বহল ব্যাকৰণ/অষ্টম অধ্যায়
অষ্টম অধ্যায়।
⸺:✱:⸺
সমাস প্ৰকৰণ।
১। দুটা বা অধিক পদ গোট খাই এটা হোৱাকে সমাস বোলা যায়।
সমাস আৰু সন্ধি এই দুই উপায়েৰে দুটা বা অধিক পদক গোট খুৱাব পাৰি। অসমীয়া ভাষাত প্ৰকৃত পক্ষত সন্ধি নাই, এই কথা আগত কোৱা হৈছে, কিন্তু সন্ধি নহলেও, সমাসৰ প্ৰচলন আছে। সন্ধি আৰু সমাসৰ ভিতৰত বিশেষ প্ৰভেদ এই যে, দুটা শব্দৰ সন্ধি হলে, সিহঁতৰ অৰ্থৰ লৰচৰ নহয়, আৰু বিভক্তিযুক্ত পদৰ ভিতৰতো সন্ধি হয়। কিন্তু সমাস হলে, আগৰ পদবিলাক বিভক্তি নাথাকে, নতুন পদটোত মাথোন বিভক্তি যোগ হয়। আৰু সমাস হোৱা পদবিলাকৰ অৰ্থৰ লৰচৰ হয়, কেতিয়াবা সিহঁতৰ অৰ্থ নাথাকেই, এটা নতুন অৰ্থ হয়। চমু কথা, ভিন ভিন পদৰ বিভক্তি গুচাই দিয়াই সমাসৰ কাৰ্য্য ৷ সন্ধিয়ে কেৱল পদবিলাকক যেনে আছে তেনেই জোৰাই থয় মাথোন, সমাসে সিহঁতক সানমিহলি কৰি এটা কৰে। সন্ধি আৰু সমাস কথা চুটি কৰিবৰ উপায়। কিন্তু অসমীয়া মানুহে প্ৰায় সেই দৰে কথা চুটি নকৰে। সেই দেখি অসমীয়া ভাষাত সকলো সময়ত সকলো পদৰ সমাস নহয়। কেতবিলাক প্ৰচলিত সমাস আছে, সেয়েই মাথোন
অসমীয়া সাহিত্যত ব্যৱহাৰ হয়।[ ১১৭ ] ২। সমাস মুঠত ছবিধ:— দ্বন্দ্ব, বহুব্ৰীহি, কৰ্ম্মধাৰয়, তৎপুৰুষ, দ্বিগু আৰু অব্যয়ীভাব। ইয়াৰ বাজেও নঞ বোলা এবিধ সমাস আছে, সি তৎপুৰুষ সমাসৰ অন্তৰ্গত।
৩। যি যি পদবিলাকৰ সমাস হয়, সিহঁতক ব্যস্ত পদ, আৰু সমাস হৈ উৎপন্ন হোৱা পদটোক সমস্ত পদ বোলে। আৰু যি বাক্যৰ পদবিলাকৰ সমাস হয়, সেই বাক্যটোক ব্যাস বাক্য বোলা যায়।
শূলপাণি এটা সমাস, ইয়াৰ অৰ্থ হৈছে, শূল আছে যাৰ পাণিত (হাতত) সি। শূলপাণি বুলিলে এই গোটেইটো কথা প্ৰকাশ পায়। তেনেহলে শূলপাণি পদটো শূল আছে যাৰ পাণিত সি, এই বাক্যটোৰ সলনি বহিছে অৰ্থাৎ এই বাক্যটো সমাসটোৰ ভাঙ্গনি। সমাস সম্বন্ধে, ব্যাকৰণত এই বাক্যটোক ব্যাস বাক্য বোলে। সমাসটোত দুটা পদ, শূল আৰু পাণি। ইহঁতৰ প্ৰত্যেকটোকে ব্যস্ত পদ বোলে, আৰু সমাস হৈ যেতিয়া শূলপাণি পদ হল, তেতিয়া তাক সমস্ত পদ বোলে।
৪। সমাস হলে ব্যস্ত পদবিলাকৰ বিভক্তি লোপ হয়, কেৱল সমস্ত পদটোত মাথোন বিভক্তি থাকে।
দ্বন্দ্ব সমাস।
৫। দুটা বা অধিক পদ গোট খাই এটা হলে, বা এটা পদেই অধিকক বুজালে, তাক দ্বন্দ্ব সমাস বোলে।
৬।দ্বন্দ্ব সমাস তিনি বিধ:— ইতবেতৰ, সমাহাৰ আৰু
একশেষ দ্বন্দ্ব। [ ১১৮ ]ইতৰেতৰ দ্বন্দ্ব।
৭। যি দ্বন্দ্ব সমাসত প্ৰত্যেক ব্যস্ত পদৰ অৰ্থ থাকে,
তাক ইতৰেতৰ দ্বন্দ্ব বোলে। ইতৰেতৰ দ্বন্দ্বৰ সমস্ত পদটো
সদায় বহুবচন হয়। যেনে, ৰাম আৰু লক্ষ্মণ = ৰামলক্ষ্মণ,
ৰাম আৰু ৰাৱণ = ৰামৰাৱণ, লৱ আৰু কুশ= লৱকুশ, ভীম
আৰু অৰ্জ্জুন = ভীমাৰ্জুন, লাই আৰু লেচাই = লাইলেচাই,
সেই দৰে ৰামকৃষ্ণ, হৰিহৰ, সুৰাসুৰ, আকাশ পাতাল, স্বৰ্গনৰ্ক,
শিকিয়াবিৰিয়া, ধেনুশৰ, গাখীৰগুড়, ধানচাউল, টকাকড়ি,
তিলকুশ, খাৰুমণি, ফোঁটৰেঘা, ঢাৰিপাটী, তেলপানী।
আৰু যেনে, আম আৰু কঁঠাল = আমকঁঠালবোৰ, হাঁহ
আৰু পাৰ = হাঁহপাৰবোৰ, বেঙেনা আৰু জনকীয়া = বেঙেনা-
জলকীয়াবোৰ, সেই দৰে ধানচাউলবোৰ, গৰুছাগলীবোৰ,
ধনসম্পত্তিবোৰ, কাপোৰকানিবোৰ, পাচিখৰাহিবোৰ।
আৰু যেনে, কনা, কুজা, আৰু ভেঙ্গুৰা = কনাকুজাভেঁঙ্গুৰা
বা কনাকুজাভেঙ্গুৰ; লৰা, বুঢ়া, আৰু ডেকা = লৰাবুঢ়াডেকা;
দধি, দুগ্ধ, আৰু মধু = দধিদুগ্ধমধু; মাহ, সৰিয়হ, আৰু
ধান = মাহসৰিয়হধান।
আৰু যেনে, ধনবিত আৰু কাপোৰ কানি = ধনবিত-
কাপোৰকানি, লৰা বুঢ়া আৰু মতামাইকী = লৰাবুঢ়ামতা-
মাইকী, ঘৰবাৰী আৰু খেতিপথাৰ = ঘৰবাৰীখেতিপথাৰ।
৮। দ্বন্দ্ব সমাসত গোট খোৱা পদবিলাকৰ ভিতৰত মান্য বুজুৱা পদ প্ৰায় আগত বহে। যেনে, ৰামলক্ষ্মণ, [ ১১৯ ] সুৰাসুৰ, দেৱদানৱ, কৃষ্ণবলৰাম, হৰিহৰ, বামুণশূদিৰ, গুৰুশিষ্য, বাইভনী।
৯। দ্বন্দ্ব সমাসত দীঘল পদ প্ৰায় শেষত বহে। যেনে, নৰনাৰায়ণ, নৰবানৰ, চন্দ্ৰদিবাকৰ, কৃষ্ণাৰ্জ্জুন, লক্ষ্মীসৰস্বতী, জয়পৰাজয়। ইয়াৰ ভিতৰত মান্যবোধক আৰু অমান্যবোধক পদৰ কোনো ভেদাভেদ নহয়, অৰ্থাৎ এই নিয়ম মতে মান্যবোধক হলেও দীঘল পদ পাচলৈ যায়।
১০। এই নিয়মৰ আৰু উদাহৰণ যেনে, আলিপদূলি, দাকুঠাৰ, ঘৰচোতাল, কাপমৈলাম, টেমিকটাৰী, ঢেকিখুবলি, শাকপাচলি, পাতপচলা, বেঙেনাজলকীয়া, ফুলচন্দন, খেতি- পথাৰ, নৈনলা, খেৰখাগৰি, মাহসৰিয়হ, তিলতুলসী, তামতুলসী, কলকুঁহিয়াৰ, মাহচাউল, মাছমগৰ, বাঘভালুক।
১১। দুটা বা অধিক বিশেষণ পদ বিশেষ্য পদৰ দৰে ব্যৱহাৰ হলে, সিহঁতৰো ইতৰেতৰ দ্বন্দ্ব সমাস হয়। যেনে, ভালমন্দ, ভালবেয়া, শিষ্টশান্ত, সাধুসন্ত, সজ অসজ।
১২। দ্বন্দ্ব সমাসত পাচত থকা নিশা আৰু ৰাত্ৰি শব্দ অ-কাৰান্ত হয়। যেনে, দিবা আৰু ৰাত্ৰি = দিবাৰাত্ৰ, অহঃ আৰু নিশা = অহৰ্নিশ; অহঃ আৰু ৰাত্ৰি = অহোৰাত্ৰ।
১৩। পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গ পদৰ সমাস হলে, স্ত্ৰীলিঙ্গ পদ প্ৰায় আগত বহে। যেনে, সাবিত্ৰীসত্যবান, ৰাধাকৃষ্ণ, লক্ষ্মীনাৰায়ণ, সীতাৰাম, তিৰীমুনিহ। অনেক সময়ত পুংলিঙ্গ পদ আগলৈ যায়। যেনে, হৰগৌৰী, মহাদেৱপাৰ্ব্বতী, [ ১২০ ] লৰাছোৱালী, দৰাকন্যা, গোপগোপিনী, নন্দযশোদা, কৃষ্ণৰুক্মিণী।
১৪। দ্বন্দ্ব সমাস হোৱা পদবিলাক প্ৰায় গোট খুৱাই এটা কৰি লিখা হয়, কিন্তু পদবিলাক দীঘল হলে, সিহঁতৰ মাজত একদেশ চিন দিয়া যায়। যেনে, হাঁহপাৰ, টেমিকটাৰী, কলকুঁহিয়াৰ, কিন্তু সম্ভাব্য-ভূত কাল, বিশেষণ-সৰ্ব্বনাম৷ পদবিলাকৰ সন্ধি হলে অৱশ্য একদেশ চিন থাকিব নোৱাৰে।
সমাহাৰ দ্বন্দ্ব।
১৫। যি দ্বন্দ্ব সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ অৰ্থৰ উপৰিও অন্য অৰ্থ বুজায়, তাক সমাহাৰ দ্বন্দ্ব বোলে। সমাহাৰ দ্বন্দ্বত সমস্ত পদ সদায় একবচন হয়। যেনে, নামৰ মাহচাউল, ঘৰৰ কাঁহীবাটি, বাৰীৰ আমকঠাল। ইয়াত মাহচাউল পদে মাহ, চাউল, কল, কুঁহিয়াৰ আদি সকলো. উপসাৰ বস্তু বুজাইছে; কাঁহী বাটি পদে কাঁহি, বাটি, লোটা, ঘটি, চৰিয়া আদি সকলো সাজ বুজাইছে; আৰু আমকঠাল পদে আম, কঠাল, লেটুক, পনিয়াল, টেঙ্গা, জৰা আদি বাৰীত হোৱা সকলে৷ ফল বুজাইছে, এতেকে সিহঁত সমাহাৰ দ্বন্দ্ব।
কোনটো সমাস ইতৰেতৰ আৰু কোনটো সমাহাৰ তাক ঠাৱৰাবলৈ হলে গোটেইটো বাক্যৰ ভাবটোলৈ মন কৰিব লাগিব। কোনোৱে যদি কয় বোলে এইখন গোপালৰ তামোল পাণৰ বাৰী আৰু সিখন আম কঠালৰ বাৰী, তেনেহলে বুজিব লাগিব যে, গোপালৰ এইখন বাৰীত [ ১২১ ] কেৱল তামোল আৰু পাণ আছে, আৰু সিখনত আম আৰু কঠাল আছে। গতিকে, ইয়াত তামোল পাণ আৰু আম কঠাল ইতৰেতৰ দ্বন্দ্ব হব। কিন্তু যদি কোৱা হয় যে, কালি নিশাৰ ধুমুহাই মানুহৰ তামোল পাণৰ বাৰী উপান্ত কৰিলে, তেনেহলে বুজিব লাগিব যে, মানুহৰ তামোল, পাণ, আম, কঠাল আদি বস্তুৰ বাৰী ধুমুহাই উপান্ত কৰিলে। ইয়াত তামোল পাণ অৱশ্য সমাহাৰ দ্বন্দ্ব হব। যথাৰ্থ পক্ষত বাক্যৰ ভাব অনুসাৰে ইতৰেতৰ দ্বন্দ্বও সমাহাৰ হব পাৰে। এই দুই সমাসৰ প্ৰভেদ সমস্ত পদৰ ৰূপৰ পৰা বুজা নাযায়, বাক্যৰ অৰ্থৰ পৰাহে বুজা যায়। সংস্কৃতত পদৰ ৰূপৰ পৰাও ইতৰেতৰ সমাহাৰ বুজা যায়, কিয়নো ইতৰেতৰত সমস্ত পদ বহুবচন আৰু সমাহাৰত সমস্ত পদ একবচন হয়। আৰু সংস্কৃতত বচন অনুসাৰে শব্দৰ ৰূপ ভিন হৈ পৰে। অসমীয়া ভাষাত তেনে নহয়, কেতিয়াবা কোনো শব্দত বহুবচনৰ চিন বোৰ, বিলাক যোগ হয়, কেতিয়াবা নহয়, তেও সি বহুবচন হয়। কিন্তু ৰাধাকৃষ্ণ, হৰিহৰ, চন্দ্ৰদিবাকৰ, এনেবিলাক পদ দেখোঁতেই ইতৰেতৰ, সিহঁত সমাহাৰ কেতিয়াও হব নোৱাৰে।
১৬। তা বা ত্ব অন্তত থকা ভাববোধক দুটা বা অধিক পদৰ সমাহাৰ দ্বন্দ্ব হলে, সিহঁতৰ আগৰ পদবিলাকৰ ত্ব তা গুচি শেষৰ পদত মাথোন থাকে। যেনে, দীৰ্ঘতা আৰু উচ্চতা = দীৰ্ঘউচ্চতা, ভদ্ৰতা আৰু অভদ্ৰতা = ভদ্ৰাভদ্ৰতা, লঘুত্ব আৰু গুৰুত্ব = লঘুগুৰুত্ব।
১৭। নাম ধাতুৰো দুটা বা অধিক পদৰ সমাহাৰ দ্বন্দ্ব হয়। সমাহাৰ দ্বন্দ্ব হলে সিহঁতৰ আগৰ বিলাক পদৰ প্ৰত্যয় গুচি কেৱল শেষৰটোত মাথোন থাকে। যেনে, দিবৰ আৰু [ ১২২ ] থবৰ = দিবথবৰ, খাবৰ আৰু লবৰ = খাবলবৰ, খাবলৈ আৰু = পিন্ধিবলৈ = খাবপিন্ধিবলৈ।
একশেষ দ্বন্দ্ব।
১৮। যি দ্বন্দ্ব সমাসত ব্যস্ত পদবিলাকৰ প্ৰথমটো মাথোন থাকে, বাকীবিলাক লোপ হয়, আৰু সেই প্ৰথমটো বহুবচন হয়, তাক একশেষ দ্বন্দ্ব সমাস বোলে। যেনে, ৰামৰ, কৃষ্ণৰ আৰু গোপালৰ ঘৰ = ৰামহঁতৰ ঘৰ; দদাইদেৱে, জেঠাদেৱে, আৰু ককাইদেৱে কৈছিল = দদাইদেউহঁতে কৈছিল; পিতাদেউৰ আৰু দদাইদেউৰ হাক বচন— পিতাদেউহঁতৰ হাক বচন।
বহুব্ৰীহি সমাস।
১৯। যি সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ অৰ্থ নুবুজাই আন এটা ভিন অৰ্থ বুজায়, তাক বহুব্ৰীহি সমাস বোলে। যেনে, নীলাম্বৰ এটা পদ, ইয়াৰ অৰ্থ হৈছে নীল কাপোৰ, কিন্তু বহুব্ৰীহি সমাস হলে, তাৰ সেই অৰ্থ নাথাকে। তেতিয়ী নীলাম্বৰ বুলিলে নীল কাপোৰ পিন্ধা মানুহ গৰাকীক হে বুজায়৷ সেইদৰে, পীত অম্বৰ যাৰ সি পীতাম্বৰ (শ্ৰীকৃষ্ণ), দিক হৈছে অম্বৰ যাৰ সি দিগম্বৰ (মহাদেৱ), চক্ৰ আছে পাণিত যাৰ সি চক্ৰপাণি (বিষ্ণু), দীৰ্ঘ হৈছে বাহু যাৰ সি দীৰ্ঘবাহু, মহৎ হৈছে বাহু যাৰ সি মহাবাহু, অল্প হৈছে মতি যাৰ সি অল্পমতি, শিশুৰ নিচিনা মতি যাৰ সি শিশুমতি, ব্যঞ্জন [ ১২৩ ] আছে অন্তত যাৰ সি ব্যঞ্জনান্ত, স্বৰ আছে অন্তত যাৰ সি স্বৰান্ত।
আৰু যেনে, চন্দ্ৰ হৈছে শেখৰ যাৰ সি চন্দ্ৰশেখৰ (সদাশিৱ), নষ্ট হৈছে বুদ্ধি যাৰ সি নষ্টবুদ্ধি, স্থিৰ হৈছে বুদ্ধি যাৰ সি স্থিৰবুদ্ধি। সেই দৰে, গতকাল, গতায়ুস্ অল্পায়ুস্, মহামতি, মহাশয়, দুষ্টবুদ্ধি, হতভাগ্য, হতজ্ঞান, হতশ্ৰী।
২০। ব্যস্ত পদবিলাকৰ শেষ পদ আ-কাৰান্ত হলে বহুব্ৰীহি সমাসত সি অ-কাৰান্ত হয়। যেনে, স্থিৰ হৈছে প্ৰতিজ্ঞা যাৰ সি স্থিৰপ্ৰতিজ্ঞ, কৃত হৈছে বিদ্যা যাৰ দ্বাৰা সি কৃতবিদ্য, সেই দৰে, ক্ষীণকায়, ক্ষুদ্ৰকায়৷
২১। ব্যস্ত পদবিলাকৰ শেষ পদ ঋ-কাৰান্ত বা ব্যঞ্জনান্ত হলে, সমস্ত পদৰ শেষত এটা ক হয়। যেনে, পূৰ্ণ হৈছে বয়স্ যাৰ সি পূৰ্ণবয়স্ক, অন্য পোনে মনস্ গৈছে যাৰ সি অন্যমনস্ক, নদী হৈছে মাতৃতুল্য যাৰ সি নদীমাতৃক।
২২। কৰ্ম্ম আৰু ধৰ্ম্ম শব্দ সমস্ত পদৰ শেষত থাকিলে, সিহঁত আ-কাৰান্ত হয়। যেনে, অকৃতকৰ্ম্মা, অকৰ্ম্মা, নিষ্কৰ্ম্মা, বিধৰ্ম্মা। অসমীয়াত ধৰ্ম্ম শব্দ ঈ-কাৰান্ত হয়। যেনে, বিধৰ্ম্মী, অধৰ্ম্মী।
২৩। অক্ষি আৰু নাভি শব্দ সমস্ত পদৰ শেষত থাকিলে, সিহঁত অ-কাৰান্ত হয়। যেনে, পুণ্ডৰীকৰ নিচিনা অক্ষি যাৰ সি পুণ্ডৰীকাক্ষ, পদ্মৰ নিচিনা নাভি যাৰ সি পদ্মনাভ।
২৪। জায়া শব্দ সমস্ত পদৰ শেষত থাকলে, সি জানি [ ১২৪ ] হয়। যেনে, যুবতী জায়া যাৰ সি যুবজানি, সেই দৰে, সীতাজানি (ৰাম)।
২৫। সহ আৰু সমান শব্দ সমস্ত পদৰ আগত থাকিলে, সিহঁতৰ স মাথোন থাকে, আৰু সহ (সহিত) শব্দৰ যোগত হোৱা সমস্ত পদৰ শেষত প্ৰায় এটা ক হয়। যেনে, কৰ্ম্মৰ সহিত আছে যি সি সকৰ্ম্মক, স্ত্ৰীৰ সহিত আছে যি সি সস্ত্ৰীক, সমান গোত্ৰ যাৰ সি সগোত্ৰ, সমান পিণ্ড যাৰ সি সপিণ্ড, সমান (একে) উদৰৰ পৰা জন্ম যাৰ সি সোদৰ। কেতিয়াবা সহ শব্দ তেনেই থাকে। যেনে, সহোদৰ।
২৬। গন্ধ শব্দৰ আগত সু (সুন্দৰ) শব্দ দি সমাস কৰিলে, তাৰ দুটা ৰূপ হয়, সুগন্ধ আৰু সুগন্ধি। স্বভাৱতে যাৰ গন্ধ ভাল সি সুগন্ধি, আৰু আন বস্তুৰ যোগত যাৰ গন্ধ ভাল হৈছে সি সুগন্ধ। যেনে, সুগন্ধি ফুল, সুগন্ধ বায়ু, জল ইত্যাদি।
২৭। বিশেষ্য আৰু বিশেষণ পদৰ বহুব্ৰীহি সমাস হলে, সংস্কৃতত বিশেষণ পদ আগত থাকে। তাৰ উদাহৰণ আগত দিয়া হৈছে। যেনে, স্থিৰ বুদ্ধি = স্থিৰবুদ্ধি, দুষ্ট মতি = দুষ্টমতি। কিন্তু অসমীয়াত বিশেষণ পদ পাচত বহে। যেনে, হিয়া যাৰ খাল সি হিয়াখাল, হাত যাৰ দীঘল সি হাতদীঘল, ৰদেই যত ঘাই সি ৰদঘাই। সেইদৰে, মাজডাঙৰ, কঁকালসৰু, জাৰঘাই, জহঘাই।
অসমীয়া ভাষাত বহুব্ৰীহি সমাসৰ নিয়ম যে অলপ [ ১২৫ ] বেলেগ, তাৰ আভাস ওপৰত দিয়া হৈছে। এতিয়া সেই বেলেগ নিয়মবিলাক বিশেষৰূপে উল্লেখ কৰা হব।
২৮৷ কৰ্ত্তা আৰু ক্ৰিয়াৰ বহুব্ৰীহি সমাস হলে, ক্ৰিয়া ভাববাচক কৃদন্ত পদ হয়, আৰু সেই ক্ৰিয়া অকৰ্ম্মক হলে, কৰ্ত্তাৰ বিভক্তি লোপ হয়। যেনে, হাঁহি উঠে যি কথাত সি হাঁহি উঠা কথা, দুখ লাগে যি বিষয়ত সি দুখ লগা বিষয়, পাত সৰিছে যি গছৰ সি পাত সৰা গছ। সেই দৰে, মানুহ মৰা ঘৰ, লৰা শোৱা পাটী, গৰু চৰা চাপৰি, বাঘ থকা হাবি, সাপ থকা গাঁত, কঁকাল পৰা গিৰী। ক্ৰিয়া সকৰ্ম্মক হলে কৰ্ত্তাৰ বিভক্তি লোপ নহয়। যেনে, বাঘে খাইছে যি গৰুক সি বাঘে খোৱা গৰু, লৰাই পঢ়ে যি পুথি সি লৰাই পঢ়া পুথি, চোৰে নিছে যি গৰু সি চোৰে নিয়া গৰু, ভূতে পাইছে যাক সি ভূতে পোৱা৷ সেই দৰে, গৰুৱে লোটা বাৰী, ঘুনে ধৰা বাঁহ, পৰুৱাই পোৱা মানুহ।
২৯। তুল্য অৰ্থত দুটা সংজ্ঞা শব্দৰ বহুব্ৰীহি সমাস হলে, তাৰ শেষৰ শব্দ যদি ব্যঞ্জনান্ত হয়, তেনেহলে তাত ঈয়া প্ৰত্যয় হয়, যদি সেই শব্দ উ বা ও কাৰান্ত হয়, তেনেহলে তাত ৱা প্ৰত্যয় হয়, আৰু তাৰ শেষ বৰ্ণৰ আগৰ আ মৰি অ হয়, ও মৰি উ হয়। যেনে, বেঙেনাৰ নিচিনা বোল যাৰ সি বেঙেনাবুলীয়া, লাৰ নিচিনা বোল যাৰ সি লাবুলীয়া, বাঘৰ নেজৰ নিচিনা বাঘনেজীয়া, বাঁহৰ নিচিনা পাত বাঁহপতীয়া। সেই দৰে, বটাপতীয়া, ধেনুভিৰীয়া, নলশিঙ্গীয়া, টাকুৰিশিঙ্গীয়া।[ ১২৬ ] ৩০। শৰীৰৰ অঙ্গ বুজুৱা শব্দেৰে সৈতে আন কোনো শব্দৰ বহুব্ৰীহি সমাস হলে, অঙ্গ বুজুৱা শব্দ শেষত বহে, আৰু সেই শব্দ ব্যঞ্জনান্ত হলে, তাত আ প্ৰত্যয় হয়, উ বা ও কাৰান্ত হলে ৱা প্ৰত্যয় হয়, আৰু তাৰ শেষ বৰ্ণৰ আগৰ আ মৰি অ হয়, ও মৰি উ হয়। যেনে, বৰ পেট যাৰ সি বৰপেটা, আপোনাৰ পেট মাথোন বুজে যি সি আপোনপেটা, কেৰা চকু যাৰ সি কেৰাচকুৱা, ওপৰলৈ চকু যাৰ সি ওপৰচকুৱা। সেইদৰে, উজলাদঁতা, খঁৰানকা, দীঘলনকা।
৩১। হাত, পিঠি, চুলি, নখ, কাণ, ঠেং, আঙ্গুলি আদি অঙ্গ বুজুৱা শব্দেৰে সৈতে আন কোনো শব্দৰ বহুব্ৰীহি সমাস হলে, অঙ্গ বুজুৱা শব্দ শেষত বহে, আৰু তাত ঈয়া প্ৰত্যয় হয়, সেই শব্দৰ শেষত ই বা ঈ-কাৰ থাকিলে সি লোপ হয়, আৰু তাৰ শেষ বৰ্ণৰ আগৰ আ মৰি অ হয়। যেনে, দীঘল হাত যাৰ সি দীঘলহতীয়া, তিনি পিঠি যাৰ সি তিনিপিঠীয়া, দীঘল চুলি যাৰ সি দীঘলচুলীয়া, সেই দৰে, পাঁচনখীয়া, হাতীকণীয়া, ছ-আঙ্গুলীয়া, দীঘলঠেঙীয়া।
৩২। মুখ শব্দেৰে সৈতে আন কোনো শব্দৰ বহুব্ৰীহি সমাস হলে, তাৰ খ লোপ হয়। যেনে, পশ্চিমমুৱা, নেউলমুৱা।
বহুব্ৰীহি সমাসৰ উদাহৰণ স্বৰূপে ইয়াত যিবিলাক অসমীয়া শব্দ দিয়া হৈছে, সেইবিলাক যথাৰ্থত বহুব্ৰীহি সমাস নহয় বুলি কোনো কোনো অসমীয়া পণ্ডিতে মত প্ৰকাশ কৰিছে। সিবিলাকে কয় বোলে [ ১২৭ ] বেঙেনাবুলীয়া, দীঘলচুলীয়া আদি পদবিলাক অন্য ৰকমে সিদ্ধ হৈছে। যেনে, বেঙেনাৰ বোল = বেঙেনাবোল ষষ্ঠীতৎপুৰুষ, ইয়াত তদ্ধিতৰ ঈয়া প্ৰত্যয় যোগ হৈ, বেঙেনাবুলীয়া পদ সিদ্ধ হৈছে। সেইদৰে, দীঘল- চুলি, কৰ্ম্মধাৰয় সমাস, তাতে তদ্ধিতৰ ঈয়া প্ৰত্যয় কৰি, দীঘলচুলীয়া পদ সিদ্ধ হৈছে। এতেকে সিহঁত বহুব্ৰীহি সমাস নহয়। এই কথা হব পাৰে, কিন্তু এনে বিধৰ শব্দবিলাকক বহুব্ৰীহি সমাস বুলি বহুত ব্যাকৰণবিৎ পণ্ডিতে গ্ৰহণ কৰিছে।
ব্যতিহাৰ বহুব্ৰীহি।
৩৩। পৰস্পৰ একে ৰকম কাৰ্য্য কৰা বুজাবলৈ দুই পদৰ যি সমাস হয়, তাক ব্যতিহাৰ বহুব্ৰীহি বোলে। এই সমাসত দুয়ো পদৰেই আদিৰ আ মৰি অ হয়, আৰু দ্বিতীয় পদৰ আদিৰ ও মৰি উ হয়, আৰু প্ৰথম পদ আ-কাৰান্ত আৰু দ্বিতীয় পদ ই-কাৰান্ত হয়। যেনে, হতাহতি, কণাকণি, কিলাকিলি, ধৰাধৰি, মৰামৰি, চুলিয়াচুলি, দবৰাদবৰি, বগৰাবগৰি, মুখামুখি, কোৱাকুই, মতামতি।
কৰ্ম্মধাৰয় সমাস।
৩৪। বিশেষ্য আৰু বিশেষণ পদৰ যি সমাস হয়, তাক কৰ্ম্মধাৰয় সমাস বোলে।
অসমীয়া ভাষাত যথাৰ্থ পক্ষত বিশেষ্য আক বিশেষণৰ সমাস নহয়। সংস্কৃত ভাষাত বিশেষ্য পদত যি বিভক্তি বিশেষণ পদতো সেই বিভক্তি হয়। সেই দেখি বিশেষণ পদৰ বিভক্তি গুচাই তাক বিশেষ্য পদৰ লগ লগাই সমাস কৰা যায়। ব্যস্ত পদবিলাকৰ বিভক্তি লোপ কৰাই হৈছে [ ১২৮ ] সমাসৰ ঘাই উদ্দেশ্য। অসমীয়াত বিশেষণত কোনো বিভক্তি যোগ নহয়, সমাস কৰি লোপ কৰিবলৈ তাত একো নাথাকে। এতেকে অসমীয়া ভাষাত বিশেষ্য আৰু বিশেষণৰ সমাসো হব নোৱাৰে। কিন্তু সেই বুলি যে অসমীয়াত কৰ্ম্মধাৰয় সমাসৰ ব্যৱহাৰ নাই, এনে নহয়। অনেক সময়ত বিশেষ্য আৰু বিশেষণ পদ গোট খাই এটা শব্দ যেন হয়, তেতিয়া তাক সমাস নুবুলি থাকিব নোৱাৰি। যেনে, পাচ দুৱাৰ, আগ চোতাল, উপৰি পুৰুষ, এনেবিলাক শব্দ সদায় এটা পদ যেন উচ্চাৰিত হয়। তেতিয়া, সমাসৰ সূত্ৰ অনুসাৰে সিহঁত সমাস নহলেও, ব্যৱহাৰত সমাস বুলি ধৰা হয়।
৩৫। কৰ্ম্মধাৰয় সমাসত বিশেষণ পদ প্ৰায় আগত বহে। যেনে, শুক্লবস্ত্ৰ, কৃষ্ণপক্ষ, মহানিদ্ৰা, মহাপুৰুষ, মহাজন, উচ্চগিৰি, আঙ্কীয়া নাট, জধামূৰ্খ, বিদগ্ধ পণ্ডিত, থুলন্তৰ পুৰুষ, ফেপা লৰা, পখৰা শিল, ৰাং কুকুৰ, ভীমকলা, ভুৰা মাছ, বোন্দা কাঁহ, মৰুভূমি, মৰচেঁওৰা।
৩৬। কৃদন্ত ক্ৰিয়া পদ বা সংখ্যাবোধক শব্দ বিশেষণ হলে, সি প্ৰায় শেষত বহে। যেনে, আলুপিটিকা, মাছভজা, সৰিয়হবটা, গামছা, কাণখোৱা, হটখোৱা, ঘৰপতা, গুৱাকটা, আলধৰা, বহিখোৱা, মৰংচোৱা, মাহ এক=মাহেক, সেইদৰে, বছেৰেক, পষেক, বাৰচেৰেক, হেজাৰেকৰ ভিতৰত গুটিয়েক, দিনচেৰেক।
৩৭। দুটা সংজ্ঞা শব্দৰ কৰ্ম্মধাৰয় সমাস হলে, এটাক আনটোৰ বিশেষণ পদ বা উপাধি বুলি ধৰা হয়। যেনে, [ ১২৯ ]
ঋষিব্যাস, গুৰুদ্ৰোণ, ব্ৰহ্মপুত্ৰনদ, কালীগোঁসানী, আইমাতৃ, পিতাদেউ, দদাইদেউ, বাপাদেও, ৰণশিঙ্গা।
আৰু যেনে, ফুকন ডাঙৰীয়া, কনকেশ্বৰ কাকতী, চিৰস্তাদাৰ ডাঙৰীয়া, চবডিপুটি ডাঙৰীয়া, কেৰাণী বাবু, হলধৰ টেকেলা; মহীৰাম দোকানী, কলিকতা নগৰ, সীতাহৰণ কাব্য, গজেন্দ্ৰ পুৰুষ, ৰায় বাহাদুৰ হিতেশ্বৰ বৰকটকী।
আৰু যেনে, মলামণি, মালতীফুল, খুটিগছা, বাদুলি গছা, বাদুলিসঁচাৰ, চোৰচাং, মাৰলঘৰ, পানীচাং, পানীদুৱাৰ, বাটচৰা, মেলচৰা, মাটিকঠাল, গোলাঘৰ, ঘাটমাউৰা, বনমানুহ, বনভোজ, বনবিৰলী, পোনামাছ, গড়ৈচিৰিকা, শলঠাৰি, কাৱৈটিলিকা, বৰালিলেটা।
৩৮। এটা বিশেষ্য পদৰ কেইবাটাও বিশেষণ থাকিলে, সিহঁতৰো কৰ্ম্মধাৰয় সমাস হয়। যেনে, হৃষ্টপুষ্ট, দীঘলডাঙৰ, মৃদুমধুৰ।
৩৯। দুটা সংখ্যাবোধক শব্দৰো কৰ্ম্মধাৰয় সমাস হয়। যেনে, চতুৰ্দ্দশ, ত্ৰিবিংশতি, সাতপাঁচ।
৪০। অন্য শব্দেৰে সৈতে কৰ্ম্মধাৰয় সমাস হলে, অন্য অন্তৰ হয়।যেনে, অন্য দ্বীপ = দ্বীপান্তৰ, অন্য লোক = লোকান্তৰ, অন্য দেশ = দেশান্তৰ। কিন্তু অসমীয়াত দেশান্তৰী।
৪১।আধা শব্দেৰে সৈতে কৰ্ম্মধাৰয় সমাস হলে, আধা আদ্ হয়। যেনে, আদমোণ, আদ্সেৰ, ( মৌখিক
৯
আধেৰ ), আদ্তোলা (মৌখিক আতোলা ), আদ্ টি = আদুটি
৪২। এটা বস্তুৰে সৈতে আন এটাক ৰিজালে, সিহঁতৰ কৰ্ম্মধাৰয় সমাস হয়, সমাস হলে ৰিজনি অব্যয় শব্দ লোপ হয়। সেই অব্যয় শব্দ দুই পদৰ মধ্যৰ পৰা লোপ হলে, তাক মধ্যপদলোপী কৰ্ম্মধাৰয়, আৰু দুই পদৰ অন্তৰ পৰা লোপ হলে, তাক অন্ত্যপদলোপী কৰ্ম্মধাৰয় বোলে। যেনে, পদ্মৰ নিচিনা লোচন = পদ্মলোচন, অগ্নিৰ নিচিনা বাণ = অগ্নিবাণ, পানীৰ নিচিনা থিৰ নমৰা কেচুৱা = পানীকেচুৱা, সোণৰ নিচিনা তৰা = সোণতৰা। এইবিলাকৰ ৰিজনি অব্যয় নিচিনা পদৰ মাজৰপৰা লোপ হৈছে। এতেকে
সিহঁত মধ্যপদলোপী কৰ্ম্মধাৰয়। আৰু মুখ চন্দ্ৰৰ নিচিনা = মুখচন্দ্ৰ, বিদ্যা সাগৰৰ নিচিনা = বিদ্যাসাগৰ, জ্ঞান ৰত্নৰ নিচিনা= জ্ঞানৰত্ন, চিন্তা অনলৰ নিচিনা = চিন্তানল। এইবিলাকৰ ৰিজনি অব্যয় নিচিনা পদ দুটাৰ শেষৰ পৰা লোপ হৈছে। এতেকে সিহঁত অন্ত্যপদলোপী কৰ্ম্মধাৰয়।
৪৩। দুটা বস্তু ৰিজালে যি কৰ্ম্মধাৰয় সমাস হয়, সি দুবিধ :—উপমিত কৰ্ম্মধাৰয় আৰু ৰূপক কৰ্ম্মধাৰয়।
৪৪। যি কৰ্ম্মধাৰয় সমাসত উপমাৰ পদটো আগত থাকে, তাক উপমিত কৰ্ম্মধাৰয় বোলা যায়। যেনে, চন্দ্ৰমুখ। ইয়াত চন্দ্ৰ হৈছে উপমাৰ পদ, সি আগত আছে।
8৫। যি কৰ্ম্মধাৰয় সমাসত উপমাৰ পদটো পাচত [ ১৩১ ]
থাকে, আৰু তাকেই প্ৰধান কৰি ধৰা যায়, তাক ৰূপক কৰ্ম্মধাৰয় বোলে। যেনে, মুখচন্দ্ৰ। ইয়াত উপমাৰ পদ চন্দ্ৰ পাচত আছে। আৰু তাকেই প্ৰধান কৰি ধৰা হৈছে, অৰ্থাৎ মুখখনকেই চন্দ্ৰ বোলা হৈছে।
৪৬। কৰ্ম্মধাৰয় সমাসত সমস্ত পদৰ শেষত থকা ৰাজা শব্দ কেতিয়াবা ৰাজ হয়, নহৈও থাকে। যেনে, মহাৰাজ বা মহাৰাজা।
৪৭। কৰ্ম্মধাৰয় সমাসত পুৰুষ শব্দৰ আগত থকা কু শব্দ কা হয়, নহৈও থাকে। যেনে, কাপুৰুষ বা কুপুৰুষ।
৪৮। কৰ্ম্মধাৰয় সমাসত পূৰ্ব্ব, মধ্য আৰু অপৰ শব্দৰ পাচত থকা অহন্ শব্দ অহ্ন হয়। যেনে, পূৰ্ব্বাহ্ণ, মধ্যাহ্ণ, অপৰাহ্ণ ( ন ণ হৈছে, ণত্ববিধি চোৱাঁ )
তৎপুৰুষ সমাস।
৪৯। যি সমাসত আদিৰ ব্যস্ত পদ প্ৰথমাৰ বাজে আন বিভক্তিত থাকে, আৰু শেষ ব্যস্ত পদৰ অৰ্থই প্ৰধান হয়, তাক তৎপুৰুষ সমাস বোলে। এই সমাস কেৱল দুটা পদৰ ভিতৰতহে হয়।
৫০। তৎপুৰুষ সমাস ছবিধ :—দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী, আৰু সপ্তমী তৎপুৰুষ।
দ্বিতীয়া তৎপুৰুষ।
৫১। সমাস হোৱা ব্যস্ত পদৰ প্ৰথমটোত দ্বিতীয়া বিভক্তি থাকিলে, তাক দ্বিতীয়া তৎপুৰুষ বোলে।যেনে, [ ১৩২ ]
গঙ্গাক পায়=গঙ্গাপ্ৰাপ্তি, স্বৰ্গক পায়=স্বৰ্গপ্ৰাপ্তি, নৰক হত্যা কৰে=নৰহত্যা, লক্ষক ভেদ কৰে=লক্ষভেদ, প্ৰাণক পণ কৰে=প্ৰাণপণে, গুৰুক সেৱা কৰে=গুৰুসেৱা। সেইদৰে, ভকতসেৱা, ঠাকুৰসেৱা, বলিয়াসেৱা, সেৱাচুৰ, দৰাবৰণ, বিদ্যাৰম্ভ, মাতৃপূজা, ৰাৱণবধ, বলিছলন, মধুসূদন।
তৃতীয়া তৎপুৰুষ।
৫২। সমাস হোৱা ব্যস্ত পদৰ প্ৰথমটোত তৃতীয়া বিভক্তি থাকিলে, তাক তৃতীয়া তৎপুৰুষ বোলে। যেনে, ভৱভূতিৰ দ্বাৰা প্ৰণীত=ভৱভূতিপ্ৰণীত, অগ্নিৰ দ্বাৰা দগ্ধ=অগ্নিদগ্ধ, দাৰে কটা=দাকটা।
৫৩। অসমীয়াত অনেক সময়ত তৃতীয়াৰ এৰে বিভক্তিৰ
ৰে মাথোন লোপ হয়, এ থাকে। যেনে, হাতেৰে বোৱা=হাতেবোৱা, নিজ কাণেৰে শুনা=নিজকাণে শুনা, চকুৱেৰে দেখা=চকুৱেদেখা।
চতুৰ্থী তৎপুৰুষ।
৫৪। সমাস হোৱা ব্যস্ত পদৰ প্ৰথমটোত চতুৰ্থী বিভক্তি থাকিলে, তাক চতুৰ্থী তৎপূৰুষ বোলে। যেনে, দেৱক দিয়া হৈছে=দেৱদত্ত।
পঞ্চমী তৎপুৰুষ।
৫৫। সমাস হোৱা ব্যস্ত পদৰ প্ৰথমটোত পঞ্চমী বিভক্তি থাকিলে, তাক পঞ্চমীতৎপুৰুষ বোলে। যেনে, যোগৰ পৰা ভ্ৰষ্ট=যোগভ্ৰষ্ট, পদৰ পৰা চ্যুত=পদচ্যুত, [ ১৩৩ ]
ধৰ্ম্মৰ পৰা ভীৰু=ধৰ্ম্মভীৰু, গছৰ পৰা সৰা=গছসৰা, গজৰ পৰা হোৱা মুক্তা=গজমুক্তা
ষষ্ঠী তৎপুৰুষ।
৫৬। সমাস হোৱা ব্যস্ত পদৰ প্ৰথমটোত ষষ্ঠী বিভক্তি থাকিলে, তাক ষষ্ঠী তৎপুৰুষ বোলে। যেনে—দেৱৰ আলয়=দেৱালয়, গঙ্গাৰ জল=গঙ্গাজল, পৰৰ অধীন=পৰাধীন, নৰৰ পতি=নৰপতি বা নৃপতি। সেইদৰে, তালপাত, কলপাত বা কলাপাত, কলডিল, কলফুল বা কলাফুল, গুৱালগালি, ৰদকাঁচিয়লি, কন্যাবুলন, সোণচেকুৰা, কপাহ-জোলা, মাছখুতুৰা, নাওমান, (মৌখিক নাউমান )= নামৰ মান অৰ্থাৎ নামমাত্ৰ, ধনভঁৰালী, ধনগুলৈ, ডেকাচাং, হাতীদাঁত, কিন্তু হস্তিদন্ত।
সংস্কৃত ভাষাত যিবিলাক শব্দ তদ্ধিতৰ ইন্ বা কৃতৰ ণিন্ প্ৰত্যয় যোগ দি সিদ্ধ কৰা হয়, সেইবিলাক শব্দৰ প্ৰথমা বিভক্তিৰ এক বচনৰ ৰূপটোক অসমীয়া ভাষাত মূল শব্দ বুলি ধৰা যায়, আৰু তাৰ অসমীয়া প্ৰথমাদি বিভক্তি যোগ দিয়া যায়। যেনে, ধন+ইন্=ধনিন্, প্ৰথমা বিভক্তিৰ এক বচনত ধনী। সেইদৰে, উপ- কৃ + নিন্ = উপকাৰিন্, প্ৰথমা বিভক্তিৰ একবচনত উপকাৰী। কিন্তু অসমীয়াত ধনী আৰু উপকাৰী মূল শব্দ হয়, আৰু সিহঁতত অসমীয়া সকলো বিভক্তি যোগ হয়। যেনে, ধনীয়ে উপকাৰীয়ে, ধনীক উপকাৰীক। হস্তী শব্দও সংস্কৃত ব্যাকৰণমতে হস্ত শব্দত তদ্ধিতৰ ইন্ প্ৰত্যয় কৰি সিদ্ধ হৈছে হস্ত+ইন্=হস্তিন্, তাত প্ৰথমাৰ একবচনৰ বিভক্তি যোগ দিয়াত, পুংলিঙ্গত হস্তী হৈছে। এই পদক অসমীয়াত মূল শব্দ বুলি ধৰি, তাত [ ১৩৪ ]
নানা অসমীয়া বিভক্তি যোগ দিয়া হয়। অসমীয়াত হস্তীক হাতী বোলা যায়। এতেকে হাতীৰ দাঁত সমাসত হাতীদাঁত হয়। কিন্তু,
সংস্কৃতত হস্তিনঃ দন্তঃ, সমাসত হস্তিদন্ত হয়। গভীৰ ভাবৰ অসমীয়া ৰচনাত সংস্কৃত শব্দ ব্যৱহাৰ কৰিব পাৰি। কিন্তু সংস্কৃত শব্দ ব্যবহাৰ কৰিলে তাৰ আখৰ যোটনি সংস্কৃত ব্যাকৰণৰ নিয়মমতে কৰা হয়। এতেকে হস্তিদন্ত লিখিলে হ্ৰস্ব ই-কাৰ আৰু হাতীদাঁত লিখিলে দীৰ্ঘ ঈ-কাৰ হয়।
৫৭। দাস শব্দেৰে সৈতে সমাস হলে, কালী, চণ্ডী, দেবী আদি শব্দৰ ঈ মৰি ই হয়। যেনে, কালিদাস, চণ্ডিদাস, দেবিদাস।
সপ্তমী তৎপুৰুষ।
৫৮। সমাস হোৱা ব্যস্ত পদৰ প্ৰথমটোত সপ্তমী বিভক্তি থাকিলে, তাক সপ্তমী তৎপুৰুষ বোলে। যেনে, পিতৃত ভক্তি=পিতৃভক্তি, বনত বাস = বনবাস, বণত পণ্ডিত=বণপণ্ডিত। সেইদৰে, তলসৰা, গছপকা, জপাপূৰণি, ঘৰওপজা, দিনকণা, ধনহীন, থলবলী।
দ্বিগু সমাস।
৫৯। যি সমাসৰ প্ৰথম ব্যস্ত পদ সংখ্যাবোধক তাক দ্বিগুসমাস বোলে।
প্ৰথমত সংখ্যাবোধক শব্দ থাকিলেই যে দ্বিগু সমাস হয়, তেনে নহয়। দুই, তিনি, চাৰি আদি সংখ্যাৰ সমাহাৰ হলেহে, অৰ্থাৎ সিহঁতক মুঠ কৰি এটা বুলি ধৰিলেহে, দ্বিগু সমাস হয়। তিনি বামুণ বা চাৰি শূদিৰ দ্বিগু সমাস নহয়। কাৰণ ইয়াত সংখ্যা কেইটাৰ [ ১৩৫ ]
সমাহাৰ হোৱা নাই। সেইদৰে, তিনি ভুবন দ্বিগু সমাস নহয়। কাৰণ তিনি ভুবন শব্দে স্বৰ্গ, মৰ্ত্য আৰু পাতাল, এই তিনি ভুবন
বুজাইছে। কিন্তু ত্ৰিভূবন দ্ভিগু সমাস। কিয়নো, সেই শব্দে তিনিও ভুবনক এক কৰি গোটেইখন বিশ্বক বুজাইছে, অৰ্থাৎ তাত তিনি
সংখ্যাৰ সমাহাৰ হৈছে।
দ্বিগু সমাসৰ উদাহৰণ :—ত্ৰিনয়ন, চতুৰ্ভুজ, তিনিমুনি (বাট), চৌপৰ (ৰাতি), দুপৰ, (বেলি), তিনিগধূলি, সাতবিহু, পঞ্চামৃত, সাতামপুৰুষ, বাৰেমতৰা, বাৰেতিকাল বা বাৰেওতিকাল। বাৰেপাচি (এইবিলাক শব্দত বাৰ বাৰে হয় ), বাৰমিহলি, বাৰবাখৰ, চৌঠেঙ্গীয়া, সাতসৰী, দোমাহী, দোমোজা, সাতঘোঁকট।
৬০। কোনো কোনো দ্বিগু সমাসত শেষ শব্দত ঈ-কাৰ হয়। যেনে, পঞ্চবটী, ত্ৰিপদী, চতুষ্পদী, শতাব্দী, চৌৰাঙ্গী, সাতশাকী।
নঞ্ সমাস।
৬১। অভাৱ, সদৃশ, ভিন্ন, অল্প, বিৰোধী আৰু অপ্ৰশস্ত, এইবিলাক ভাব বুজুৱা ন ৰে সৈতে আন পদৰ যি সমাস হয়, তাক নঞ সমাস বোলে। এই সমাস তৎপুৰুষ সমাসৰ অন্তৰ্গত।
৬২। নঞ্ সমাসত ন ৰ পাচত স্বৰবৰ্ণ থাকিলে ন অন্ হয় আৰু ব্যঞ্জনবৰ্ণ থাকিলে ন অ হয়। এই অ অসমীয়াত
কেতিয়াবা আ, কেতিয়াবা এ হয়। যেনে, ন+উচিত= [ ১৩৬ ]
অনুচিত, ন+ইচ্ছা= অনিচ্ছা, ন+ঈশ্বৰ অনীশ্বৰ, কিন্তু ন+কাল=অকাল, ন+মানুহ=অমানুহ, ন+ধৰ্ম্ম=অধৰ্ম্ম, ন+কাজী=অকাজী, বা আকাজী বা একাজী ন+বতৰ=অবতৰ বা আবতৰ।
৬৩।দণ্ড শব্দৰ আগৰ ন উ হয়। যেনে, ন+দণ্ড=উদণ্ড।
নঞ সমাসত ন ৰ ভিন ভিন অৰ্থৰ উদাহৰণ। যেনে,
অভাব অৰ্থত ন :—অধৰ্ম্ম, অপাপ, অবিবেচনা, অহিত।
সদৃশ অৰ্থত ন :—অব্ৰাহ্মণ।
ভিন্ন অৰ্থত ন :—অলৌকিক, অসবৰ্ণ, অসময়।
অল্প অৰ্থত ন :—অকেশী।
বিৰোধী অৰ্থত ন :—অসুৰ, অৰীতি, অনীতি, অবিধি।
অপ্ৰশস্ত অৰ্থত ন :— অকাল, অজ্ঞান, অবাট।
অব্যয়ীভাব সমাস।
৬৪। সমীপ, অভাব, পশ্চাৎ, যোগ্যতা, অনতিক্ৰম, সদৃশ, পৰ্য্যন্ত আৰু বীপ্সা (একে সময়তে হোৱা ), এইবিলাক ভাবৰ অব্যয় শব্দেৰে সৈতে আন শব্দৰ যি সমাস হয়, তাক অব্যয়ীভাব সমাস বোলে।
৬৫। এই সমাসত পদৰ পাচত থকা অব্যয় শব্দ তাৰ আগলৈ যায়। যেনে,
সমীপ অৰ্থৰ উপ অব্যয়েৰে হোৱা সমাস:—কূলৰ সমীপ, কূলৰ উপ উপকূল, বনৰ সমীপ, বনৰ উপ=উপবন। [ ১৩৭ ]
অভাব অৰ্থৰ ন, নিৰ্ আদি অব্যয়েৰে হোৱা সমাস। অব্যয় পদৰ আগত:— সুখৰ অভাব=অসুখ, ৰোগৰ অভাব=নীৰোগ, দায়ৰ অভাৱ=নিৰ্দ্দায়। সেইদৰে, দুৰ্ভিক্ষ, নিৰ্ব্বিঘ্ন, বিনাধন।
পশ্চাৎ অৰ্থৰ অনু অব্যয়েৰে হোৱা সমাস। অব্যয় পদৰ আগত:—পাচত যায় = অনুসৰণ, পাচত চাই কৰে=অনুকৰণ, পাচত যায় যি=অনুচৰ।
যোগ্য অৰ্থৰ প্ৰতি অব্যয়েৰে হোৱা সমাস। অব্যয় পদৰ আগত:—ৰূপৰ যোগ্য=প্ৰতিৰূপ, আকৃতিৰ যোগ্য=প্ৰতিকৃতি, শব্দৰ যোগ্য=প্ৰতিশব্দ।
অনতিক্ৰম অৰ্থৰ যথা অব্যয়েৰে হোৱা সমাস। অব্যয় পদৰ আগত:—শক্তিক অতিক্ৰম নকৰি=যথাশক্তি, বিধিক
অতিক্ৰম নকৰি=যথাবিধি।
সদৃশ অৰ্থৰ অনু আৰু উপ অব্যয়েৰে হোৱা সমাস। অব্যয় পদৰ আগত:—ৰূপৰ সদৃশ=অনুৰূপ, স্বৰৰ(মাতৰ)
সদৃশ কৰা=অনুকাৰ, দ্বীপৰ সদৃশ=উপদ্বীপ।
পৰ্য্যন্ত অৰ্থৰ যাবৎ আৰু আ অব্যয়েৰে হোৱা সমাস। অব্যয় পদৰ আগত:—জীৱন যাবৎ=যাবজ্জীৱন বা আজীৱন, কণ্ঠ পৰ্য্যন্ত=আকণ্ঠ, জানু( আঠু )পৰ্য্যন্ত=আজানু।
বীপ্সা অৰ্থৰ প্ৰতি, অনু আদি অব্যয়েৰে হোৱা সমাস। অব্যয় পদৰ আগত:— দিনে দিনে=প্ৰতিদিন, ঘৰে ঘৰে=প্ৰতিঘৰে, ক্ষণে ক্ষণে=অনুক্ষণ, ক্ৰমে ক্ৰমে=অনুক্ৰমে। [ ১৩৮ ]
৬৬। অব্যয়ীভাব সমাসত সহ শব্দৰ হ লোপ হয়, স মাথোন থাকে। যেনে, পুত্ৰ সহ=সপুত্ৰ, পৰিবাৰ সহ=সপৰিবাৰ, বান্ধৱ সহ=সবান্ধৱ, বংশ সহ=সবংশ।
৬৭। তলত দিয়া পদবিলাক অনিয়মিত, অৰ্থাৎ নিপাত
নত সিদ্ধ হোৱা অব্যয়ীভাব সমাস:— অক্ষিৰ অভিমুখ=প্ৰত্যক্ষ, অক্ষিৰ অগোচৰ=পৰোক্ষ, অক্ষিৰ সমীপ=সমক্ষ, প্ৰাপ্ত দক্ষিণক= পদক্ষিণ, ইত্যাদি।
নিত্য সমাস।
৬৮। ওপৰত যিবিলাক সমাসৰ কথা উল্লেখ কৰা হৈছে, সেইবিলাক সমাস লিখকৰ ইচ্ছাধীন, অৰ্থাৎ তেওঁ সেই পদবিলাকৰ সমাস কৰিও ব্যৱহাৰ কৰিব পাৰে, বা সমাস নকৰাকৈও এৰিব পাৰে। কিন্তু কেতবিলাক যুটীয়া শব্দ আছে, যাক যোগ লগাই নিলিখিলে নহয়, অৰ্থাৎ সিহঁতক সমাস আকাৰত নথলেই নচলে। তেনেকুৱা যুটীয়া শব্দবিলাকক নিত্য সমাস বোলা হয়। যথাৰ্থ পক্ষত, সমাসৰ সূত্ৰ অনুসাৰে সিহঁতৰ সমাস নহয়, তথাপি দুটা শব্দ সদায় গোট খাই থকা বাবেই সিহঁতক সমাস বোলা যায়। আন এটা পদেৰে সৈতে কৃদন্ত পদৰ যি সমাস হয়, সি এই শ্ৰেণীৰ সমাস, আৰু উপসৰ্গেৰে সৈতে ধাতুৰ যি সমাস হয় সিও এই শ্ৰেণীৰ সমাস। যেনে, জলত চৰে=জলচৰ, কুম্ভ কৰে=কুম্ভকাৰ, ইত্যাদি। ইয়াত জল পদ চৰ কৃদন্ত পদেৰে সৈতে, আৰু কুম্ভ পদ কাৰ [ ১৩৯ ] কৃদন্ত পদেৰে সৈতে গোট খাই আছে, সেই দেখি সিহঁতক সমাস বোলা হয়। আৰু প্ৰ—হৃ+ঘঞ্ =প্ৰহাৰ, উপ— কৃ+নিন্=উপকাৰী। এই দুটা উপসৰ্গেৰে সৈতে হোৱা ধাতুৰ সমাস। ইহঁতক কেতিয়াও বিলগ কৰি থব নোৱাৰি। এতেকে সিহঁত নিত্য সমাস।