পৃষ্ঠা:Ratneswar Bora Sadhu.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পালেগৈ। তাৰপাছত দুয়োটা ধা-উ-মকৈ তলৰ খাৱৈত সৰি পৰিল। কলখোৱা ধাতু দুয়োটাৰে উৰি গ'ল। খেলা খতম।

 এইবাৰ বান্দৰক পায় কোনে? গাখীৰতে ম'হৰ খুঁটি। ভালুক গোটাই থোৱা খাদ্য-সামগ্ৰীবোৰ খাই মহা আৰামেৰে দিন পাৰ কৰিলে। মৃত বাঘ আৰু ভালুকৰ কামিহাড়বিলাকেৰে সি বাঁহী সাজি সুৰ দিবলৈ ধৰিলে। গছৰ ডালত বহি সি এতিয়া বাঁহী বজায় শুৱলাকৈ, খুব শুৱলাকৈ।*

( “শিশু আৰু কিশোৰ কিশোৰীৰ মাহেকীয়া আলোচনী “মুকুতা” আগষ্ট ২০১৬ চন, গুৱাহাটী” )

মইনাহঁতলৈ মজা মজা সাধু কথা ।৩৯