এইবিলাক সালসলনিৰ বাজে শব্দত বা প্ৰত্যয়ত আৰু যি লবচৰ হয়, তাক উদাহৰণ চাই বুজিব লাগে।
ঈ।
৪৮। ইয়াৰে প্ৰস্তুত, এই অৰ্থত শব্দৰ পাচত ঈ প্ৰত্যয় হয়। ঈ প্ৰত্যয় হলে শব্দৰ শেষ বৰ্ণৰ আগৰ আ মৰি অ, আৰু ও মৰি উ হয়। যেনে, তামেৰে প্ৰস্তুত, তাম—তামী, বাঁহেৰে প্ৰস্তুত, বাঁহ—বাঁহী। সেইদৰে, পিতল—পিতলী, কপাহ—কপাহী।
৪৯। স্বাৰ্থত কোনো কোনো শব্দত ঈ প্ৰত্যয় হয়। যেনে, কঙ্গাল—কঙ্গালী, বঙ্গাল—বঙ্গালী, বেঙ্গুলী।
৫০। আছে আৰু তৎপৰ অৰ্থত শব্দত ঈ প্ৰত্যয় হয়। যেনে, ধন আছে, ধন—ধনী, জ্ঞান আছে, জ্ঞান—জ্ঞানী। সেইদৰে, মান—মানী, দান–দানী, সুখ—সুখী, দুখ—দুখী, ভোগ—ভুগী, ৰোগ—ৰুগী, কাজ—কাজী।
ধনী, মানী আদি শব্দ সংস্কৃত তদ্ধিৰ ইন্ প্ৰত্যয় কৰিও সিদ্ধ কৰা যায়। কিন্তু সেই শব্দবিলাকত বিভক্তি যোগ নিদিলে, সিহঁতৰ তেনে ৰূপ নহয়, ধনিন্, মানিন্ ৰূপত থাকিলহেঁতেন। ধনী, মানী সংস্কৃতৰ প্ৰথমা বিভক্তিৰ একবচনৰ পদ। সিহঁতক অসমীয়াত মূল শব্দ বুলি ধৰি লৈ অসমীয়া বিভক্তি যোগ দিলে, বিভক্তিৰ ওপৰত বিভক্তি যোগ দিয়৷ হয়। অৰ্থাৎ সিহঁতত এবাৰ সংস্কৃত শব্দ বিভক্তি যোগ দি আকৌ অসমীয়া বিভক্তি যোগ দিবলগীয়া হয়। এই কথা অসঙ্গত। সেই দেখি এনেবিলাক শব্দ অসমীয়া তদ্ধিতৰ ঈ প্ৰত্যয়ৰ দ্বাৰা সিদ্ধ হৈছে