১০। এই প্ৰত্যয়বিলাকৰ কেতবিলাক অপত্য অৰ্থৰ
বাজে অন্য অৰ্থতো শব্দত যোগ হয়। যেনে,
ষ্ণ স্বাৰ্থত:— বন্ধু – বান্ধব, ইত্যাদি।
ষ্ণ ভাবাৰ্থত :— গুৰু – গৌৰৱ, লঘু – লাঘব, শিশু –
শৈশৱ ইত্যাদি।
ষ্ণ সেৱক অৰ্থত :—বিষ্ণু – বৈষ্ণৱ, শিৱ– শৈৱ, শক্তি-
শাক্ত, ইত্যাদি।
ষ্ণ সঙ্গত অৰ্থত:— বিধি—বৈধ, অবিধি—অবৈধ,
ইত্যাদি।
ষ্ণ্য ভাবাৰ্থত:— কৰুণা-কাৰুণ্য, সমীপ—সামীপ্য, ধীৰ
— ধৈৰ্য্য, গম্ভীৰ – গাম্ভীৰ্য্য। সেইদৰে, দৈৰ্ঘ্য, চাঞ্চল্য,
তাৰতম্য, ইত্যাদি।
ষ্ণ্য উদ্ভৱ অৰ্থত, অৰ্থাৎ ইয়াত জন্মিছে, এই অৰ্থত :—
গ্ৰাম—গ্ৰাম্য, বন—বন্য, ইত্যাদি।
সম্পৰ্ক বুজাবলৈ কোনো কোনো শব্দত ষ্ণিক প্ৰত্যয় যোগ হয়। ষ্ণিকৰ ষ্ণ ইৎ যায়। যেনে, দেহ সম্পৰ্কে, দেহ+ষ্ণিক = দৈহিক, শৰীৰ সম্পৰ্কে, শৰীৰ + ষ্ণিক = শাৰী- ৰিক। সেইদৰে, মনস্—মানসিক, বৰ্ষ—বাৰ্ষিক, দিন— দৈনিক, মাস—মাসিক, সমাজ-সামাজিক, অনুমান – আনু- মানিক, লোক—লৌকিক, মুখ—মৌখিক, মূল – মৌলিক,
যোগ—যৌগিক, ইত্যাদি।