বাঘ, ভালুক আৰু বান্দৰ
মূলঃ লালখ্লুয়াং লিয়ানা খিয়াংতে (সম্পাদনা), মিজো
এদিন ভৰ দুপৰীয়াৰ কথা। খুব চোকা ৰ'দ দিছে সেইদিনা। ভালুক এটাৰ পিয়াহত অণ্ঠ কণ্ঠ শুকাই গৈছিল। তেনেতে সি এটা পুখুৰী দেখিবলৈ পালে। নিৰ্মল পানীৰে পুখুৰীটো চপ্চপীয়া হৈ আছিল। সি হেঁপাহ পলুৱাই পানী খালে। তাৰ পাছত এটা বান্দৰক পুখুৰীটোৰ ৰখীয়াৰ দায়িত্ব দি ক'লে—“চাবি, যাতে এই পুখুৰীত কোনেও পানী খাব নোৱাৰে। পুখুৰীটো কেৱল মোৰ বাবেহে।”
ভালুকটো যোৱাৰ পাছতে এটা হৰিণা আহি বান্দৰক সুধিলে— “বান্দৰ ককাই, পুখুৰীটোৰ পানী অকণমান খাব পাৰোনে? বৰ পিয়াহ লাগিছে পাই।”
বান্দৰে উত্তৰ দিলে—“এইটো ভালুক মোমাইৰ পুখুৰী। সাহস আছে যদি খা পানী, নাই যদি নাখাবি।”
কথা শুনি হৰিণাটোৱে ভয়তে বিম্বাশৱদে লৰ মাৰিলে। ক’ত আৰু পানী খায়!
অলপ পৰৰ পাছতে এটা বন গাহৰি আহি পানী খাবলৈ বুলি বান্দৰটোৰ অনুমতি বিচাৰিলে। বান্দৰে এইবাৰো সেই একেই কথাকে ক’লে—“এইটো ভালুক মোমাইৰ পুখুৰী। মই ৰখীয়াহে। সাহস আছে। যদি খোৱা, নাই যদি যোৱা, বাপু।”
ভয় খাই বন গাহৰি অহা বাটে ভিৰাই লৰ মাৰিলে। এনেদৰে অনেক বন্যপ্ৰাণী আহিল আৰু সকলোৱে বান্দৰৰ সাৱধান বাৰ্তা শুনি পলাই পত্ৰং দিলে।
অৱশেষত এটা বাঘ আহিল আৰু কলে—“পানী খাওঁ।”