১১। আছে অৰ্থত শব্দত বতু, মতু, ইন, বিন, আলু আদি প্ৰত্যয় যোগ হয়।
বতু, মতু।
১২। অ—কাৰান্ত, আ— কাৰান্ত, আৰু ব্যঞ্জনান্ত শব্দৰ পাচত আছে অৰ্থত বতু প্ৰত্যয় হয়, আন শব্দত মতু প্ৰতায় হয়। বতু আৰু মতুৰ উ ইৎ যায়, বৎ আৰু মৎ থাকে। যেনে, ধন আছে, ধন+বতু = ধনবৎ, প্ৰথম বিভক্তিৰ এক বচনত ধনবান, বিদ্যা আছে, বিদ্যা+বতু = বিদ্যাবৎ, প্ৰথমা বিভক্তিৰ এক বচনত বিদ্যাবান। সেইদৰে, গুণ—গুণবান, ৰূপ — ৰূপবান, বল — বলবান, ক্ষমতা — ক্ষমতাবান, লাভ— লাভবান, পুত্ৰ—পুত্ৰবান, ক্ৰিয়াবান, বিদ্যুত্বান, তড়িত্বান, ইত্যাদি। কিন্তু বুদ্ধি আছে, বুদ্ধি+মতু বুদ্ধিমত্, প্ৰথমা বিভক্তিৰ এক বচনত বুদ্ধিমান, শক্তি আছে, শক্তি + মতু = শক্তিমত্, প্ৰথম৷ বিভক্তিৰ এক বচনত শক্তিমান। সেই দৰে, মধু—মধুমান, মতি—মতিমান, শ্ৰী শ্ৰীমান, মূৰ্ত্তি—মূৰ্ত্তিমান, ভক্তি—ভক্তিমান, কীৰ্ত্তি—কীৰ্ত্তিমান, খ্যাতি—খ্যাতিমান, বস্তুমতী (স্ত্ৰী), হনুমান।
১৩। স্ত্ৰীলিঙ্গত বানৰ ঠাইত বতী আৰু মানব ঠাইত মতী হয়। যেনে, ধনবান ধনবতী, বিদ্যাবান বিদ্যাৱতী, গুণৱান গুণৱতী, ৰূপৱান ৰূপৱতী, ইত্যাদি,। সেইদৰে, বুদ্ধিমান বুদ্ধিমতী, শক্তিমান শক্তিমতী, শ্ৰীমান শ্ৰীমতী, খ্যাতিমান খ্যাতিমতী, ইত্যাদি।