সমললৈ যাওক

পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৯
বহল ব্যাকৰণ।

ইমন।

 ২৬। ভাবাৰ্থত শব্দৰ পাচত ইমন্ প্ৰত্যয় হয়। ইমন্ প্ৰত্যয় হলে, কেতিয়াবা আচল শব্দৰ ৰূপ লৰে (উদাহৰণ চোৱাঁ)। উদাহৰণবিলাক প্ৰথমা বিভক্তিৰ এক বচনৰ৷ যেনে, মহৎ—মহিমা, গুৰু—গৰিমা, লঘু—লঘিমা, প্ৰিয়— প্ৰেম, দীৰ্ঘ—দ্ৰাঘিমা, ৰক্ত—ৰক্তিমা, নীল—নীলিমা।

 বহু+ইমন্=ভূমা, এই শব্দ অনিয়মিত ৰূপে নিপাতনত সিদ্ধ।

ত্ব,তা

 ২৭। ভাবাৰ্থত শব্দৰ পাচত ত্ব আৰু তা প্ৰত্যয় হয়। যেনে, প্ৰভুৰ ভাব প্ৰভুত্ব, গুৰুৰ ভাব গুৰুত্ব বা গুৰুতা। সেই দৰে, লঘুত্ব বা লঘুতা, উচ্চ—উচ্চতা, ভদ্ৰ—ভদ্ৰতা, অমৰ— অমত্ব, দেব-দেবত্ব, শিষ্ট—শিষ্টতা, নম্ৰ—নম্ৰতা, সৰল— সৰলতা, দুৰ্ব্বল—দুৰ্ব্বলতা, কৃশ—কৃশতা, মনুষ্য—মনুষ্যত্ব, পশু—পশুত্ব, দূৰ—দূৰতা, দীৰ্ঘ—দীৰ্ঘতা।

তীয়।

 ২৮। সংখ্যা পূৰ হোৱা বুজাবলৈ দ্বি আৰু ত্ৰি সংখ্যা বাচক শব্দৰ পাচত তীয় প্ৰত্যয় হয়। যেনে, দ্বি—দ্বিতীয়, ত্ৰি—তৃতীয় ( ইয়াত ত্ৰি তৃ হৈছে )।

থট্।

 ২৯। সেই অৰ্থ বুজাবলৈ চতুৰ্ আৰু ষষ্ সংখ্যা বাচক