সমললৈ যাওক

পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৮
বহল ব্যাকৰণ।

বল।

 ৰজস্ আদি শব্দৰ পাচত, আছে অৰ্থত বল প্ৰত্যয় হয়। যেনে, ৰজস্—ৰজস্বল, শ্ৰী ৰজস্বলা।

 নখ, মুখ আদি শব্দৰ পাচত, আছে অৰ্থত ৰ প্ৰত্যয় হয়। যেনে, নখ—নখৰ, মুখ—মুখৰ, স্ত্ৰী মুখৰা, বন্ধু—বন্ধুৰ, পাণ্ডু— পাণ্ডুৰ।

ইত

 উৎপত্তি হৈছে, এই অৰ্থত শব্দৰ পাচত ইত প্ৰত্যয় হয়। যেনে, পুষ্প—পুষ্পিত, ফল—ফলিত, পল্লব—পল্লবিত, দুঃখ— দুঃখিত, কলঙ্ক—কলঙ্কিত, কণ্টক—কণ্টকিত, অঙ্কুৰ—অঙ্কুৰিত, মঞ্জৰি—মঞ্জৰিত, পুলক—পুলকিত, আনন্দ—আনন্দিত, পণ্ডা—পণ্ডিত।

মিন্‌।

 পাৰ্গত অৰ্থত, বাচ্ শব্দত মিন প্ৰত্যয় হয়। যেনে, বাচ্‌—বাগ্মী। আছে অৰ্থত, স্ব( বিভূতি ) শব্দত মিন প্ৰত্যয় হয়। যেনে, স্ব—স্বামী।

মাত্ৰ।

 ২৫। পৰিমাণ বুজাবলৈ শব্দৰ পাচত মাত্ৰ প্ৰত্যয় হয়। যেনে, কিঞ্চিৎ—কিঞ্চিন্মাত্ৰ, অণু—অণুমাত্ৰ, নাম—নামমাত্ৰ, ধনিষ্ঠা—ধনিষ্ঠামাত্ৰ।