৯২। জন—স্ত্ৰীলিঙ্গত জনী। ই মানুহ বুজুৱা সকলো বিধ শব্দৰ পাচত কোনো এজন মানুহক বিশেষকৈ বুজাবলৈ ব্যৱহাৰ হয়। যেনে, মানুহ জন মানুহ জনী এই জন এই জনী, ই জন সি জন, ই জনী সি জনী।
৯৩। জনা—ই পুং স্ত্ৰী দুয়ো লিঙ্গত, মানুহ বুজুৱা সকলো বিধ শব্দৰ পাচত কোনো এজন মানুহক বিশেষকৈ বুজাবলৈ অতি সম্ভ্ৰমত ব্যৱহাৰ হয়। যেনে, গোসাঁই জনা, গোসাঁনী জনা, বৰ জনা, ৰাণী জন৷, ৰজা জনা।
৯৪। গৰাকী—ই পুং স্ত্ৰী দুয়ো লিঙ্গত মানুহ বুজুৱা সকলে৷ বিধ শব্দৰ পাচত কোনে৷ এজন মানুহক বিশেষকৈ বুজাবলৈ, সম্ভ্ৰমত বা স্নেহত ব্যৱহাৰ হয়। যেনে, মানুহ গৰাকী, ঘৈণী গৰাকী।
৯৫। টো—ই বস্তু জন্তু আৰু মানুহ বুজুৱা শব্দৰ পাচত, কোনো এটা বস্তু বা মানুহক বিশেষকৈ বুজাবলৈ, অনাদৰত ব্যৱহাৰ হয়। মানুহ বা জন্তু বুজুৱা শব্দৰ পাচত ব্যৱহাৰ হলে, ইয়াৰ স্ত্ৰী লিঙ্গত জনী হয়। যেনে, ঘৰটো, হাতীটো, লৰাটো, হাতীজনী, ছোৱালীজনী।
৯৬।সৰু বা আদৰ বুজাবলৈ টোৰ সলনি টি ব্যৱহাৰ হয়। স্ত্ৰীলিঙ্গত টি টী হয়। যেনে, ঘৰটি, লৰাটি, ছোৱালীটী, চৰাইটি, আইটী, বাইটী, বাপাটি।
৯৭। সংখ্যা বুজুৱা শব্দৰ পাচত টো টা হয়, আৰু সেই