সমললৈ যাওক

পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৪
বহুল ব্যাকৰণ।

অসমীয়া তদ্ধিত প্ৰত্যয়।

 ৪৭।শব্দত তদ্ধিত প্ৰত্যয় যোগ কৰিবৰ সাধাৰণ নিয়ম:—

 (ক) ব্যঞ্জনান্ত শব্দত প্ৰত্যয়ৰ আদিৰ স্বৰ শব্দৰ শেষ ব্যঞ্জনত যোগ হয়। যেনে, তাম্+ঈ = তামী, কপাহ+ঈ = কপাহী।

 (খ) আদিত স্বৰবৰ্ণ থকা প্ৰত্যয় পাচত থাকিলে, অকাৰান্ত আৰু আকাৰন্ত শব্দৰ অ, আ লোপ হৈ শব্দ ব্যঞ্জনান্ত হয়। যেনে, যদুবংশ+ঈয়া = যদুবংশীয়া, দুটা+ ঈয়া=দুটীয়া৷ কিন্তু অনি প্ৰত্যয় থাকিলে নহয়, কেৱল অনিৰ অ মাথোন লোপ হয়। যেনে, চপৰা+অনি = চপৰানি, বকৰা+অনি = বকবানি।

 (গ) প্ৰত্যয়ৰ আদিত যি স্বৰবৰ্ণ থাকে, শব্দৰ শেষত সেইবিধৰ স্বৰবৰ্ণ থাকিলে, সি লোপ হয়। যেনে, বালি+ঈয়া=বালীয়া৷

 (ঘ) ই, ঈ, উ বা ঐ-কাৰান্ত শব্দৰ পাচত প্ৰত্যয়ৰ অ য় আৰু আ য়া হয়। যেনে, চাপৰি+আল= চাপৰিয়াল, চাপৰি+অনি = চাপৰিয়নি, আফু+অনি = আফুয়নি, আখৈ + আ = আখৈয়া।

 (ঙ) উ, ঊ, ও বা ঔ-কাৰান্ত শব্দৰ পাচত প্ৰত্যয়ৰ অৱ আৰু আ ৱা হয়। যেনে, কচু+অনি = কচুৱনি, ঔ+ অনি = ঔৱনি।