বাস, দাঁতি—দাঁতিয়াল। সেইদৰে, নদীয়াল, হাৰিয়াল, চকীয়াল, ফাঁকিয়াল।
আছে অৰ্থত:—ৰাগীয়াল, মুখাল, নেজাল, মঙ্গহাল,
নোমাল, পেটাল, দয়াল, কপাল, বিষাল, ধোন্দাল।
আৰু যেনে, ( আছে অৰ্থত ) খং – খঙাল বা খঙ্গাল,
জোং—জোঙাল বা জোঙ্গাল, ৰং—ৰঙুৱাল বা ৰঙ্গুৱাল।
ইয়াল।
৬৯। আছে অৰ্থত, কোনো কোনো শব্দত ইয়াল প্ৰত্যয় হয়। ইয়াল প্ৰত্যয় হলে, শব্দৰ শেষৰ অনুম্বাৰ ঙ বা ঙ্গ হয়। যেনে, মৰম—মৰমিয়াল, সাহ—সাহিয়াল, ৰং— ৰঙিয়াল বা ৰঙ্গিয়াল।
উৱাল, ওৱাল।
৭০। আছে বা থাকে অৰ্থত, কোনো কোনো শব্দত উৱাল প্ৰত্যয় হয়। যেনে, পাহ আছে, পাহ—পাহুৱাল। সেইদৰে, ভিতৰুৱাল। কোনো শব্দত উৱাল ওৱাল হয়। যেনে, ফাঁট—ফাঁটোৱাল, গৌ—গুৱাল।
আলি, আই, অৰি।
৭১। ভাবাৰ্থত বা ব্যৱসায় বুজাবলৈ শব্দৰ পাচত আলি, আই, আৰু অৰি প্ৰত্যয় হয়। যেনে (ভাবাৰ্থত আলি), টেঙৰ—টেঙৰালি চতুৰ—চতুৰালি, দুষ্ট—দুষ্টালি, অজলা—অজলালি, নজনা—নজনালি, লৰা—লৰালি, আমঠ— আমঠালি, আজল্মঠ—আজল্মঠালি, আকোৰগোঁজা—