যেনে, জাঁপৰ—জঁপৰা, ফাঁপৰ—ফঁপৰা, ভোবৰ—ভোবৰা বা ভোবোৰা।
ইয়াৰ।
৮১। সদায় কৰে, এই অৰ্থত, কোনো কোনো শব্দত ইয়াৰ প্ৰত্যয় হয়। যেনে, সদায় যোগায়, যোগান—যোগনিয়াৰ, সদায় মাগে, মাগন —মগনিয়াৰ। সেইদৰে, খাটনি —খাটনিয়াৰ, ভগন— ভগনিয়াৰ, বন্দী—বন্দিয়াৰ, ফন্দি— ফন্দিয়াৰ, ফুট—ফুটিয়াৰ (গুপ্ত কথাৰ বুজপোৱা লোক)।
৮২। ভোজনত তৎপৰ, এই অৰ্থত ভোজন শব্দত ইয়াৰ প্ৰত্যয় হয়। যেনে, ভোজন—ভোজনিয়াৰ।
৮৩। দেখিবলৈ শুৱনি, এই অৰ্থত, দেখন শব্দত ইয়াৰ প্ৰত্যয় হয়। যেনে, দেখন—দেখনিয়াৰ।
ই, এ।
৮৪। ক্ৰিয়াৰ গুণ বুজাবলৈ বিশেষ্য আৰু বিশেষণ পদৰ আকাৰান্ত বিলাকত ই আৰু আনবিলাকত এ প্ৰত্যয় হয়। যেনে, ভালে আছে, শীঘ্ৰে যাম, সোনকালে আহিবা, বামে গল, পানীয়ে যাব, শুদাই খালে।
৮৫। এনেবিলাক শব্দ কেতিয়াবা দুবাৰ উক্ত হয়। যেনে, মনে মনে থাক, হাতে হাতে দিবি, লাহে লাহে যাবি, নাৱে নাৱে ফুৰিছে, গাৱে গাৱে জনাইছে, ধীৰে ধীৰে কৰ, ইত্যাদি।