সমললৈ যাওক

পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৮
বহল ব্যাকৰণ।

অসমীয়া ভাষাত ময় হৈছে। সংস্কৃত ভাষাতো শব্দত যোগ দিবৰ সময়ত ময়টৰ ট ইৎ যায়, কেবল ময় মাথোন শব্দত যোগ হয়। অসমীয়াত ইৎ যাবলৈ প্ৰত্যয়টোত ট নাথাকেই। অসমীয়া ময় প্ৰত্যয়টোক সংস্কৃতৰ পৰা অহা হুবুলি সুকীয়া প্ৰত্যয় বুলিবও পাৰি। সি যেইবা নহওক, সংস্কৃতৰ পৰা অহা হলেও ই জাত অসমীয়া শব্দত যোগ হয়। যেনে, জুই—জুইময়, বোকা বোকাময়, চুৱা—চুৱাময়, ঘৰ—ঘৰময়, গছ—গছময়, হাবিময়, ইত্যাদি।

 সংস্কৃতৰ বতু আৰু মতু প্ৰত্যয়ৰ সলনি অসমীয়াত ৱন্ত আৰু মন্ত প্ৰত্যয় ব্যৱহাৰ হয়। সিহঁতৰ ব্যৱহাৰৰ নিয়মো একে, অৰ্থাৎ অ, আ, আৰু ব্যঞ্জন বৰ্ণ অন্তত থকা শব্দৰ পাচত ৱন্ত আৰু আনবিলাক শব্দৰ পাচত মন্ত প্ৰত্যয় হয়। যেনে, পুত্ৰৱন্ত, ধনৱন্ত, আঢ্যৱন্ত, বিদ্যাৱন্ত। কিন্তু মূৰ্ত্তিমন্ত, বুদ্ধিমন্ত, শ্ৰীমন্ত, হনুমন্ত, ইত্যাদি।

 ৱন্ত আৰু মন্ত, এই প্ৰত্যয় দুটা সংস্কৃত ৰতু আৰু নতু প্ৰত্যয়ৰ ভিন ৰূপ, নে সিহঁত সুকীয়া অসমীয়া প্ৰত্যয়, তাক ঠাৱৰাবলৈ টান। ৰূপত সিহঁত বৰ ভিন, কিন্তু ব্যৱহাৰৰ নিয়মলৈ চালে, সিহঁতক বতু মতুৰ আন ৰূপ যেন বোধ হয়।

অন্য এবিধ তদ্ধিত প্ৰত্যয়।

 জন, জনা, গৰাকী, টো টা টি, কণ কণি, ফেৰা ফেৰি, ডাল ডালি, খন খনি, গছ গছি, পাট পাটি, চটা চটি, এইবিলাক এবিধ শব্দ। সেই দেখি কোনো কোনো অসমীয়া বৈয়াকৰণে ইহঁতক উপশব্দ নাম দিছে। কিন্তু শব্দই হওক বা উপশব্দই হও ইহঁত সদায় তদ্ধিত প্ৰত্যয়ৰ নিচিনা ব্যৱহাৰ হয়। সেই নিমিত্তে ইহঁতক তদ্ধিত প্ৰত্যয়ৰ লগত ধৰা হয়।