১৪। যি শব্দৰ উপধা স্থলত, অৰ্থাৎ শব্দৰ শেষ বৰ্ণৰ আগত ম থাকে তাত মতুৰ ম মৰিব হয়। যেনে, লক্ষ্মী + মতু = লক্ষ্মীবান, ইত্যাদি।
ইন।
১৫। এটাতকৈ অধিক স্বৰবৰ্ণযুক্ত অকাৰান্ত আৰু আ—কাৰান্ত শব্দৰ পাচত, আছে অৰ্থত ইন প্ৰত্যয় হয়। ইন প্ৰত্যয় যোগ হলে, শব্দৰ শেষৰ স্বৰ লোপ হয়। যেনে, ধন আছে, ধন + ইন = ধনিন্, প্ৰথম৷ বিভক্তিৰ এক বচনত ধনী, গুণ আছে, গুণ+ইন=গুণিন্, প্ৰথমা বিভক্তিৰ এক বচনত গুণী, সেই দৰে, মান-মানী, জ্ঞান – জ্ঞানী, সুখ- সুখী, দুঃখ–দুঃখী, হস্ত—হস্তী, ইত্যাদি। মানী স্ত্ৰী মানিনী, হস্তী স্ত্ৰী হস্তিনী।
বিন্।
১৬। মায়া, মেধা, আৰু অস্ শেষত থকা শব্দৰ পাচত, আছে অৰ্থত, বিন্ প্ৰত্যয় হয়। যেনে, মেধা আছে, মেধা+ বিন্=মেধাবিন, প্ৰথম৷ বিভক্তিৰ এক বচনত মেধাবী, স্ত্ৰী মেধাবিনী। সেইদৰে, মায়া— মায়াবী, স্ত্ৰী মায়াবিনী, তেজস্—তেজস্বী, স্ত্ৰী তেজস্বিনী, তপস্—তপস্বী, স্ত্ৰী তপস্বিনী, পয়স্—স্ত্ৰী পয়স্বিনী, যশস্—যশস্বী স্ত্ৰী যশস্বিনী, ইত্যাদি।
আলু।
১৭। দয়া, নিদ্ৰা, কৃপা, শ্ৰদ্ধা আদি কেতবিলাক শব্দৰ
পাচত, আছে অৰ্থত আলু প্ৰত্যয় হয়। যেনে, দয়া—দয়ালু,
১০