শব্দৰ পাচত থট্ প্ৰত্যয় হয়। থটৰ ট ইৎ যায়। যেনে, চতুৰ—চতুৰ্থ, ষ য—ষষ্ঠ।
মট্।
৩০। সেই অৰ্থ বুজাবলৈ পঞ্চন্, সপ্তন্, অষ্টন্, নবন্, আৰু দশন সংখ্যা বাচক শব্দৰ পাচত মট্ প্ৰত্যয় হয়। মটৰ ট ইৎ যায়, আৰু শব্দৰ ন্ লোপ হয়। যেনে, পঞ্চন—পঞ্চম, সপ্তন—সপ্তম। সেইদৰে, অষ্টম, নবম, দশম।
ডট্।
৩১। সেই অৰ্থ বুজাবলৈ একাদশন্, দ্বাদশন্, ত্ৰয়োদশন্, চতুৰ্দ্দশন্ সংখ্যাবাচক শব্দত ডট্ প্ৰত্যয় হয়। ডটৰ ড, ট্ ইৎ যায়, আৰু শব্দৰ ন্ লোপ হয়। যেনে, একাদশন—একাদশ। সেইদৰে, দ্বাদশ, ত্ৰয়োদশ, চতুৰ্দশ।
তম, ডট্।
৩২। সেই অৰ্থত বিংশতি, ত্ৰিংশৎ আদি সংখ্যাবাচক শব্দত তম আৰু ডট্ প্ৰত্যয় হয়। ডটৰ ড, ট্ ইং যায়। যেনে, বিংশতি—বিংশতিতম বা বিংশ, ত্ৰিংশৎ—ত্ৰিংশত্তম বা ত্ৰিংশ।
ম।
৩৩। সেই কালত উৎপত্তি, এই অৰ্থত আদি, প্ৰথ, আৰু মধ্য শব্দৰ পাচত ম প্ৰত্যয় হয়। যেনে, আদি—আদিম, প্ৰথ—প্ৰথম, মধ্য—মধ্যম।