে, ‘আপোনাৰ নাম কি?’

 ‘মোৰ নাম দেৱতা।’

 ‘আপুনি পিছে এটা ঠেং দাঙি আছে কিয়?’

 ‘মই যদি মোৰ চাৰিওটা ঠেং মাটিত থওঁ, পৃথিৱীয়ে মোৰ ভৰ সহিব নোৱাৰিব আৰু ই কঁপিব।’

মইনাহঁতলৈ মজা মজা সাধু কথা | ১৭