পৃষ্ঠা:Ratneswar Bora Sadhu.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

বীৰবলৰ ৰসাল কাহিনী
জোকৰ মুখত চূণ

 

 বীৰবলৰ ৰসাল কাহিনীবোৰ অকণিহঁতে নিশ্চয় নুশুনাকৈ থকা নাই। মহামতি আকবৰৰ ৰাজসভা শুৱনি কৰা এইজনা বিচক্ষণ পাৰিষদৰ বিষয়ে অনেক মন পৰশা কাহিনী আছে। সাধুকথাতকৈও মনোৰম কাহিনীবোৰ পঢ়িলে মানুহৰ মন আনন্দিত হয়। মন আনন্দিত হ'লে কি হয় জানা? স্বাস্থ্য ভালে থাকে, পঢ়া-শুনাত মন বহে, শ্ৰেণীকক্ষত ছাৰ-বাইদেউসকলে বুজোৱা কথাবোৰ মনত থাকে।

 আচল কথালৈ আহোঁ। আকবৰে ৰাজসভাত বহি ৰাজকাৰ্য চলাই থাকে। প্ৰজাৰ সুখ-দুখৰ বতৰা লয়। সেয়াই ৰজাৰ ধৰ্ম। বিভিন্নজনে আহি ৰজাৰ ওচৰত নিজৰ নিজৰ অভাৱ-অভিযোগ দাঙি ধৰে। ৰজাই পাৰ্যমানে সমস্যাবোৰ সমাধানৰ দিহা কৰে। এই যে প্ৰজাসকলে আকবৰক দেখা কৰিবলৈ আহে, তেওঁলোকে এজন দুৱৰীৰ আজ্ঞা লৈহে ৰাজসভালৈ সোমাব লাগে। সেইখিনিতে লেঠাটো। সমাজত লুভীয়া মানুহ কিছুমান নাই জানো? এই যে দুৱৰীজন—তেওঁ ৰজাক দেখা কৰিবলৈ অহা লোকসকলক হাৰাশাস্তি কৰে। তেওঁ কয়, ‘ৰজাৰপৰা যিখিনি পাইছা, তাৰ ভাগ এটা মোকো দিব লাগিব। তোমালোকে অকলে ভোগ কৰিলে নহ'ব।’ ইফালে, ৰজাই এইবোৰ কথাৰ উৱাদিহ নাপায়। বদনামটো হয় ৰজাৰ৷ কথাটো গৈ বীৰবলৰ কাণত পৰিল। তেওঁতো বুদ্ধিত বৃহস্পতি। তেওঁ ভাবিলে, কিবা এটা নকৰিলে এই দুৱৰীয়ে ৰজাৰ নাক কটা কামবোৰ কৰিয়েই থাকিব। গতিকে যেনে কুকুৰ তেনে টাঙোন। ইয়াক এসেকা দিব নোৱাৰিলে মোৰ নাম বীৰবল নহয়। তেওঁ এজন সাধাৰণ মানুহৰ ভেশছন ধৰি ৰজাক দেখা কৰিবলৈ ওলাল। বাটতে ধুৰন্ধৰ দুৱৰীয়ে আগভেটা দি ক'লে, বোলে মোক

মইনাহঁতলৈ মজা মজা সাধু কথা|২৭