সমললৈ যাওক

পৃষ্ঠা:Ratneswar Bora Sadhu.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

(মেঘালয়ৰ সাধু)

শিলা আৰু গছ-গছনি

 

 সাধুটো আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো জনগোষ্ঠীয় সমাজৰ। অকণিহঁত, সাধু সাধুৱেই। কেৱল তেওঁলোকৰ সমাজখনৰ কিছু কথা জানিবৰ বাবেই সাধুটো কৈছে। গাৰোসকলৰ লোকবিশ্বাস মতে, পৃথিৱীৰ মাতৃ হ'ল মানে আৰু গৃহভূমিৰ মাতৃ হ’ল পিল্‌টে। তেওঁলোকৰ জন্ম হৈছেহে, তেতিয়াও শিলাবোৰ গঠন হোৱা নাই। ওখ ওখ পৰ্বতবোৰো গঠন হোৱা নাই, মাটিও নাই হোৱা। আনকি জলভাগো স্থলভাগৰপৰা পৃথক হোৱা নাই। তেতিয়াই নষ্টুৱে ভাতৃ গোৰাং আৰু মোমায়েক পাট্ৰঙক হুকুম দিলে, ‘থিয় পৰ্বতৰ গুটি, শিলাখণ্ডবোৰ চকুৰ মণি সিঁচি দিয়া।’ ভাতৃ গোৰাঙে তেতিয়া বনৰীয়া উদ্ভিদৰ গুটিৰে খেলি আছিল, পাট্ৰঙে খেলি আছিল পাছ চোতালত। গোৰাঙে বাৰীৰ জেওৰাৰ কাষে কাষে বগুৱা বাই ফুৰিছিল। পাট্ৰঙে ঘৰৰ মজিয়াত চুচৰি ফুৰিছিল। মাতৃৰ নাম আছিল ছিমিন কামিন।

 তাৰ পিছত ভাতৃ গোৰাঙে নিজকে ধূলিমুক্ত কৰিলে, পাট্ৰঙে ধুন-পেচ মাৰিবলৈ ললে, মাত-কথা সলনি হৈ গলগলীয়া হল। তেওঁলোকে নষ্ঠু নপাণ্টুৰ কথা ৰাখি পাচিয়ে পাচিয়ে থিয় পৰ্বতৰ গুটি আৰু শিলৰ চকুৰ মণি সিঁচি দম কৰি দিলে। কথা বিষম দেখি বামিণ ৰাচা ছজোন গিটেলে গোৰাং আৰু পাট্ৰক কলে বোলে এনেকৈ পৰ্বতৰ গুটি আৰু শিলৰ চকুৰ মণি সিঁচিবলৈ হ'লে ম’হেৰে হালবাই, প্ৰকাণ্ড গছ উভালিবলৈ সম্ভৱ নহ'ব। গোৰাংহঁতে সেই কথাত কাণ

৩৪ | মইনাহঁতলৈ মজা মজা সাধু কথা