পৃষ্ঠা:Ratneswar Bora Sadhu.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পিয়ন চাৰিলে। হুৱাওৰ মাকে বোলে গাখীৰ নিদিয়া গাই এজনী পুহি থাকিবলৈ দৰকাৰ নাই। তেওঁ কচাই এজন মাতি পঠিয়ালে গাইজনী বেছি দিবৰ বাবে। আৰু কচাইৰ হাতত পৰা মানে গাইজনীৰ কি দশা হ’ব, অকণিহঁতে জানাই নহয়? গাইজনী বিক্ৰী নকৰিবৰ কাৰণে হুৱাওৱে মাকক কাকুতি-মিনতি কৰিলে; কিন্তু তাৰ মাক ইমান সহজে মান্তি হোৱা নাৰী নহয়। যি কৰিম বুলিব সেইটো কৰিহে এৰিব।

 উপায় নাপাই হুৱাও তাৰ বীণখন লৈ সেই হ্ৰদটোৰ পাৰলৈ গ'ল। কি আচৰিত, তাৰ পাছে পাছে ৰূপালী গাইকেইজনীও সেই ঠাইত ওলালগৈ। সি কিছু সময় ধৰি হ্ৰদটোৰ পাৰতে বীণ বজালে। গাইকেইজনীয়ে বীণৰ মূৰ্চ্ছনা শুনিলে। অলপপৰ পিছত হুৱাওৱে তাৰ বীণখন হ্ৰদৰ পানীলৈ দলিয়াই দিলে। চকুৰ পানীৰে সি বাট নেদেখা হ’ল। বেচিব খোজা গাইজনীৰ দুখত তাৰ অন্তৰ ভাগি গ'ল। তাৰ পিছত কি হ’ল শুনা—এই যে সি বীণখন হ্ৰদৰ পানীলৈ দলি মাৰি দিলে, গাইকেইজনীও হ্ৰদৰ পাৰলৈ গৈ পানীলৈ জাঁপ মাৰি দিলে। কিছুদিনৰ পিছত হ্ৰদটোৰ সেই ঠাইতে কিছুমান ৰূপালী ভেঁটফুলৰ গছ গজি ৰমক-জমক হ’ল, যি ঠাইত হুৱাওৱে বীণখন পানীলৈ দলিয়াই পেলাইছিল। হুৱাওৰ মাকৰ ইতিমধ্যে মৃত্যু হৈছে, হুৱাও বৃদ্ধ হৈছে। তোমালোকে যদি হুৱাওক কোৱা যে তোমালোকে এই কাহিনীটো বিশ্বাস নকৰা, তেন্তে হুৱাওৱে তোমালোকক সেই হ্ৰদটো থকা পৰ্বতলৈ লৈ যাব, য’ত ভেঁটফুলবোৰ ফুলি আছে।

 এইখিনিতে তোমালোকক এটা প্ৰশ্ন সোধো—ভেঁটফুল ৰাতি ফুলে, কিন্তু পদুম ফুল? অকণিহঁত, এইটো এটা সাধুকথাহে। তাকে একেবাৰে ধ্ৰুৱসত্য বুলি ধৰি নলবা। মানুহ কিমান স্বাৰ্থপৰ আৰু নিৰ্দয়, প্ৰকৃতি কিমান উদাৰ—সেই কথাটোকে ইয়াত ক'ব বিচাৰ হৈছে।

(দৈনিক অসম, গুৱাহাটী, দেওবাৰ, ৯ ফেব্ৰুৱাৰী, ২০২০ চন)

মইনাহঁতলৈ মজা মজা সাধু কথা | ৩৩