সমললৈ যাওক

পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫২
বহুল ব্যাকৰণ

পাচত ধাচ্ প্ৰত্যয় হয়। ধাচৰ চ্, ইৎ যায়। যেনে, বহু বহুধা, শত—শতধা, দ্বি—দ্বিধা।

দা।

 ৩৯। কাল বুজাবলৈ সৰ্ব্বনাম শব্দৰ পাচত দা প্ৰত্যয় হয়। যেনে, সৰ্ব্ব—সৰ্ব্বদা, এক–একদা।

থা, দানীম্।

 ৪০। সৰ্ব্ব অন্য আদি শব্দৰ পাচত থা প্ৰত্যয় হয়, আৰু তব্, ইদম্ আদি শব্দৰ পাচত দানীম্ প্ৰত্যয় হয়। যেনে, সৰ্ব্ব—সৰ্ব্বথা, অন্য—অন্যথা, তদ্—তদানীম্ ইত্যাদি।

 অধুনা শব্দ ইদম্ শব্দৰ পৰা অনিয়মিতৰূপে নিপাতনত সিদ্ধ।

তন।

 ৪১। সেই কালত উৎপত্তি, এই অৰ্থত শব্দৰ পাচত তন প্ৰত্যয় হয়। যেনে, অ্য—অদ্যতন, পুৰা—পুৰাতন, সদা— সনাতন (ইয়াত সদাৰ দ মৰি ন হৈছে)।

ডিম।

 ৪২। অগ্ৰ, পশ্চাৎ, অন্ত শব্দৰ পাচত ডিম প্ৰত্যয় হয়। ডিমৰ ড ইৎ যায়, আৰু শব্দৰ শেষ স্বৰ আৰু তাৰ পাচত থকা ব্যঞ্জন লোপ হয়। যেনে, অগ্ৰ—অগ্ৰিম, পশ্চাৎ— পশ্চিম্, অন্ত—অন্তিম।

তস্।

 ৪৩। কোনো কোনো শব্দৰ সপ্তমী বিভক্তিৰ ঠাইত