পৃষ্ঠা:Ratneswar Bora Sadhu.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

টুপী পিন্ধা বান্দৰৰ সাধু

 

 এখন চহৰৰ দাঁতিকাষৰীয়া অঞ্চলত এজন দুখীয়া মানুহে বাস কৰিছিল। ঘৰত মানুহজনী আৰু তোমালোকৰ দৰে এমাডিমা ল'ৰা-ছোৱালীকেইটা। চলে কেনেকৈ? বয়-বস্তুৰ যিহে জুই ছাই দাম—বজাৰলৈ সোমালেই বেজাৰ লাগে। হ'লেও, কিবা এটাতো কৰি খাবই লাগিব। চৰাইটোৱেও ইটো ডালৰ পৰা সিটো ডাললৈ জঁপিয়াইহে পোক-পৰুৱা এটা খাইছে।

 গতিকে মানুহজনে সৰু সুৰা ব্যৱসায় এটাত ধৰিলে। তেওঁ টুপী বেচিবলৈ ধৰিলে। ঘৰে ঘৰে, ৰাস্তাই-পদূলিয়ে টুপী বেচাই তেওঁৰ কাম। ৰাতিপুৱাই ৰঙা চাহ এটোপা আৰু কিবা এমুঠি পেটত পেলাই দিনৰ দিনটো টুপী বেচি ফুৰে। ‘লাগি থাকিলে মাগি খাব নালাগে’ বুলি কথা এষাৰ আছে নহয়, সেয়াই। মানুহজনে কাকো দিবও নোৱাৰে, কাৰো ওচৰত হাত পাতিবলৈও নাই। তাকে যেনিবা মহাদেৱ ভিক্ষালৈ নগ'লে টেকেলী কাটি। এদিন যদি টুপী বেচিবলৈ নগ’ল বা কেনেবাকৈ যদি টুপীৰ হৰণ-ভগন হ’ল, তেওঁৰ ভালেকেইটকামান হানি হয়। গাটো চেংচেঙাই যায়। আওপকীয়াকৈ পৰিয়ালটোৰ মূৰত ৰামটাঙোন পৰে। তেৱোঁ কিনি অনা বস্তুহে। বাৰীৰ গছত লগা নাই নহয়। হয়নে নহয়? তাৰ মাজতে দুই-এটা টুপী কেতিয়াবা বাঘৰ আগতেল খোৱা কোনোবা ল’ৰাই চিলনীয়ে থাপ মাৰি নিয়াদি নিনিয়াও নহয়, নিয়ে পাই। কিন্তু তেনেকুৱা কৰিব নাপায়। কষ্টৰ পইচা। ঈশ্বৰে দেখিব। মানুহজনে ৰাগিয়াল বস্তু নাখায়, মিছা কথা নকয়, কাকো ঠগ-প্ৰবঞ্চনা নকৰে আনৰ অনিষ্ট সাধন নকৰে, ঘৰত বা

১৪|মইনাহঁতলৈ মজা মজা সাধু কথা