(মিজো পাহাৰৰ সাধু)
বান্দৰ আৰু দোলনা
পুৰণি দিনৰ কথা। এটা বান্দৰে এখন অৰণ্যত এখন দোলনা সাজি লৈছিল। বান্দৰবিলাক এনেও বৰ বুধিয়ক, মানুহৰ পূৰ্ব পুৰুষহে। তাৰ পিছত কি হ’ল জানা?
বান্দৰটোৱে সেই দোলনাখনতে দুলি দুলি ধেমালি কৰে আৰু গায়—আহাঁ বতাহ আঁহা/উত্তৰ দিশৰপৰা আহাঁ.../ মোৰ কাষলৈ আহাঁ।
এদিন তেনেদৰে বান্দৰটোৱে গান গাই খেলি আছে। তেনেতে তাৰ চকুযোৰ তিৰবিৰাই উঠিল। সি দেখিবলৈ পালে যে ক’ৰবাৰপৰা ভালুক এটা তাক লক্ষ্য কৰি আহি আছে। ভালুকটোৱে তাক ক’লে—‘তোমাৰ দোলনাখনত দুলিবলৈ মোৰ বৰ মন গৈছে।’
তেতিয়া বান্দৰটোৱে ক'লে—‘ঠিক আছে ভালুক মোমাইদেউ। দুলিবলৈ ইচ্ছা কৰিছা যেতিয়া দোলা। কিন্তু তুমি যিহে গধূৰ, ভয়হে লাগে পাই। মই ওপৰলৈ গৈ চাই আহোঁগৈ ৰছীডাল ঠিক হৈ আছেনে নাই। ছিগিবলৈ হ’লে সৰ্বনাশ হ’ব। তোমাৰ কলখোৱা ধাতু বাজ হ’ব।’
দোলনাখনৰ ৰছী দুডাল আছিল দুডাল লতা। গতিকে সি ওপৰলৈ উঠি গৈ এডাল লতা দাঁতেৰে কামুৰি ছিগোঁ ছিগোঁ কৰি থৈ আহিল। তাৰ পিছত তললৈ নামি আহি ভালুকটোক ক’লে, ‘মোমাই, এতিয়া তুমি দুলিব পাৰা, সকলো ঠিকে আছে।’
কথামতেই কাম। বপুৰা ভালুকে দোলনাত বহি দুলি দুলি বান্দৰে গোৱা গানটোকে জুৰিছে—‘আহাঁ, বতাহ আহাঁ ...।’ তেনেতে ঘটিল নহয় পয়মালটো। লতাৰে তৈয়াৰী ৰছী ছিগি বেচেৰা ভালুকটো ধা-উ-প্কৈ মাটিত পৰি কেঁকাবলৈ ধৰিলে।