তাৰ পাছত গছজোপাত আউজি তেওঁ অকণমান জিৰাব খুজিলে। হ’ল বুলিনো কিমাননো আৰু গেবাৰি খাটিব, দেহাটোক কষ্ট দিব? মানুহজনৰ কেতিয়ানো টোপনি গ'ল, নিজেই গম নাপালে—ঠিক পঢ়ি থাকোঁতে থাকোঁতে তোমালোকৰ টোপনি যোৱাৰ দৰে। মাৰাই আহি ভাত খাবলৈ জগাই দিব নালাগে জানো? এনেয়ে কয়নে—টোপনিয়ে মৰণে সমান বুলি?
বেলি কাটি হ’লত মানুহজনে সাৰ পালে। কাণ্ড দেখি মানুহজনৰতো তালু সৰে জিউ যোৱা অৱস্থা। পাচিত এটাও টুপী নাই। জেপত নাই এটা ফুটা কড়ি। ক'লৈ গ'ল, গল কলৈ? ওপৰলৈ চাই দেখে বান্দৰৰ এটা পৰিয়াল। চাৰি-পাঁচটামান বান্দৰ হ’ব। প্ৰত্যেকৰে মূৰত একোটা টুপী। কাৰণ মানুহজনে নিজেও এটা টুপী পিন্ধি থকা সিহঁতে দেখিলে। তেওঁ এটা বুদ্ধি খটুৱালে। নিজৰ পিন্ধি থকা টুপীটো দূৰলৈ দলিমাৰি দিলে। তাকে দেখি বান্দৰকেইটাইও নিজৰ নিজৰ টুপীবোৰ সোলোকাই দলিমাৰি দিলে। মানুহজনে টুপীকেইটা চপাই বুটলি ললে। কিন্তু এপাচি টুপীৰ বাকী টুপীবিলাক আৰু জেপৰ পইচাখিনি কি হ’ল? তেওঁ বেজাৰ মনে ঘৰমূৰা হ’ল। অলপ দূৰ গৈ এখন পথাৰত এজাক ল’ৰাই ক্ৰিকেট খেলি থকা দেখিলে। কোনোবা টেণ্ডুলকাৰ, কোনোবা বিৰাট কোহলী, দ্ৰাবিড় আৰু অনেক। প্ৰত্যেকৰে মূৰত টুপী। গেলেৰীত বহি খেল উপভোগ কৰি থকাকেইজনৰ হাতত কোকাকোলা, লিম্কাৰ বটল। মইনাহঁত, বুজিলা নহয়—আচল বান্দৰ কোন? তোমালোকে এনেকুৱা নকৰিবা দেইবা। সাধুটোত থকা ফকৰা-যোজনাবিলাক বাছি উলিয়াবাচোন। গোবৰ্ধন পৰ্বত কি জানানে?
(দৈনিক জনমভূমি, গুৱাহাটী, ৭ আগষ্ট ২০১৩)