সমললৈ যাওক

পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৭
বহল ব্যাকৰণ।

খুলীয়া, কালি—কালীয়া, তাল—তালীয়া, মলা—মলীয়া, তেল—তেলীয়া, নোমল—নুমলীয়া,

 ৫৪। ঈয়া প্ৰত্যয় যোগ দিলে বালি, আৰু কালি শব্দৰ শেষ স্বৰ বৰ্ণৰ আগৰ আ মৰি অ নহয়। যেনে, বালীয়া, কালীয়া৷

 ৫৫। ঐ-কাৰান্ত শব্দৰ পাচত ঈয়া প্ৰত্যয়ৰ ঈ লোপ হয়। যেনে, কৰ্দ্দৈ +ঈয়া =কৰ্দ্দৈয়া, আখৈ+ঈয়া= আখৈয়া৷

 ৫৬। নিজ গাৱঁত বাস, এই অৰ্থত গাওঁ শব্দত ঈয়া প্ৰত্যয় যোগ হৈ নিপাতনত গঞা শব্দ সিদ্ধ হৈছে।

 ৫৭। উৎপত্তি বা সম্বন্ধ অৰ্থত মাহৰ নামৰ পাচত মাহ শব্দ থাকিলে, তাত সদায় ঈয়া প্ৰত্যয় হয়। যেনে, বহাগ মাহৰ কাল, বহাগ মহীয়া, জেঠ মহীয়া, আষাঢ় মহীয়া কেতিয়াবা মাহৰ নামতে ঈয়া প্ৰত্যয় হয়। যেনে, ভাদ— ভদীয়া।

 ৫৮। উৎপত্তি বা সম্বন্ধ অৰ্থত বাৰৰ নামৰ পাচত বাৰ শব্দ থাকিলে, তাতো সদায় ঈয়া প্ৰত্যয় হয়। যেনে, দেওবৰীয়া, সোমবৰীয়া, মঙ্গলবৰীয়া, ইত্যাদি।

 ৫৯। সংখ্যা বোধক শব্দৰ পাচত টা বা টি, বা কোনো সংজ্ঞ৷ শব্দ থাকিলে, ব্যাপ্তি অৰ্থত, তাত সদায় ঈয়া প্ৰত্যয় হয়। যেনে, দুটা—দুটীয়া, এটি—এটীয়া, এঘৰ— এঘৰীয়া, দহজন—দহজনীয়া, এডাল—এডলীয়া, এবছৰ—