এবছৰীয়া। সেইদৰে, ছমহীয়া লৰা, চাৰিবছৰীয়া ছোৱালী, ইত্যাদি।
৬০। সময়বাচক শব্দৰ পাচত সংখ্যাবাচক থাকিলে, সেই সময়ৰ শেষত, এই অৰ্থত, তাত ঈয়া প্ৰত্যয় হয়। যেনে, বছেৰেকৰ অন্তত—বছেৰেকীয়া। সেইদৰে, মাহেকীয়া, পষেকীয়া, ইত্যাদি।
মাহিলি বিশেষণ পদ নহয়, ক্ৰিয়া বিশেষণ। তাক বিশেষণ স্বৰূপে ব্যৱহাৰ কৰিব নোৱাৰি। এতেকে, মাহিলি কাকত অশুদ্ধ, মাহেকীয়া কাকত। মাহিলি দৰ্ম্মহা অশুদ্ধ, মাহেকীয়া দৰ্ম্মহা। কিন্তু সি মাহিলি এশ ৰূপ দৰ্ম্মহা পায়, শুদ্ধ। কিয়নো, মাহিলি ইয়াত পায় ক্ৰিয়াৰ বিশেষণ স্বৰূপে ব্যৱহাৰ হৈছে। এইখন কাকত মাহিলি ওলায়, এই বাক্যও শুদ্ধ। কিয়নো ইয়াতো মাহিলি ওলায় ক্ৰিয়াৰ বিশেষণ স্বৰূপে ব্যৱহাৰ হৈছে।
উৱা।
৬১। আছে আৰু পাৰ্গত অৰ্থত, কেতবিলাক শব্দৰ পাচত উৱা প্ৰত্যয় হয়। উৱা প্ৰত্যয় হল, শব্দৰ শেষ বৰ্ণৰ আগৰ আ মৰি অ, আৰু ও মৰি উ হয়। যেনে, ৰণত পাৰ্গত, ৰণ—ৰণুৱা, বনত পাৰ্গত, বন—বনুৱা, ধাৰ আছে, ধাৰ— ধৰুৱা। সেইদৰে, সাৰুৱা, ঢলুৱা, মৰুৱা, তেলুৱা কাজুৱা, খনুৱা। পতুৱা, নটুৱা, বদুৱা, হজুৱা, নিকৰুৱা, জাবৰুৱা।
৬২। তাত থাকে বা পোৱা যায়, এই অৰ্থত, কেতবিলাক শব্দৰ পাচত উহা প্ৰত্যয় হয়। যেনে, ঘৰত আছে,