যেনে, দুডাল বাঁহ। কিন্তু সি সংজ্ঞা শব্দৰ পাচত থাকিলে দুয়ো অৰ্থ বুজাব পাৰে। যেনে, বাঁহ দুডাল। ইয়াত যেই সেই দুডাল বাঁহেো বুজাব পাৰে, বা আগে আনি থোৱা বা উল্লেখ কৰা বিশেষ বাহ দুডালকো বুজাব পাৰে।
১১২। বিশেষ্য বিশেষণৰ ভিতৰত বিশেষ্য পদ উহ্য থাকিল, প্ৰত্যয়টো বিশেষণতে যোগ হয়। যেনে, সৰুটো দিয়া ডাঙৰটো ৰাখা, অৰ্থাৎ সৰু বস্তুটো দিয়া, ডাঙৰ বস্তুটো ৰাখা। দুজনী ছাগলীৰ, কলীজনী বাঘে খালে, বগীজনী আছে, ইত্যাদি।
১১৩। ডাল, খন, গছ, পাট, আৰু চটা, সধাৰণতঃ মানুহ বুজুৱা শব্দৰ পাচত ব্যৱহাৰ নহয়, কিন্তু নিন্দাৰ্থত কেতিয়াবা ডাল আৰু পাট ব্যৱহাৰ৷ যেনে, এই মানুহডালক বা এই লৰাপাটক নেদেখিছ। মোৰ যি পাটহে লৰা, তেওঁ আমাক নিস্তাৰ কৰিব।
এ, এই।
১১৪। কোনো বস্তু, জন্তু, বা মানুহক ডঢ়াই দেখুৱাবলৈ অব্যয় শব্দৰ বাজে প্ৰায় সকলো বিধ শব্দত এ বা এই প্ৰত্যয় যোগ হয়। যেনে, গোপালেই গৈছিল, ময়ে বা ময়েই দিছিলোঁ, ভালে ভালেই হল, অথনিয়ে বা অথনিয়েই গল। ভবিষ্যৎ কাল বুজালে কেতিয়াবা এই অৰ্থত এ বা এই প্ৰত্যয়ৰ সলনি কে প্ৰত্যয় হয়। যেনে, সি, কালিলৈকে বা কাইলৈকে যাব।