ত্যণ্।
৩৪। সেই ঠাইত উৎপত্তি, এই অৰ্থত দক্ষিণ৷ আৰু
পশ্চাৎ শব্দৰ পাচত ত্যণ, প্ৰত্যয় হয়। ত্যণৰ ণ্ ইৎ যায়, শব্দৰ আদি স্বৰ বৃদ্ধি হয় আৰু অন্তৰ ব্যঞ্জন লোপ হয়। যেনে, দক্ষিণ৷—দাক্ষিণাত্য, পশ্চাৎ—পাশ্চাত্য।
ব্য, ডুল।
৩৫। ই ইয়াৰ ভ্ৰাতা, এই অৰ্থত পিতৃ শব্দৰ পাচত ব্য, আৰু মাতৃ শব্দৰ পাচত ডুল প্ৰত্যয় হয়। ডুলৰ ড ইৎ যায়, আৰু মাতৃ শব্দৰ ঋ—কাৰ লোপ হয়। যেনে, পিতৃৰ ভ্ৰাতা, পিতৃ—পিতৃব্য, মাতৃৰ ভ্ৰাতা, মাতৃ—মাতুল।
ডামহ।
৩৬। ই ইয়াৰ পিতৃ, এই অৰ্থত, পিতৃ আৰু মাতৃ শব্দৰ পাচত ডামহ প্ৰত্যয় হয়। ডামহৰ ড ইৎ যায়, আৰু শব্দৰ অন্তৰ। ঋ—কাৰ লোপ হয়। যেনে, পিতৃ—পিতামহ, মাতৃ— মাতামহ।
ময়ট্।
৩৭। ইয়াৰে প্ৰস্তুত বা ইয়াৰ দ্বাৰা পৰিপূৰ্ণ, এই অৰ্থত শব্দৰ পাচত ময়ট্ প্ৰত্যয় হয়। ময়টৰ ট্ ইৎ যায়। যেনে, স্বৰ্ণেৰে প্ৰস্তুত, স্বৰ্ণময়, ৰত্নেৰে প্ৰস্তুত, ৰত্নময়, জলেৰে পূৰ্ণ, জলময়। সেইদৰে, দয়াময়, কৃপাময়, অগ্নিময়।
ধাচ্।
৩৮। সিমান বিধ, এই অৰ্থ বুজাবলৈ সংখ্যাবাচক শব্দৰ