১০৩। কেতিয়াবা সৰু আৰু আদৰ বুজাবলৈ, মানুহ বুজুৱা শব্দৰ পাচতো ফেৰা আৰু ফেৰি ব্যৱহাৰ হয়। তেতিয়া ফেৰি স্ত্ৰী লিঙ্গত ফেৰী হয়। যেনে, লৰা ফেৰা, ছোৱালী ফেৰা, লৰা ফেৰি, ছোৱালী ফেৰী।
১০৪। ডাল–ইও, সেইদৰে নিৰ্দেশ অৰ্থত গোটা আৰু দীঘল বস্তুৰ নামৰ পাচত ব্যৱহাৰ হয়। তাকে সৰু দেখুৱাবলৈ বা আদৰ বুজাবলৈ ডালি ব্যৱহাৰ কৰা হয়। যেনে, বাঁহডাল, কাঠডাল, শলিডাল, বাঁহডালি, কাঠডালি, শলিডালি।
১০৫। খন—ইও, সেইদৰে নিৰ্দেশ অৰ্থত বহল চেপেটা বস্তুৰ নামৰ পাচত ব্যৱহাৰ হয়। তাকে সৰু দেখুৱাবলৈ বা আদৰ বুজাবলৈ খনি ব্যৱহাৰ হয়। যেনে, ডলাখন, চালনীখন, ঢৰাখন, পাটীখন। সেই দৰে, চুৰিয়াখনি, চেলেংখনি, গামছাখনি।
আৰু যেনে, নৈখন, বিলখন, সাগৰখন, বজাৰখন, আফিচখন, নাওখন, জাহাজখন, মেলখন, সমাজখন, স্কুলখন। কিন্তু কচাৰিটো, পুখুৰিটো, স্কুলঘৰটো বুজালে স্কুলটোও হয়।
১০৬। গছ—সেই দৰে নিৰ্দেশ অৰ্থত, দীঘল লেহুকা বস্তুৰ নামৰ পাচত গছ ব্যৱহাৰ হয়। তাকে সৰু দেখুৱাবলৈ বা আদৰ বুজাবলৈ গছি ব্যৱহাৰ হয়। যেনে, ডোলগছ, জৰীগছ বা ডোলগছি, জৰীগছি, বটিয়াগছ, বটিয়াগছি। এইবিলাক শব্দৰ পাচত ডালো ব্যৱহাৰ কৰা যায়।