সমললৈ যাওক

পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৩
বহুল ব্যাকৰণ

তস্ প্ৰত্যয় হয়। যেনে, প্ৰথম——প্ৰথমতঃ, ফল-ফলতঃ, সাধাৰণ—সাধাৰণতঃ, স্বভাব—স্বভাবতঃ।

চসাৎ।

 88। পৰা বা হোৱা অৰ্থত শব্দৰ পাচত চসাৎ প্ৰত্যয় হয়। চসাতৰ চ ইৎ যায়। যেনে, উদৰ—উদসাৎ, ভষ্ম— ভষ্মসাৎ, অগ্নি—অগ্নিসাৎ, আত্মন্—আত্মসাৎ, ভূমি—ভূমিসাৎ (শেষ শব্দ দুটা কি পৰিবৰ্ত্তন হৈছে চোৱাঁ)।

আকিন্!

 ৪৫। নিৰাশ্ৰয় অৰ্থত এক শব্দৰ পাচত আকিন্ প্ৰত্যয় হয়। যেনে, এক—একাকিন, প্ৰথমা বিভক্তিৰ এক বচনত একাকী, স্ত্ৰী একাকিনী।

চ্বি

 ৪৬। আগে নাছিল এতিয়া হল, এই অৰ্থত, কৃ বা ভূ ধাতুৰ কৃদন্ত পদ কোনো শব্দৰ পাচত থাকিলে, সেই শব্দৰ পাচত চ্বি প্ৰত্যয় হয়। চ্বি ইৎ যায়, আৰু শব্দৰ শেষৰ অ-কাৰ মৰি ঈ-কাৰ হয়, আৰু অন্য হ্ৰস্ব স্বৰ দীৰ্ঘ হয়। যেনে, দূৰ+চ্বি+ভূত = দূৰীভূত, বশ+চ্বি+ভূত = বশীভূত। সেইদৰে, মূলীভূত, লঘূকৰণ।

⸻⸺