পৃষ্ঠা:Ratneswar Bora Sadhu.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

(পূৰ্ব আফ্ৰিকাৰ সাধু)

খাদ্যৰ গোন্ধ আৰু এজনী ছাগলী

 

 এখন গাঁৱত এজন ‘টাজিৰি’ আছিল। টাজিৰি মানে ধনী মানুহ। তেওঁ আছিল খুব ভোজনবিলাসী। বহু লোভনীয় খাদ্য খায় প্ৰতি সাজতে। গোন্ধে মল্‌মলাই থাকে। খোৱাখিনি খায়, নোখোৱাখিনি গাহৰিক দিয়ে। বৰ নিষ্ঠুৰ, আনক নিদিয়ে। ওচৰতে এজন ‘মাস্কিনী’ অৰ্থাৎ দুখীয়া মানুহ আছিল। তেওঁৰ জীৱিকাৰ সম্বল এজনী ছাগলী। ছাগলীৰ গাখীৰ আৰু পনিৰ—ইয়াৰে এসাঁজ খায়; কিন্তু গধূলিৰ সাঁজৰ বাবে টনা-টনি হয়। অকণমান লুথুৰী পিঠাৰে গধূলিৰ ভোক গুচাব লগা হয়। সোৱাদ, জুতি বুলিবলৈ নাই। সেই যে ধনী মানুহজনৰ ঘৰত ধুনীয়া ধুনীয়া খোৱা বস্তু ৰান্ধোতে গোন্ধে মল্‌মলাই থাকে, হাতত লুথুৰীৰ থালখন লৈ তেওঁৰ ঘৰৰ খিৰিকীৰ ওচৰত তেওঁ লুকাই লুকাই নাকত গোন্ধ উজাই উজাই লুথুৰীখিনি খাই তৃপ্তি লভে। গোন্ধেই বোলে আধা ভোজনৰ সমান। এদিন হাতে-লোটে ধৰা পেলালে ধনী মানুহজনে। তেওঁৰ কথা হ'ল—মোৰ ঘৰ খাদ্যৰ গোন্ধেৰে আনে কিয় পেট পূৰ কৰিব। গোচৰটো গৈ গাঁৱৰ মুখিয়ালৰ ওচৰ পালোগৈ। গাঁৱৰ মুখিয়ালে গাঁৱৰ কাৰাগাৰত দুখীয়া মানুহজনক ভৰাই থলে। শনিবাৰৰ দিনা গাঁৱৰ ৰাইজৰ বিচাৰ হ’ল। ধনী মানুহজনে কথাটো ক'লে আৰু ক্ষতিপূৰণ হিচাপে দুখীয়া লোকজনৰ ছাগলীজনী বিচাৰিলে। গাঁৱৰ লোকসকলৰ মাজত এই বিষয়ে আলোচনা হ’ল। শেষত মুখিয়ালজনে মন্তব্য দিলে, মাস্কিনীয়ে ( দুখীয়া লোকজনে ) টাজিৰিৰ খাদ্যৰ গোন্ধ লোৱাটো হয়; কিন্তু খাদ্য কাঢ়ি খোৱা নাই। গতিকে টাজিৰিয়েও মাস্কিনীৰ ছাগলীজনীৰ গোন্ধটো যেতিয়াই মন যায় ল'বগৈ, কিন্তু ছাগলীজনী নিব নালাগে, নিলে খাদ্য কাঢ়ি লোৱাৰ নিচিনা হ'ব। ধনী মানুহজনে সেমেনা-সেমেনি কৰিলে; বাকীবোৰে হাত চাপৰি বজালে।

(দৈনিক অসম, ডিব্ৰুগড়, গুৱাহাটী, ১ ডিচেম্বৰ, ২০১৯ চন)

মইনাহঁতলৈ মজা মজা সাধু কথা |৩১