পৃষ্ঠা:Ratneswar Bora Sadhu.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

(মিজো পাহাৰৰ সাধু)

দুজন ককাই-ভাই আৰু উৰণীয়া ঘোঁৰা

 

 এখন গাঁৱত ছুৰা আৰু নহায়া নামৰ দুই ককাই-ভায়ে একেলগে বাস কৰিছিল। দুই ককাই-ভাই নলে-গলে লগা বন্ধুৰ দৰে। পৰস্পৰে ছাঁটোৰ দৰে লাগি ফুৰে। তেওঁলোকৰ গাঁৱৰ ওচৰতে পৰ্বত এখন আছিল। পৰ্বতখনলৈ বেছি দূৰ নহয়, ধৰা তামোল এখন খোৱা পৰৰ বাট।

 তেওঁলোকে অহুকাণে-পহুকাণে শুনিবলৈ পালে বোলে পৰ্বতৰ টিঙত এটা বগা উৰণীয়া ঘোঁৰা আছে। মন গ’লেই ঘোঁৰাটোৱে পাখি মেলি চৰাইৰ দৰে আকাশত বিচৰণ কৰি ফুৰে। দুই ককাই-ভায়ে মনতে থিৰাং কৰিলে উৰণীয়া ঘোঁৰাটো ধৰি ঘৰলৈ আনি পোহ মনাব লাগিব। কথা মতেই কাম। গ’ল দুই ককাই-ভাই ঘোঁৰাটো বিচাৰি। সেইমতে পালেগৈও। ঘোঁৰাটো তেতিয়া ঠিক উৰোঁ উৰোঁ হৈছে আৰু হাতত সাৰে ভৰিত সাৰে দুয়ো ককাই-ভাই আগবাঢ়ি গ'ল। ঘোঁৰাটোৰ পাছ ঠেং দুখনত ছুৰাই খামোচ মাৰি ধৰিলে। নাহায়াই কি কৰিলে জানা? ছুৰাৰ কঁকালতে গবা মাৰি ধৰিলে। ঘোঁৰাও যে আৰু। দুয়োকে লৈ আকাশত উৰিবলৈ ধৰিলে। অলপ পৰৰ পিছত ছুৰাৰ কঁকাল বিষ হ’ল নহয়। নহ’বনো কিয়? এই কাণসমনীয়া ভায়েক নাহয়া কঁকালত চীনা জোক লগা দি লাগি আছে। ইফালে, বিজুলী বেগেৰে ঘোঁৰা আকাশত উৰি আছে, ধেমালি কথা? তেহে বোলে, ‘নাহায়া, তুমি মোৰ কঁকাল এৰি দিয়া, ঘোঁৰাটোৰ বাকী দুখন ঠেঙত ধৰা, সুবিধা হ’ব।" ক’ত মানে নাহায়াই? বোলে, ‘আকাশত সেইবোৰ সালসলনি কৰি বাটৰ কচু গাত ঘঁহি ল'ম কিয়? এনেকৈয়ে হ’ব।’ ছুৰাই তিনিবাৰ ক'লে, নাহায়াই কেট্‌-কুট নকৰিলে। ছুৰাই হাত এৰি দিলে। দুয়ো ধাউম্‌কৈ আকাশৰপৰা মাটিত সৰি পৰিল। লগে লগে দুয়ো শেষ। গতিকে, মানুহে

১২|মইনাহঁতলৈ মজা মজা সাধু কথা