৮৬। সম্বন্ধবাচক শব্দ দ্বিতীয় পুৰুষৰ ষষ্ঠী বিভক্তিযুক্ত
পদৰ পাচত থাকিলে, অনাদৰত, সম্বন্ধবাচক পদৰ আ—
কাৰান্তবিলাকত বৰ, আৰু আনবিলাকত এৰ প্ৰত্যয় হয়,
আদৰত আ—কাৰান্তবিলাকত ৰা, আৰু আনবিলাকত এৰা
প্ৰত্যয় হয়। কেতিয়াবা ৰা, এৰাৰ, সলনি আঁ প্ৰত্যয়ো
হয়। তেতিয়া শব্দত যি লৰচৰ হয়, তাক উদাহৰণত চাই
লোৱাঁ। যেনে—
অনাদৰত—তোৰ মাৰ, পেহাৰ, জেঠাৰ, কিন্তু তোৰ
আয়েৰ, বাপেৰ, ভায়েৰ, ভনীয়েৰ, পুতেৰ, জীয়েৰ,
ইত্যাদি।
আদৰত—তোমাৰ মাৰা, পেহাৰা, জেঠাৰা, আয়েৰা,
বাপেৰা, ভায়েৰা বা ভাইয়া, ভনীয়েৰা, পুতেৰা বা পোৱাঁ,
জীয়েৰা বা জীয়াঁ, বৌৱেৰা বা বৌৱাঁ, বোৱাৰীয়েৰা বা
বোৱাৰীয়াঁ ইত্যাদি।
৮৭। সম্বন্ধবাচক শব্দ তৃতীয় পুৰুষৰ ষষ্ঠী বিভক্তিযুক্ত পদৰ পাচত থাকিলে, সম্বন্ধবাচক শব্দৰ আকাৰান্তবিলাকত ক, আৰু আনবিলাকত এক প্ৰত্যয় হয়। তেতিয়া শব্দত লৰচৰ হয়, তাক উদাহৰণত চাই লোৱাঁ। যেনে, তাৰ মাক, পেহাক, জেঠাক, বাপেক, ভায়েক, ককায়েক, ভনীয়েক, পুতেক, জীয়েক ইত্যাদি। সম্ভ্ৰমতো এইবিলাক প্ৰত্যয়েই যোগ হয়। যেনে, আপোনাৰ বা তেখেতৰ ভায়েক, ভনীয়েক, দদায়েক ইত্যাদি।