চুপহি

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]
চুপহি (page 1 crop).jpg
চুপহি।
শ্ৰীকেশবকান্ত বৰুৱা।

সদিয়া।

[  ]
 

পাতনি


 আমি ৰাইজৰ আগত আমাৰ এই ক্ষুদ্ৰ “চুপহি”টি দাঙ্গি ধৰিলো। “চুপহি”ৰ গুণাগুণ বিচাৰৰ ভাৰ গুণগ্ৰাহী ৰাইজৰ গাত; কৰ্ম্মতহে আমাৰ অধিকাৰ আছে তাৰ পৰিণামত আমাৰ একো হাত নাই।

 লিখকৰ “ চুপহি ” প্ৰথম উদ্যমৰ ফল। গতিকে, তাত অনেক খুঁত্‌ ৰৈ যাব পাৰে। গুণগ্ৰাহী পাঠকসকলে উৎসাহ দলে “চুপহি” সময়ত ফুলি উঠিব আৰু আমাকো এনেবিধৰ হাতত-লোৱাকাম পূৰাই কৰিবলৈ মন তুলি দিব। ইতি−

সদিয়া
৯−৬−১১।

}

শ্ৰীকেশৱকান্ত বৰুৱা।

[  ]

আৰম্ভণ।

বীণাপানি আই
  দিবা সোৱঁৰাই
লিখিম লিখন
  শকতি বিহন
অভাজন ময়
  মনত চিন্তব
নাই বিদ্যা বল
  কৰাহে সবল
মন ভাব বলে
  চৰণ কমলে
ভৰসা ভাৰতি
  দেবী সৰস্বতী
কবি কুল মণি
  সুৰ গুৰু জিনি

[  ]

ভব ভাৰতত
 জনমিলে য'তে
বাল্মিকী ভাগৰ্ৱ
 উশ জয়দেৱ
হৰ্ষ কালিদাস
 ভবভূতি ব্যাস
আদি জ্ঞান-গুৰু
 সতি সু-লেমাৰু
হইবা সদয়
 দিবাহে আশ্ৰয়

[  ]

জয়মতী-কুৱঁৰী

———

সতীৰ সতীত্ব যেন, দক্ষৰ জিয়াৰী
অপৰূপ পতি প্রেমে হই বিমােহিত
দেখালা আপােন কীর্ত্তি মানৱ ভিতৰি
জীৱনক তুচ্ছ কৰি উঠিছে পিঙ্গত।
সুধিলে যেতিয়া দেবি দুস্মতি ৰজাই
“যদি প্রাণে অ শ তােৰ কোৱাহে যুগুত
ক'ত তােৰ গদাপাণি এতিয়া আছয়
কৰহে বেকত ইটো মোৰ সমুখত।
একোকে উত্তৰ তুমি নিদিলা ৰজাক
এই আচৰণে তৱ, উপায় নেপাই
চাওদাঙ্গে মাতি আনি সপিলে তােমাক
কথা উলিৱাৰ ছলে, তেখনে ৰজাই।

[  ]

বজ্ৰৰ সদৃশ হিয়া নাই মায়া লেশ
যমৰ টেকেলা যেন চাওদাঙ্গে পাই
ৰজাৰ সমুখ হন্তে আনি আঁতৰাই
কৰিলে নথৈ শান্তি অর্পি বহু ক্লেশ।
তােমাৰ মুখৰ পৰা গদাপাণি ক’ত
জানিবৰ অৰ্থে সিটো নিঠুৰ হৃদয়ে
মেলিলে তােমাৰ গাত ডুমুনী চোৰাত
বান্দৰ কেকোৱা আদি তুমি অসহায়ে।
ঈশত একানচিত, হীন—বাহ—জ্ঞান
সমাধি অৱস্থাগত, যােগীবৰ যেনে
পতিপ্রাণা পতি গতি পতি মাত্র ধ্যান
মহিলা সকলো শাস্তি আশঙ্কিত মনে।
পতিব্রতা তেজ তুমি দেখালা ভীষণ
দুৰ্ব্বলা নাৰীৰ কত ধৈৰয শকতি,
যদিও স্বভাৱে অতি কোমলা প্রকৃতি,
বলে বীৰ-সঙ্গে যাৰ নহয় তুলন।
গদাপাণি কোৱঁৰৰ,তুঙ্‌ খুং ফৈদৰ
পব্বতে পাযণ্ডে যেৱে ফুৰোঁতে পলাই
পৰিল কাণত যেন ধ্বনি স্বৰগৰ
শুনি তেওঁ কুৱৰীৰ বিপত্তি বিলাই।
পত্নী-শাস্তি-শেলে তেওঁ হই জৰ্জ্জৰিত
ধাউতি আহিল বেগে, সহিব নেৱাৰি
ক্ষুধা-তৃষ্ণা—পথক্লেশ, থই কাতি কৰি
বন্দীশাল জেৰেঙ্গাত, ততালিকে থিত।

[  ]

চদ্ম বেশ ধৰি তেওঁ ছাপিলেহি আহি
হৃদয়-স্যমন্ত-মণি কাষে স্বভাৰ্য্যাৰ
আত্ম পৰিচয় নিদি সোধে কেবাবাৰ
কিয় হে’ৰ আই, ভূঞ্জিছ যন্ত্ৰণা দেহি।
ক'ত আছে গিৰিহঁত কই দে অ' আই।
নেখাবি দুৰন্ত শাস্তি ইহেন দুৰ্ঘোৰ,
নোৱাৰে সহিব হে’ৰ পথিকো পথৰ
খাণ্ডব সকলো কষ্ট, নহ’ব দুনাই।”
নকৰি অলপো কাণ ইষাৰ কথাত
উপদেশ ছলে যিটো জনালে গোহাৰি,
নকৰিলে তেওঁ ফালে কটাক্ষৰো পাত,
চ ও মনে স্বামী প্ৰভু জগতৰি॥
  আহি তেওঁ কলেহি দুনাই
ডগ্ৰ শান্তি দেখি, মন শাঁতিব নোৱাৰি
অপোনাৰ অৰ্দ্ধ ঙ্গীক, সম্বোধি বেচাই
কহ দে অ'—আই তই স্বামীৰ বাতৰি।”
চিনি পাই এইবাৰ, স্বামী দেৱতাক,
যে জনৰ হন্তে তেওঁ, যন্ত্ৰণা মহত
সহিছে নকৰি কাণ অলপো মনত
নিজে ধৰা দিয়ে ভাবি লগালে মাতক।
“কোনেনো মাতিছে হেৰা তোমাক ইথানে
গুচি নোযোৱা কিয ইথানৰ পৰা
গৃহস্থৰ কথা মই নকওঁ জীৱনে
ইসৱ কথাত যেন মোকে ক্ষমা কৰা”

[ ১০ ]

হিয়াৰ কাতৰ ভাৱ কথাৰে দেখুৱাঁ
জানি তেওঁ আগমনে দুখ কৰি মনে
গ্ৰহ-তৰা-চন্দ্ৰ-সূৰ্য্য উদ্দেশি পৱনে
প্ৰণতি জনায় কয়, যেন সাক্ষী ৰোৱা।
শোকৰ উচ্ছাসে দেৱে কণ্ঠ ৰুদ্ধ হই
একোকে নকই আৰু, উভতি চলিল
মনে ভাবি ইটো জীৱ, মোৰ হন্তে হায়
মৰণ নিচয় বিধি, কিনো যে কপাল।
পতিক পঠাই পাছে থাকি কতো দিন
শাস্তি খাই এই দৰে পতি পদ ভাবি
ইহলীলা সাঙ্গকৰি, কৰিলে গমন
অক্ষয় স্বৰগে, যত সতী সাধ্বী দেবী।
ধন্য দেবি ধন্য তুমি তৱ কিৰ্ত্তী গুণে
ঘৰিছে সতত নাম পৃথিবী ভিতৰে
শাস্তি যন্ত্ৰণাৰ ঠাই তোমাৰ কাৰণে
হলহে পৱিত্ৰ আজি দেৱ মন্দিৰেৰে।
ঘৰুৱা পৰুৱা হেৰা আদি যত জন
তৱ নাম ধৰি সৱে, সোৱঁৰে তোমাক
যিটো ভৰি দুটি আহি কৰিছে অৰ্পণ
জয় সাগৰৰ পাৰে, পাহৰে সবাক৷
কতনো মানুহ গই, পুখুৰী পাৰত
জুৰাই শৰীৰ ভৰা পথৰ ভাগৰে
বহি জয়স্তম্ভ কাষে মনৰ সাধেৰে
কতোবা বৰৰ তলে শীতল চাহঁত॥

[ ১১ ]

জমতী-কুৱৰী।
তৃষিত পৰাণ কোনাে হই উপস্থিত
আঁ জণি অ'জলি কৰি পিয়ে হাবিযাসে

  • ব কৰাণে হেৰা অ জি অনায়াসে

অব মধুৰ পানী, দেৱৰ বঞ্চিত।
(৭।নব, তাবুক আহি বহি ইথানত
'ছে ক তনে কথা মনে গুণি গুণি
• সি জন এই পুখুৰী সুনী
ব'ত তেওৰ নাতি পুতি ? কাৰ সে ৩৩।

  • ৰিণ ৰ জ ক লে 'দ্য ছযেক

ই টা ব শ কালে এবে নিন ল কৰিলে
হ'। বিবি একাউন, নেথাকিলে বুলে
'নলাে নিচয বাণ, সবাৰো নামক।
'জি আছে ৰাজ পট, কালি ভিক্ষা ?
দ'ও ৩ সিজন আজি সিটো হর্তা কর্তা।
ৰ'ণে পা ৩ সি টা, নিটো অন্নদাত
কি য গ ঘ বৰে শে নেজানো সমূলি।
জৰ ই তাই কোনো বহি বব ভাল
ভাবে তুমি হেৰা দেবি কৰিছ অজি ও
পৰাত অকাতৰে, সাবিলা সিকালে
যেনে আত্ম প্রাণ দি ও জীৱন এৰি ও।
মৰিল। যদিও তুমি, তােমাৰ কাষত
গুচায় বিষাদ তাপ, তোমাৰ দর্শনে
পতি-পত্নী বিযােগৰ মনৰ দুখত
স্বভাৱে লঘুতা পায় বিৰহীযে যেনে।

[ ১২ ]

কোনোবা তৃপিতি লভে একেথিৰে চাই
পদুম ফুলেৰে ভৰা পুখুৰীৰ শোভা
ৰিব ৰিব কৰি বায়ু পাতক লৰাই
ধৰিছে সেউতি অতি কৰি মনলোভা॥
ব তছনো কতভাব কল্পনা পথিৰ
উ ৰ মনত অহি একে একে কৰি
ম ব য কমে কমে পানীৰ লহৰি।
স টি ধৰে সিটি যেনে যুৱলি পানীৰ।
    ভিতৰি
  আদি কৰি জলচৰ গণে
আনন্দ মনৰে অতি কৰি লৰালৰি
  কি লগই পানী সদা সৰ্বক্ষণে।
পাৰত চৰিছে তাৰ গৰু ম হ আদি
  হেম্বা হেম্ব কৰি॥
  আনন্দ সবাৰি
  দুখৰ বিষ ধি।
নম্মল ফটিক ধ ৰ, পানীৰ মাজত।
দেব ৰাজহংস অতি শোভয পখৰী
দেৱ দিব্য সৰোবৰ যেনে মানসত
মনৰ হচ্চাৰে তাত ফুৰয সাঁতুৰি।
পদুমনী কুমুদিনী কাষে পুষ্কৰণী
চৰিছে অ লখ পখী মাজে ঠাই ঠাই
দল মৰা ঘিলা হাঁহ শৰালি চাক’ই
দাউক দৰিক কোঁঢা আৰু কৰচনি।

[ ১৩ ]

ইফালে গছত বহি কঁতিয়া কপৌৱে
নিজন সকলো যেৱে দুপৰ ছেগত
ঘনে ডিঙ্গি ওফোন্দাই, কেনে ৰূল দিয়ে
সুৱলা অফুট মাতে মােহিয়া জগত ।
অতিবা নিৰ্জ্জন দেখি কোনােবা গিয়ানি
পশ্চিম পাৰত গই গোঁসানী ঘৰত
বহি ইষ্ট গুৰু চিন্তি, হইহে সংযত
আনচিন্তা পৰিহৰি ভাবে চিন্তামনি।
ছেদ ভেদ নোহােৱাকৈ, সিঁচি শান্তি পানী
যেয়ে আহি থিত্‌ লয় ইয়াৰ পাৰত
সকলােকে সমভাৱে শাঁতিছে পৰাণী
মনৰ তাপক ছেদি দগ্ধকায় যাত।
কোৱা হেৰা কোৱা ভাই, কি গুণৰ গুণে
শাঁতিছে কতনােলােকে, ঠাই এই খনি
দেখিলে শিয়ঁৰি উঠা আছিল তাহানি
কাৰ পুণ্যে আজি তীর্থ সবাৰো গণনে।
কত লােক কত জন কত সাধু সন্তে
পৰম পবিত্র ভাবি কৰেহি দর্শন
মনৰ বিশুদ্ধি যাতে ধৰ্ম্মৰ বৰ্দ্ধন
নোৱাৰে পীড়িব দুখে পাপ তাপ হন্তে।
বোৱাই সতীত্ব তেজ প্রতি শিৰে শিৰে
লগালে চমক সৱে দেখালে মহত
সতীত্ব তেজৰ বল নিৰ্ব্বলা নাৰীত
নহয় তুলনা যাৰ, ৰজাৰ বলেৰে।

[ ১৪ ]

নোৱাৰে কৰিব যিটো শাৰীৰিক বলে
বলবীৰ্য্য হীনাে নৰ-মনৰ পিততে
সাধয় হেয় কাৰ অসম্ভৱ যিটে
মানসিক বলে বলী হই ছলে-কলে।
ৰাজ পাট উঠি ৰজা ৰূদ্ৰ সিংহ দেৱে
জননীৰ সতীত্বৰ কিৰ্ত্তী চিন চলে
অতি বিতােপন এই পুখুৰী খনালে
পৰম ধার্ম্মিক বৰ, উপযুক্ত পােৱে ।
গছ চাই গুটি যেন পুত্ৰবৰে তুলি
ৰাখিলে চানেকী ভাল আসাম ভিতৰি
দেখালে অসম গুণ মাৱে পােৱে মিলি
পূত্রে ন্যায়ে প্রজাপালি মাৱে স্বকাৰ্য্যেৰে ।

[ ১৫ ]

মালতী।

থাকি একাষত— ফুলনী মাজত
 দেৱত বাৰীত গই।
অতি বিষাদিতে  কটাইছে সময়
 এলাগী আপচু হই॥
ভাবা মনে মনে  কি দোষৰ গুণে
 তোমাৰ ইহেন শাস্তি।
নকৰে আদৰ নাই সম্ভাষণ
 কিয় ঘৰৰ গৃহস্থী॥
অতি দুঃখী হই  হতাশ মনেৰে
 শোকতে নিজাৰ পৰা।
ভাবি মনে নাই  আথ বেথ কৰো
 কালে শোকৰ সফুঁৰা॥
কৰ পাঁৰা কিয় ইহেন অৱস্থা
 তোমাৰ আজি সংসাৰে।
কুৰি শতিকাত সভ্য জগতত
 সময়ৰ লৰে চৰে॥
স্বভাৱ সুৱলা  নাই কপটতা

[ ১৬ ]

 নেজানা ভাৰিব কাৰে।
নিজ গুণে যদি  কৰা আমোদিত
 তুমি সুৰভি গোন্ধেৰে॥
তথাপি তোমাৰ  নাই সিটো গুণ
  যিটো গুণে আজি ভৱে।
মোহিত সকলো  ধনী মানী আদি
 বাহিৰ চিকুণ ভাৱে॥
তোমাৰ ঠাইত  বহালে কতনো
 নানা তৰহৰ সঁচ।
বাহিৰ ধুনীয়া  ভিতৰ ফুফোঁলা
 বিলাতী ফুলৰ গছ॥
নকৰি বিচাৰ  তুলিলে কোলাত
 কোলাৰচী দলিয়াই।
কোন গুণে শ্ৰেয়  পৰুৱা চাপনি
 ঘৰুৱা তোমাত কই॥
আশয় নোপোৱা বাহিৰ ধুনীয়া
 কালে ডাঙ্গৰ দীঘলে।
ভাবে মনে মনে  কত সুখ পাম
 ইটো ফুলিলে ফলিলে॥
কালে ফুলে ভৰা  হ'লহি যেতিয়া
 চিঙ্গিবৰ কৰি মন॥
চুপহিক ধৰি  ফুল আনো বুলি
 মেলে হাত দুইখন॥
ৰাখি যেনে হাত  চুপহি ফুলত

[ ১৭ ]

 চিঙ্গে আঙ্গুলি দুটাই।
বিন্ধে ঠেহেৰাই  তেজ উলিয়াই
 তোলে চমক খুৱাই॥
নেজানো একোকে  পোহন ব্যৱহাৰ
 শৰীৰ জলাই ফুটি।
আশাত নিৰাশ  ইদৰে সিটিৰ
 পৰুৱা সাবটী নিতি॥
পুডি দেই মৰে  লোক লজ্জা ভষে
 নকৰে প্ৰকাশ ইটো৷
ভাবে যদি কওঁ  গহিৰ্বে সকলে
 মুখৰ আগতে কতো॥
আৰু ভাবে মনে  যেনেহক ইটো
 দোষ গুণ আছে যত।
পই কাতি কৰি  হৈ দেখনীয়াৰ
 থক ফুলনি মাজত॥
এই দৰে এওঁ  দেখাই আনক
 ৰুবৰ নিমিত্তে ফুল।
পৰুৱা চপাই ঘৰুৱা পেলাই
 কৰি সৱে বিয়াকুল॥
নহব সুৱনী  মালতী চিৰীলি
 ধুনীয়া ফুলনি আগে।
এই ভাবি মনে  পেলাই উঘালি
 ৰোপিলে পাছৰ ভাগে॥

[ ১৮ ]

নকৰি মনত অলপো মুকুতি
 কিয় খেদা খাই থাকে।
কি দোষ কৰিলে  অভাগিনী ফুলে
 দিয়ে বসতি চেচুকে॥
একেটি মালতী  গোন্ধে মলমলি
 ফুলি আমোদয় দিশ।
বলাই কতনো  সুগুনী মৌ-মাখি
 জানে সব কত ৰস॥
কৰয় পবিত্ৰ দুষিত বাটক
 কৃটি নিজৰ গুণেৰে।
আয়ুসৰ বৃদ্ধি মনৰ মুকলি
 ইটো সেবি জনে কৰে॥
গুণ-গ্ৰাহী হই  মৌ-মাখিৰ দৰে
 বিচাৰ যুগুত সদা।
বাহিৰে সুৱনী  ৰাখি কাতি কৰি
 ত্যাগিবা ভিতৰ সুদা॥

 
[ ১৯ ]

বৰ গছ।

(১)

দেখা বৰ গছ জুপি কেনে বিতোপন
ওপৰে শ্যামল ছত্র তলে শীত বাত
বলি মৃদুগতি শান্তি শিচে গাত
ভাগৰুৱা পথিকৰ দুৰয় তাপণ

(২)

কত শত জীৱ জন্তু লইছে আশ্রয়
ভোক-তাপ নিবাৰণে আহি ই-কাষত
কতােবা গছৰ ডালে কতােবা তলত
আশ্রিত অতিথি বুলি সৱে আস্বাসয়।

(৩)

প্রচণ্ড মাৰ্ত্তণ্ড তেজ ধৰি শিৰােপৰি
কাৰো প্রতি কেতিয়াও নহয় কুণ্ঠিত
সৰুবৰ সবাটিকে কৰয় মােহিত
দেখায় মহত্ত্ব গুণ নিজধৰ মৰি।

(৪)

ধুমুহা বতাহে যাক নোৱাৰে লৰাব
হলেও তগণ থানে সহস্র ধৰনী

[ ২০ ]

আছে সিটো থান জুৰি দেখিবা সঘনি
চোৱাঁ কি গুণৰ বাবে ইহেন প্ৰভাৱ।

(৫)

মহত্ত্ব লোকৰো তুমি দেখিবা ইগুণ
আছয় ধুৰুপ বুলি জানিবা নিশ্চয়
গুণৰ গৰিমা যাৰ সংসাৰে জানয়
সংসাৰ ক্ষেত্ৰত তেওঁ আতিসে নিপুণ।

(৬)

বালি চাহী মান বীজ হন্তে উতপতি
দেখা কিবা ভব্য গছ জুৰি আছে দিশি
লাগয় তবধ মন ইথান প্ৰবেশি
ক্ষুদ্ৰ বুলি তুচ্ছ কৰা ক্ষুদ্ৰ মনা অতি

(৭)

অতি ক্ষীণ অতি দীন বাহিৰে দেখিবা
আগ ভাগে মৃদু ভাৱে হৃৎপিণ্ডে নাচয়
কাল-সোঁতে ধনাভ্যাগে সঘনে বলয়
মহাশক্তি ইটো গুণ নোৱৰা-বাধিবা।

(৮)

কৰে কাম আচৰিত নোহোৱা নুশুনা
অন্তৰে বঢ়োৱা গুণে ভাৱসাৰ দিয়া
ভুঞ্জে মহা ফল যাৰ সৱে অগণনা
পৰহিত অৰ্থ যাৰ ই-পুৰুষৰ হিয়া।

[ ২১ ]

দুটি বাট ৷



“বিবেকী পুৰুষ তুমি সকলোৱে কয়।
সুপথ কুপথ দুটী দিয়া দেখুৱাই॥
অজ্ঞান এন্ধাৰ ভৰা নাই দিশ জ্ঞান।
গুৰু হই কৰা মোৰ তিমিৰ নাশন॥”
ললাহি শৰণ তুমি মোৰ ওচৰত।
মন পাৰি শুনা কথা তোমাৰ ঈস্পিত॥
কাইটেৰে ভৰা অতি সংকীৰণ ঘোৰ।
সোওঁহাতে যিটি বাট দেখিছা তোমাৰ॥
নোৱাৰে চলাব য’ত এখোজ ভৰিও।
আওকাণে ইটোবাটে খন্তেক মানও॥
প্ৰতি পদে পদে বাটে, কতনো বিঘিনি।
চাই-চিন্তি নকৰিলে, মিলয় তেখনি॥
লোঙ্গৰ দুকাষে অতি গহীন কাঠনি।
সমুখত ঠায়ে ঠায়ে জোপা বিৰিঙ্গানি॥
নোৱাৰি তৰ্কিব একো সমুখত কিটো।
সাপ বাঘ আদি কৰি পৰি থাকে যিটো॥
বনৰীয়া হাতী ঘোঙ্‌ কাঠনি মাজত।
নেদেখয় একোটোকে গছৰ ছাটত॥

[ ২২ ]


একেই দুৰ্ঘোৰ অতি দেখিলে ভীষণ।
দুটী এটি বাদে প্রায় জন-প্রাণী শূন॥
ইটো বাটে আগুৱনি অতিসে দুৰূহ।
আগুৱাই সিটে আছে যাৰ আত্মসাহ॥
বিপদ সঙ্কুলে ভৰা ইটো পথগামী।
পাইগৈ ৰম্যস্থান সর্ব্ববিঘ্ন দমি॥
ইটো বাট বোলে সৱে দুৰ্গম সুপথ।
ধৰি যিটো জ্ঞানী জনে নেযায় বিপথ॥
নাই ভিনপৰ কাৰো ৰম্য ইপুৰীত।
ইটে সিটে বন্ধা য’ত প্রেম গাথনিত॥
সাবটা সাবটি কৰি ইটে সিটে মিলি।
তুলিছে আনন্দ ধ্বনি ঈশ্বৰত ভুলি॥
ভক্তি-ৰসে আৰ্দ্রহই কোনােৱে বা ক’ত।
বাগৰে সঘনে ভূমি বিভূ প্রেমত॥
ক্ষুধা তৃষ্ণা সৱে মিলি পীড়িব নােৱাৰে।
ঈদৃশ অৱস্থা যেৱে হয় সকলােৰে॥
সুমধুৰ ঈশ-গান ভেদি দশো দিক।
বাটৰ লহৰী তুলি লগাই খলক॥
তৰঙ্গৰ মালা গই লগালে কাণত।
খলকি ইয়াৰ যেবে তুলিলে মহত॥
বিজুলী সঞ্চাৰে যেন আনন্দৰ সোঁত।
বােৱাই সঘণে তােলে বাকী লােক তত॥
ৰম্য সিপুৰীৰ ফুল আতিসে ধুনীয়া।
মােহয় বাচেৰে তাৰ অতি সুগন্ধীয়া॥

[ ২৩ ]

বাতে বাচ লই তাৰ অতি দূৰলই।
মৌপিয়া ভোমােৰা আদি আনিছে বলাই॥
অব্যক্ত মধুৰ ৰাৱে ভােমােৰা মাখিৰ ।
উঠিছে সিঠান জুৰি গুণ গুণনীৰ॥
সঁচা পদুমেৰে ভৰা হৃদি সৰােবৰে।
শ্যম পত্র বপুতলে ফুলিছে হাঁহিৰে॥
বিনয়-সেৱালী ফুল গুণে নম্র হই।
কোমল আমল ভাৱে সবাকে মােহয়॥
মালতী-সৰলা-ফুলে ভৰা যিটো থান।
স্থিৰতা-কুমুদে বর্ষে আনন্দ মহান॥
গােলাপ-বদান্য ফুলে শাঁতে স্বৰ সবে।
উত্তাপে তাপিত হিয়া দুখী সকলােৰে॥
স্বৱদেশ প্রেমিকতা ৰাঙলী জৱাৰে।
ৰঞ্জিত কৰিছে ঠাই বিমল ৰাগেৰে॥
চেনেহী সুবাচী ফুল দয়া সৰু জুতি।
দুখ চিতিকনীতেই পমি যায় অতি॥
সদাই ৰঙ্গালি ফুলে চেনি চম্পা যেনে।
ধাৰা সাৰে বৰষয় সােৱাদ সঘনে ॥
গুণী-মানী কত ফুল ইয়াৰ বাহিৰে।
ফুলি জমকাই ঠাই তুষিছে সবাৰে॥
সুফলা গছৰ লেখ আছে যে কতনো।
ইটী বাটে পখী হলে ভূঞ্জিবা আপনে॥
যদি সােধ কোনে যাব পাৰে ইটো বাটে।
তেবে কওঁ শুনা তুমি অতি সাবহিতে॥

[ ২৪ ]

যাৰ আছে আত্মবল সিটো যায় ইতে।
নকৰে অলপাে আশ পৰৰ কাষতে॥
বিবেকক শুধি-পুছি ছলে যিটো সিটি।
সৰুবৰ যত কাম হয় উপস্থিতি॥
আত্ম প্রাণ সপি দিছে সত্য অর্থে যিটো।
বিঘিণি আপদ থই কাতি কৰি যতাে ॥
এমুঠিয়া হই যদি সকলােৱে মিলি।
কৰয় অহিত তাৰ মিছা বাটে চলি॥
তথাপি নােৱাৰে নিব সিজনে ঘৰাই।
তিলেকও আওবাটে ক্ষন্তেক সময়॥
নকৰে অলপো ভয় ঈদৃশ পুৰুষে৷
দোষ দেখা মাত্র কাৰো আগতে প্রকাশে॥
সমাজে কৰয় যদি কাম গৰহিত।
একাকী বিৰোধী থাকি নােহে বিচলিত॥
লােকৰ গৰিহা আদি ইটো অর্থে তেওঁ।
যত কষ্ট হব পাৰে সহয় সবাও॥
দুঃখ শােক লাঞ্ছনাত নহয় বিহ্বল।
ঈশ্বৰক হৃদি ভাবি হোৱয় সবল॥
কাম ক্রোধ লােভ মােহ আদি ৰিপুগণে।
ৰাখিছে দমাই যিটে যাই সিটো জনে॥
পৰৰ শত্রুতা যিটো সহজে নােৱাৰে।
ঘৰৰ শত্রুতা যিটো খন্তেকতে কৰে॥
ছয় ৰিপু দশেন্দ্রিয় দমাই যি জনে।
এক ছত্ৰী ৰজা তাৰ নহয় তুলনে॥

[ ২৫ ]

কাম ক্ৰোধ লোভ মোহ বশ ৰজাদেও।
সংযমী পুৰুষে সৱে কৰে পদ সেৱ॥
বাটৰ অঘৈয়া হৈ ইটো সৱ ৰিপু।
নোৱাৰে ফুটিব কতো এনে সিদ্ধ বাপু॥
অগাধ গুণেৰে ভৰা সম ৰত্নাকৰ।
সহজে উত্তৰে বাটে ধাৰ্ম্মিক প্ৰবৰ॥
নোৱাৰে বাধিব কেৱে অশেষ শঙ্কটে।
হাত দিয়ে যিটো কাজে সাধয় বেগতে॥
পৰ দুঃখ দেখি যিটো সহিব নোৱাৰি।
উপায় উদ্ভাৱে তাৰ অতি যত্ন কৰি॥
ইটো জনে যিটো বাটে গমণ কৰয়।
নকৰে কেৰেপ যদি গাৱ ৰক্তময়॥
ঘৰুৱা প্ৰেমিক জনে প্ৰেমে মত্ত হই।
আত্ম স্বাৰ্থ আদি কৰি সবাকে ভুলয়॥
আত্ম প্ৰাণ উছৰগি জননী চৰণ৷
কন্দাই ঘৰুৱা জনে কৰয় গমন॥
অন্তে সেই ৰম্যপুৰী দেৱতা দুৰ্লভ।
সতত প্ৰকাশয় যত প্ৰকৃতি বল্লভ॥
ধন্য সিটো জন অতি সংসাৰ ভিতৰে।
ধন্য মাতা হোৱে তাৰ জনমালে যাৰে॥
দেশৰ দুৰ্দ্দশা দেখি সহিব নোৱাৰি।
লোকৰ মঙ্গল অৰ্থে সদব্ৰত ধৰি॥
সাধি পাৰ্য্যমানে হিত স্বদেশ সুপুত।
ধন জন দিয়া সবে নকৰি গুপুত॥

[ ২৬ ]

বিদ্যাৰ মাৰ্জ্জিত তাৰ বুদ্ধি সু-উত্তম।
সুবুদ্ধি ঘটাই যিটে কৰয় কৰম॥
সেই জনে এই পথে যায় আগুৱাই।
নিমজ জ্ঞানেৰে বাট নিমজ কৰাই॥
সিটো জনে ইটো পথে গমন কৰিছে।
অহিংসা পৰম ধৰ্ম্ম সদা আচৰিছে॥
বনৰ হিংসকে তাক দেখিয়ে এৰয়।
আপোন হিংসক ভাব হয় শাম্যময়॥
ইটো সব নৰ যেন মনুষ্যৰ বাজ।
সাধে যোগীবৰ যেনে অপুৰব কাজ॥
মুকলি বাটত তুমি নোপোৱা ইসবে।
যিটো বাটে প্ৰায় সবে যাই এই ভৰে॥
আহলে বহলে বাট চকুৰে নমনা।
সহস্ৰ সহস্ৰ লোকে আছে জনা শুনা॥
উত্তৰিছে ইটো বাটে সিটো মহাপুৰী।
উঠিছে কান্দোন যত দশোদিক জুৰি॥
কুপথ আশ্ৰয়ে ডুবে দুঃখৰ জলধি।
দুভিক্ষ মৰক হন্তে আৰু যত ব্যাধি॥
বাটৰ মুখতে কত আছে প্ৰলোভন।
ইটো মোহে পৰি কত হেৰায় চেতন॥
আগে মধু কতো ভাগ পাছে একেবাৰে।
বাকি ভাগ সৈতে পুৰী পুৰিত বিষেৰে॥
ক্ষণিকৰ সুখ লাগি আজীৱন মানে।
নেৰাখে অলপো ভেদ জীৱন মৰণে॥

[ ২৭ ]

ইটো পুৰবাসী যত কৰে হাহাকাৰ।
ভুঞ্জায় উচিত ফল কাজ চাই তাৰ॥
নোৱাৰে সাৰিব কেও কৰ্ম্ম-ফল ভাগ।
ৰজা-প্ৰজা দুষ্ট-সন্ত সৱাৰো অভ্যাস॥
সদাই উত্তাপ তাত নাই ছেদ-ভেদ।
শৰীৰ শতোৱাঁ বাট সবে কৰে খেদ॥
অতি মাত্ৰ দুঃখ শোক হাত নসৰায়।
সদাই ভেদিছে হিয়া অনু শোচনায়॥
অধিবাসী লোক যেনে ভুঞ্জে মৰুভূমে।
জাৰ জহ অতিকৈ ৰাতি দিন কমে॥
কোন স্থানে কত লোক হই বিয়াকুল।
খলকি লগাই ঠাই কান্দাই স্বকুল॥
একেটিৰ কৰ্ম্ম দোষে হইছে যন্ত্ৰণা।
পুলি-পোখা আদি কৰি নথৈ লাঞ্চনা॥
লভয় দুৰ্ঘোৰ শান্তি ইটো পুৰবাসী।
যমৰ যন্ত্ৰনা দেহি নৰক চৌৰাশি॥
পুৰীত প্ৰবেশ লাগে কপটী চলাহে।
আনিলে কুবাটে লই পেলাই হেপাহে॥
পথৰ দৰ্শক আহি হল বৰ-বেজ।
লোভ, মোহ আদি কৰি-ধৰি উগ্ৰতেজ॥
প্ৰলোভন দেখুৱাই কথাৰে ভুলাই।
নিলেহি বেচেৰা দেহি অবাটে চলাই॥
প্ৰথমতে ইটো পথি গমিব নোৱাৰি।
তাঁহাতৰ মনোভাব জাল চন্দোৱাৰি॥

[ ২৯ ]

হায় বিধি কি কৰিলে দয়া নুপজিলে।
নিগমে ডুবিলোঁ মই বিপাকে পেলালে॥
হাত নসৰালা প্ৰভো শতুৰুৰ হন্তে।
থকাসৰকা হিয়া মোৰ জোঙ্গৰ খোছনে॥
কিয় দোষো ঈশ্বৰক ইটো কাজে মোৰ।
ময়েই প্ৰকৃত দোষী দুৰ্ঘোৰ পাপৰ॥
জ্ঞান ৰূপী শিৱ তেওঁ আছে সৰ্ব্ব ঘটে।
ষড় বিপু বশে পৰোঁ নুশুধি সঙ্কটে॥
জ্ঞানৰ ছালনে যদি চলিলোঁ সততে।
নোৱাৰিল হেঁতেন তেনে পীড়িৰ বেগতে॥
মোহিনী মূৰতি ধৰি মায়াবিনী যেনে।
মোহে নানা প্ৰলোভনে ষড় ৰিপুগণে॥
নীৰস পৰাণ বুলি জিতেন্দ্ৰিয় জনে।
কতনো গৰিহা আগে কৰিলো সঘনে॥
বুজিলোঁ এতিয়া মূল্য তেওঁৰ কিমান।
সহস্ৰ সহস্ৰ গুণে শ্ৰেয় সিতো জন॥
নহয় পথিক তেওঁ যিটো বাটে আমি।
হেৰালো চেতনা গই নেভাবি নগমি॥
কঠোৰ কঠুৱাঁ মুখে দেখি অতিকই।
নুহুহকিল এখোজো সিটো বাটে গই॥
ইটো বাটে কতোদুৰ আগুৱাই তেওঁ।
দেখায় যতই মানে সুগম সবাও॥

[ ৩০ ]

পদুম আরু পদুমনী

বৰষা ঋতুৰ অন্ত শৰত-গগণে আহি।
মাৰিছা ভুমুকি লই লগে নগৰীয়া বাঁহি॥
কলা ডাৱৰৰ ভাগ ক্ৰমে হল তিৰোহিত।
আছে যি অলপ আৰু নোহে অতি সুমহত॥
জিলিকয় ইটো ভাগ ধৱলী পৰ্বত যেনে।
আকাশৰ কতো অংশ ঘনে সূৰুয কিৰণ॥
গোলাপী ৰেখাৰে ৰচা ডাৱৰৰ প্ৰান্ত ভাগ।
শোভে যেন শুক্লব্ৰস্ত্ৰ গুণা-পাৰি দিয়া আগ
নই জান খাল বিল আদি যত পুখুৰীৰ।
ক্ৰমে জল নিৰমল ধাৰ যেন স্ফটিকৰ॥
বিন্ধ্য-বাতা-পি-মৰ্দন-দেৱ দেখি নীলাকাশে
হইছে উদয় যোনে প্ৰকাশি দক্ষিণ দিশে॥
ফুলিছে কঁহুৱা হাঁহি মিৰদু বতাহে বলি।
ঋতু-ৰাজে যেন কৰে চামৰ বাজন চলি।
সুগন্ধি সেৱালী ফুলি দিছেহি জাননী আহি।
দুখ বৰ্ষা অন্তে দেখা সুখ-শৰত-চুপহী॥
সৰোবৰ পুখুৰীত আলিৰ কাষত থকা
খালে বিলে পদুমনী যেন জেউতিৰ জকা॥

[ ৩১ ]

শৰত বাৰতা পাহি পদুমনী হহুহায়।
ফুলিছে অসংখ্য ফুল-দশো দিশ আমোলাই॥
ৰমকি জমকি হই-পদুমনী সুপুতাৱে।
আকৰ্ষি সবাৰ মন ইটো দিশি-যিটো চাৱে॥
একে শ্যাম কলেৱৰা, শুকুলা পোৱেৰে ভৰা।
কিনো শোভে সেই থলী, যেনে নীলাকাশে তৰা॥
আনিছে বলাই কতো, মৌপিয়া ভ্ৰমৰ মাখি।
সাবটি সাবটি পুনু চুমিছে পদুম আখি॥
প্ৰেম-আলিঙ্গন-সুখ কৰে প্ৰকাশ গুঞ্জৰি।
অস্ফুট মধুৰ ধ্বনি, উঠে ইটো ঠাই জুৰি॥
কিবা শোভা ধৰে ঠাই, ৰাতি পুৱা ছেগে ইটো।
মন প্ৰাণ হৰে এই, ৰম্যস্বৰী দেশে যিটো॥
মলয়াৰ বাতবয় মৃদুমন্দ গতি ধৰি।
যাবকে নোখোজে যেন, ইটো থান পৰিহৰি॥
পদুম পৰাগ তুলি, নিয়ে বাতে অন্য স্থানী।
পৰ-দ্ৰব্য লুটি নিজে, হোৱে গোন্ধে মলমলি॥
নাচিছে কোনোটী ফুল, বতাহৰ লয়লাসে।
নানা ভঙ্গী ধৰি যেন মাতিছে সবাতে কাসে॥
“তৃপিতি কৰোৱা চিত, ভুঞ্জি মোৰ যত গুণ।
অকাতৰে খুলি দিছো হিয়াৰ দুৱাৰ খন॥
সুৱৰ্ণ বৰণ জিনি হৃদি মোৰ সিংহাসন।
চৌদিপে আছয় কত পীত ধৱল নিচান॥
শ্যাম পদুমনী মাজে, ৰূপে অতিকই শোভে।
ধৱলী হিমানি যেনে, টিঙ্গে বিমল প্ৰতিভে॥

[ ৩২ ]

কোনােটী বা একেঠিৰে, আছে ঠিয় হই বই।
সবিতা দেৱৰ ধ্যানে সূৰুয মুখীয়া হই॥
সংযমী নিজৰ ৰূপ নয়ণ মুদ্রিত কৰি।
মাটিছে ঈশানে কৰা মােক অভেদ্য শৰীৰী॥
নােৱাৰে ভেদিব যাতে সিদ্ধিলাভ কৰােমানে।
যেৱে মােৰ বিয়াপিব সিদ্ধিৰ সৌৰভ প্ৰাণে॥
একেবাৰে জুৰি দিশ পদুমনী জিলিকাই ।
সুধিৰ মাতৃৰ ঋণ মাতৃ মুখ পোহৰাই ॥
পালিম কঠিন ব্ৰত সঙ্গ মুখ পৰিহৰি।
থাকিম মলিন হই সিন্ধিৰ দিনক ধৰি॥
কোনােটী বা কোনাে ঠাই শত পত্র মহিগই।
আছে মাত্র চকা বাকী কালে মধুৰ হােৱয় ॥
প্রস্ফুটিত কোনােচ তলমুৱা কৰি।
ধৰে যেন শ্বেত ছত্র জননীৰ শিৰােপৰি ॥
কোনােটীবা জলে পৰি কৰিছে বিলাপ দেহি।
“উলিয়াব নােৱাৰিলো আইৰ মুখৰ হাঁহি॥
চকুপানী বহে ঘনে, তিয়াই শৰীৰ খনি।
টোপাল লোতক জ্বলে হিয়াৰ আভাষ জিনি॥
আৰু কোনােস্থানে দুটী নতুন পদুম-কলি।
গাৱে গা লগাই কৰে ইটে সিটে কোলাকুলি ॥
দেৱাঙ্গ পদুমনীৰ একাষে মুৰত থাকি।
প্ৰেমৰ পুতলা হেন খেলে দুয়াে লুকালুকি॥
সেউজীয়া বস্ত্ৰ পিন্ধি কমলিনী পুত্ৰৱতী।
কোনােৱে সাবটি ধৰে দেখি বঙ্গে মগ্ন অতি॥

[ ৩৩ ]

কালে ফুলি দুটী ফুল মাৱৰ কমল-আখি ।
শোভে তাত একে ঠাই মধুৰ অমৃতে মাখি॥
অসংখ্য কতনাে আৰু ফুলন্ত পদ্মিনী মাজে।
সহস্র নয়ণ যেন জলে জ্বলিছে জ্বলজে॥
উপযুক্ত পুত্র দেখি ধৰণী ভিতৰে ৰবি ।
শোকৰ ডাৱৰ এৰি প্রফুল্লিত মুখ ছবি ॥
বৰষে দুগুণ তেজে মনভৰা উৎসাহেৰে৷
পত্নী সুত সুহাসিত দেখি থাকি বহুদৰে॥


মুকলী চৰাই।

উড়িছে কতনাে পখী
বতাহত চলি চলি ।
যায় যত ইচ্ছা হয়
মনৰ সাধেৰে চলি ।
নােৱাৰে বাধিব কোনে
নেযাবি ইদিশ প্রতি।
ফুৰয় সকলাে ঠাই
সুকমল ভাৱ গতি॥

[ ৩৪ ]

সংসাৰ বনোৱা ৰঙ্গে
 চাই ইটি সিটি দেশ।
দেখিছা আজিও হেৰা
 অজান কত প্ৰদেশ॥
ইটো দৰে আনন্দেৰে
 উলাহত নাচি নাচি।
থানে মৃদু গতি থানে
 কাঁড়ৰ ছোতেৰে নাচি॥
বৰষৰ কোনো ভাগে
 কোনো পখী ৰাশি ৰাশি
উৰি যায় সাৰি সাৰি
 সময় সোত ভাসি!
বিহাৰি দেশ দিগন্ত
 মনৰ সাধেৰে পখী।
জনোৱা সকলে সুখী।
 হোৱা আমাক নিৰখি॥
নজনা স্বৰুপে একো
 দুখ সুখ কাক কয়।
কাৰণ সঘনে মাতে
 তোলা কিৰীলনি হাই॥
প্ৰকৃত সুখীয়া তুমি
 সুখতে যপোৱা কাল।
তুমিসে মাত্ৰ অময়া
 সুখৰ চানেকী ভাল॥

[ ৩৫ ]

স্বৰগৰ সুখ জিনি।
 পখীৰাজ্য অন্তৰীক্ষ।
সবাতে উৎকৃষ্ট ইটো
 থাকি পৃথিবীৰ কক্ষ॥
সন্ধিয়া আকাশে চোৱাঁ।
 আকাশৰ তল জুৰি।
উড়িছে ছড়াই বোৰে
 সৰাজ্য উদ্দেশ কৰি॥
কৰে নে শুৰ পুৰী
 মধুৰ মাতেৰে মাতি।
ৰাতিপুৱা গধুলিত
 ঈশ্বৰৰ স্তুতি নতি॥

 
[ ৩৬ ]

বন্ধনৰ চৰাই

হিয়া ফাটি যায় হে'ৰ
 দেখি দুখ মোৰ তোৰ।
প্ৰাণে নসহয় আৰু
 পাৱে শিকলি লোৱৰ॥
লোৱৰ বিৰিয়ে তোৰ
 ঠেঙ্গত লগোৱা গুণে।
ৰঙ্গা মঙ্গহ উলিয়াই
 শিকলি আজোৰে ঘনে॥
ঘাৱৰ বিষত জ্বলি
 দেহি সহিব নোৱাৰি।
চকু মুৰ মুদি তুমি
 থাকোতে জুপুকা মাৰি॥
দুখতে কটোৱা দিন
 সদাই দুখিত মন।
পাহৰিলা পূৰ্ব্ব সুখ।
 হলা যি দিনে বন্ধন॥

[ ৩৭ ]

হায় বিধি কোন দিনে
 হাত সাৰো শতুৰুৰ।
এই মাত্ৰ সদা ভাৱা
 শয়ন খাৱন পৰ॥
ব্যাধৰ হাতত পৰি
 ডাল সঁজাত বন্ধি হৈ।
থকা দিন ধৰি তৱ
 কত নথই বিলাই॥
খীণাই শুকাই তুমি
 হাৰ ছাল হলা লগা।
তেজ মাংস নাই আৰু
 শিকলি বন্ধন ত্যাগা॥
উৰি যোৱ কোনোটীৰ
 শুনা মাত দিছীয়নী।
ঢুল ঢুলীয়া চকুকৈ
 একটীয়া মনে গুণি॥
চকুৰ পানীৰে ভৰা
 মনো দুখে মাত মৰা।
কাঠ চিতিয়াক কেওঁ
  নোৱাৰে গলাব হেৰা॥
ডালতে মৰিবা তুমি
 তথাপি তোমাক এৰি।
নিদিয়ে শিকলি খুলি
 মুকলী মুৰীয়া কৰি॥

[ ৩৮ ]

ৰূপে গুণে মোহ গই
 তোমাৰ তেতিয়া দেখি
পাতিলে জুটিৰ চিপ্
 নেদেখয় যাতে পখী।
পৰিলা চিপত যেৱে
 লোভৰ মূৰত গই।
ভৰালে সজাত বেগে
 ভাবি পাছে উৰি যায়॥
লোভৰ মূৰতে তুমি
 হেৰুৱালা চিৰ সুখ।
মুকলী মূৰীয়া ভাব
 ভুঞ্জা পৰাধীণ দুখ॥

 
[ ৩৯ ]

(১)

জলিছে জলদ মাজে ৰাম-ধনু খনি
উত্তৰ-দক্ষিণা হই চন্দ্ৰ কলা যেনে
দশোদিশ পৰকাশি বিবিধ কীৰণে
বাচিছে বিবিধ ৰঙ্গে প্ৰকৃতি লিখনি

(২)

সাধ্যকাৰ বৰ্ণিবৰ পৃথিবী ভিতৰে
যি যি বৰণেৰে ইটো হইছে চিত্ৰিত
আচৰিত খনিকৰে বিচিত্ৰ ৰঙ্গেৰে
নোৱাৰে আকিৰ এনে লিখনি আগত

(৩)

সাতোৰঙ্গ সপ্তাশ্বৰ শোভিছে তথিত
সেউজীয়া সুমথিৰা বেদ্দেনা বুলীয়া
কলা নীলা বৰনীয়া ৰঙ্গা হালধীয়া
কেনে চিকিমিকি কৰে ডাৱৰ বুকত

[ ৪০ ]

(৪)

সুৰুযৰ জিলিঙ্গনি গছৰ আগত
মেলি ঠেঙ্গ দীঘলীয়া ধৰিছে আবৰি
সোনালী বৰণ ঢাকি থাকি একাষত
আশ্বাসে পৰাণী গনে গই অন্তগিৰি

(৫)

নহবা বিমনা হেৰা যত জীৱগণ
বতৰ কোদোৱা গুণে থাকি নিৰুৎসাহে
মনত লগোৱা ৰঙ্গ মোৰ নিৰীক্ষণে
দেখি আৰু ৰাম-ধনু মনৰ হেপাহে

 
 

পানী পিওঁ পিওঁ বুলি মাতিছা সঘনে।
ঘনে আহা প্ৰভু বুলি ঘন বৰিষণে॥
এতিয়াও দুৰ হেৰ ডাৱৰ গগনে।
নোৱাৰে আহিব কাষে, বিধি অবিহনে॥
মিছাতে আজলী দেহি আৰু নিচিঞৰ।
প্ৰাণ ফাটি ৰায় দেখি বিলাই তোহোৰ॥

[ ৪১ ]

চাতকী পৰাণ যায় পানী পিয়াহত।
অতি নিদাৰুণ হায় কালৰ সোঁতত॥
খাল বিল নই আদি জলাশয় যত।
ইসৱৰ জল তোৰ নহয় প্ৰাৰ্থিত॥
পিয়াহে পৰাণ যক তেওঁ তুমি মনে।
নিচিন্তাহে পৰঠাই তৃষ্ণা নিবাৰণে॥
উদ্ধমুখে মনোশ্বাসে কৰিছা আৰাও।
জলাদাম্বু পাবলই মাতিছা নিতউ॥
নিছুলীয়া ৰ'দে পৰি নুৰিবা বহুত।
অথিৰ পৰাণ পৰি দুনাই কষ্টত॥
আহিব ডাৱৰ বলি সময় সোঁতত৷
কান্দোন উপেক্ষা এৱে তোমাৰ যুগুত॥

 
[ ৪২ ]

বসন্ত কাল।

আহিছা বসন তুমি দলবল হই।
প্ৰকৃতিৰ ৰূপ দেখি হৃদি পমি গই॥
তোমাৰ আগম শুনি হাঁহিছে মিচিকি।
গোটই ৰাঙ্গলি হই, মাৰিছে ভুমুকি॥
তোমাৰ আশ্বাসে এৱে পৰিহৰি শোক।
মুকলি মুৰীয়া হই মোহিছে সবাক॥
প্ৰকৃতি জেউতি দেখি সব উত্ৰাৱল।
ভুলি যায় আন চিন্তা যতই প্ৰৱল॥
আগে আগে চলি যায় এটী দুত উৰি।
প্ৰথমে জনায় জনে, হেও-থক কৰি॥
আনন্দে বিভোল হই গছলতা পখী।
সকলোৱে সুখী হয় তব মুখ দেখি॥
নাই ভয় নাই আৰু আম সবাকাৰ।
আহিল বসন্তদেৱ পালনে প্ৰজাৰ॥
কোনো নোহে বিষাদিত এওঁৰ ৰাজত্বে।
নাই লেষ মাত্ৰ কাৰো দুখ ব্যথা চিত্তে॥
লাহে লাহে কত ফুল ফুলিছে সুৱনী।
ৰমকী জমকী হই মুৰতী মোহিনী॥

[ ৪৩ ]

এহিসে কাৰণ বোলে তবাগম কাল।
মধুময় মধুমাস অমিয়া সকল॥
ফুলিছে ৰাঙ্গলি হই বক ও কিংস্তুক।
মদাৰ কাঞ্চন ফুল শিমলু অশোক॥
পৰিছে কতনো পখী গছৰ ডালত।
কৰিছে আৰাও সৱে মনৰ ৰঙ্গত॥
ক্ষণে উৰে ক্ষণে পৰে মউ চুহি চুহি।
ইটো ডাল এৰি গই সিটো ডালে বহি॥
বালিৰ ছঁতত পৰি মনৰ সাধেৰে।
ধুইছে কোটালি কাকে কোৱা শবদেৰে॥
আহঁত গছত পৰি কুলিটোৱে কেনে।
মুহিছে সুৱলা মাতে মন সব জনে॥
গছৰ তলত বহি সৌ মানুহটীয়ে।
পথ ক্লেশ দূৰ কৰে, ইটোফালে চায়ে॥
বাটৰ দাঁতিত চোৱাঁ নাহৰ গছেৰে।
শোভিছে কিৰূপে পথ প্ৰকৃতি মন্দিৰে॥
যথাৰ্থ পূজিব পাৰি ইটো মন্দিৰত।
ভক্তিভাৱে ঈশ্বৰক ধিয়াই মনত॥
আন ফুল তুলি আৰু নেলাগে আনিব।
হাতত পাওঁতে ফুল কিয় অন্বেযিব॥
সুগন্ধী বসন্ত জাই ফুলিছে পাৰলী।
মাধই মালতী বনে গন্ধে মলমলী॥
পৰিছে নথই আহি ভোমোৰা মৌমাখি।
নানা ৰঙ্গী নানা ভাষী মৌপিয়া পখী॥

[ ৪৪ ]

তলমুৱা হই  কোনো ভক্তিভৰে
 নমে হালি-জালি গাত্ৰে॥
মাতিছে সম্বোধি  মোক তোলা বুলি
 আঁজহলি মোৰ ওচৰলৈ।
আঁজলি ভৰাই  দুই হাত জুৰি
 প্ৰভু পদে ঢালিবলৈ॥
চোৱাঁছোন সৱে  প্ৰকৃতিৰ ৰাজ্যে
 হোৱে ব্যস্ত বিভুপ্ৰেমে।
তেনে কেনে নৰ  নোহোৱা চিন্তিত
 ঈশ্বৰ পূজন ক্ৰমে॥
উঠি প্ৰাতসতে  শৌচাচাৰ কৰি
 পূত-কায় মনা হই।
চিন্তিবা প্ৰভুক  পাইবা আনন্দ
 যাৰ পৰে সুখ নাই॥

 
[ ৪৫ ]

কুণ্ডিল।

কোৱাহে দেবী কুণ্ডিল কুণ্ডিল বাতৰি।
ৰুক্মিণীৰ জন্ম ভূমি ভীষ্মক নগৰী॥
পাদ ধেতি যাৰ জলে আছে কত দুৰে।
পৰি আছা নাম তাৰ পৰা অতি জৰে।।
বহাল কি লাগি হায় গহীন কাঠনি।
বিয়াপি দুকুল ভৱ শিকালি নমনি॥
সহ প্ৰজা যত তাৰ সভ্যতা সহিত।
নাৱে বামে মাৰি বাট কৰিলা পতিত॥
নোহে ভৱ কাৰ্য্য ইটো জানিলোঁ নিশ্চিত।
সেই ৰম্য ৰাজপাট গল অধঃপাতে॥
কালতে সকলো হয় স্বৰ্গ-পাল-ক্ষয়।
উৰ্দ্ধ অধঃ-গতি কালে কাল সৰ্বময়।
জানি শুনি কেনে লোকে কৰ্ উদ্ভণ্ডালি।
কালৰ কাষত হয় সৱে ক্ষন্তে কালি॥
উচ্চ আশা উচ্চ ভাব নাই আমসৱ মাজ।
ভয়ে ভয় দেখি বিঘ্ন পূৰ্ণ ইটোসব কাজ।।
হওঁ গৈয়া পদ-প্ৰাৰ্থী, নিৰ্ভৰ উপৰি পৰ।
আত্ম-বল বলি দিওঁ শ্ৰেষ্ঠধন জীৱণৰ।

[ ৪৬ ]

ইটো বলে বলী হই, অতিত আজিকালি।
সাধিছে অসাধ্য কাজ মৰতত মহতালি॥
জাতীয়-জীৱন-দীপ্তি সমাশ্ৰয়ী ইটো নৰে।
দেখিছা যতেক জন কৰিচে কত সংসাৰে॥
বিষময় আগবাটে হোৱে আগু যিটো জন।
অন্তত অমৃত ভুঞ্জে দেৱৰ বাঞ্চিত ধন॥
অবশ্যে আছয় আগে মধুসম সিটি বাটে।
কিন্তু শেষে হলাহল সদাচিত্ত উৎকন্ঠিতে॥
প্ৰভু তুষ্টি লাগি চিত্ত সতত চিন্তিত মনা।
নাই শান্তি একোতেই সবেমাত্ৰ বিৰম্বনা॥
হেন বৃত্তি লাগি আমি, সতত ব্যগ্ৰ হৃদয়।
হোৱা অতি কাপুৰুষতা জানিবা নিশ্চয়॥

একতা।

সহিতে সংহতি  সাধয় মহতি।
কাৰজ জগতি  অতি সুখিয়তি॥
বাণিজ্যে বনিয়া প্ৰাতীচ্য জতীয়া।
শতেক ভগীয়া বেহা বেপেৰুৱা॥
জুৰিয়াছে দিশ দেশ বিদেশ।
হই হৰযিশ কৰি পৰৰেশ॥

[ ৪৭ ]

পব্বত প্ৰান্তৰ।
সব একাকাৰ,
দুৰ্গম সুগম
গতি বিহঙ্গম,
যায় ভাপ গাড়ী
প্ৰতিশব্দ মাৰি
ততালিকে পাই
একোটী লৰব
খপ খপ কই।
মাল বোজা থই,
থানে থানে যায়,
পেৰাই পেৰাই
নানা তৰহৰ
বিভিন্ন নামৰ
কেনে বিতোপন,
চকুৰ জ্বৰণ
চাহৰ চাহনি,
জৰিছে দুৰনি
সমষ্টি মিলিয়া
চাহনি চহীয়া
আৰু কোনো গাড়ী,
পাতিছে লেঠাৰি
কেৰেলুৱা যেন
কৰিছে ধবন

   

নোহিকে অন্তৰ।
কৰি কাৰবাৰ।
সবাৰো আগম।
কৰি ধমধম।
কঁপি বসুন্ধৰী।
উঠে সৰসৰি।
দিনটীয়া ঠাই।
উকি দি জনাই।
আৰহী নমাই।
পুনু সাজু হই
চাহ বাগিচায়।
নিয়াই ভৰাই।
বিভিন্ন দামৰ
বাগিছা চাহৰ।
অতি সুশোভণ।
সবুজ কীৰণ॥
পুলি অগণনি।
বাটৰ সীমণি।
শতেক ভগীয়া।
ভোগে শ্বেতাঙ্গীয়া
বহুদুৰ জুৰি
গইছে চেকুৰি।
ৰেল গাড়ী খন
লৈ কয়লা খন।

[ ৪৮ ]

ধান্দি খালি খনি
কুলি কুলিয়নী।
হােৱে আগুয়নী
যাওঁতে পৰানী
কলে কাৰখানা
কৰিছে থাপনা,
সবাৰো অস্তিত্ব,
সভ্যৰো গুৰুত্ব,
ফৰাচী ইংৰাজ
মার্কিন কশজ
জার্ম্মান জাপান
সবে আগুৱান,
হইবা প্রত্যয়ী
একতা আশ্রয়ী

   

পৰ্ব্বতক জিনি
কতো আগণনি।
নডৰি জীৱনী
বধিছে খহনী।
কতনাে অগণা।
আৰু বাবু খানা।
দেশৰো মহত্ব।
দেখায় একত্ব।
দেন্স ওলন্দাজ
অস্ত্রীয়া দেশজ।
বুৰ অষ্ট্রেলিয়ান্
উন্নতি সােপান
দেশ-হিতাশয়ী।
সদব্যৱসায়ী।

[ ৪৯ ]

পুৰণী ৰংপুৰ নগৰ।



পকা ঘৰ বাঁহী আছে ঠিয় হই।
হাবিৰ মাজত চোৱাঁ চোন গই॥
ৰাজধানী কালে শতাব্দী ছয়েক।
অহম বংশৰ প্ৰতাপী অনেক॥
ৰজাৰ বাহৰ, ছিলে যিটো খলী।
বন্যজ সেবিত আজিহে মহলী॥
সোনৰ বৰয়ে, চন্দ্ৰতাপ তলে।
শোভিছিল যত ৰাজ খাটোৱালে॥
হাড়ৰ কঙ্কালে বাদুলী ছৰায়ে।
কৰিছে নিন্দিত ত্যগা মলিময়ে॥
ভৰা যিটি ঘৰ কেবা মহলীয়া।
বোলয় কাৰেঙ্গ তলে সুৰঙ্গীয়া॥
খহাঁইছে ঠায়ে মানুহবিলাকে।
ধন পাম ভাবি মনে চিন্তি তাকে॥
লোক মুখে কৰি খবৰা-খবৰি।
অনাই বেজক বিচাৰি খোচাৰি॥
ভোগে ইন্দ্ৰ ভোগী বেজদেউ আহি।

[ ৫০ ]

যিউ মউ চেনি মাছ মাংস খাহী॥
মাটিৰ তলৰ ধন হাবিয়াসী।
সাদৰে তোষয় ভদ্ৰলোক বাঁহী॥
ইয়াৰ দক্ষিণে আছে যিটি দল।
তাতে পূজাসনে অতি সুবিমল॥
হই পুতমনী অতি ভক্তি ভাৱে।
ভাবিছিল ৰাজে নিজ ইষ্ট দেৱ॥
উত্তৰা দক্ষিণা ইয়াৰ পুৰীয়া।
আছে হোলোং ঘৰ ওঠাৰ কুঠীয়া॥
কুৱঁৰী লোক বিভিন খেলৰ।
ওপৰে তামৰ আছিল বাহৰ॥
জখলা মুখতে পূবা পশ্চিমীয়া।
ওপৰ মহলা এৱে নাইকীয়া॥
নামে চাংমাইশাল তলি নিফোপীয়া॥
তাৰ উত্তৰত কাষে হোলোঙ্গৰ।
লৰা-পোৱা ঘৰ আৰু ৰোহ-ঘৰ॥
ৰজাৰ মহলে ৰাজ কুঁৱঁৰী॥
একে উত্তৰৰ হোলোঙ্গ মুৰত।
ৰজাৰ মৰঙ্গ নোহে অদুৰত॥
কাৰেং পশ্চিমে পুখুৰী ৰজাৰ।
ৰহৰ ঢালনে নিৰ্ম্মল জলৰ॥
মানৰ বিভ্ৰাটে মানে পিয়াপানী।
মিঠা পুখুৰী বুলি দিলে জননী॥
সিউ আছে আজি আছে যে ফুলনি॥

[ ৫১ ]

আছে ভিতৰ গড় উঠিব নোৱাৰে।
আৰু মাজ গড় বন্ধোৱা পকাৰে॥
আছে ন-দুৱাৰ চোৱাঁ গোলা ঘৰ।
ভগ্ন প্ৰায় দল বুঢ়ী গোসানীৰ॥
তিনিদ্বাৰে শোভি, আছে বহিগড়।
নৱপানী নামে প্ৰখিয়াত বৰ॥
নগৰ বাহিৰে পকা ঘৰ বাহী।
নগৰক শোভি কৰিছে ৰুপহী॥
আজিও ৰুপহী ৰুপহীৰজান।
কৰিছে ধাৱন জনম ইঠান॥
ন-আলি কাষত সউ ৰংঘৰত।
উঠিহে ৰজাই দেখিছিল য’ত।
কতো ৰং ধেমালি পথাৰে ইয়াৰ।
মহ-হাতী-ঘোৰা আৰু যে শেনৰ॥
দেখিছিল যুজ সহিতে কুৱঁৰী।
লই লগে যত লিগিৰা লিগিৰী॥
দেউ ডাঙ্গৰীয়া আৰু যে বিষয়া।
ফুকন বৰুৱা আদি ৰাজখোৱা॥
পাইছিল ৰং দেখি যে ধেমালি।
শিকাৰু নিপুনে শিকোৱা কৌশলী॥
সিফালে সউৱা আছে ৰঙ্গনাথ।
ৰং পাই য’ত থাকিল ভোলানাথ॥
ফাকুৱা দ’লত দেখিহে ফাকুৱা।
আগৰ দুজোখে ভাৰী ভাগৰুৱা॥

[ ৫২ ]

আনিছিল যোনে বিশ্বনাথ হন্তে।
শিৱসিংহ দেৱ ৰজাৰ পাচন্তে॥
নুঠিল দুনাই, আনিছিল যলৈ।
থাপিবৰ অৰ্থে শিৱসাগৰলৈ॥
কৰিলে স্বপন ৰজাক তেখন।
আনা মুক্তিনাথে কৰিতে থাপন॥
বিশ্বনাথ হন্তে, পঠাইয়া জন।
থাকিম ইঠানে নহবা বিমন॥
ৰাজাজ্ঞায় দল লৰালৰি কৰি।
মাসেকতে সাজে, ৰাজকাঢ়ি কৰী॥
বাঁও হাতে তাৰ হৰ গৌৰী দল
বনেৰে কাঠেৰে ছটা যাৰ ছাল॥
সিফালে সেইয়া, নাৱে বৈদ্যনাথ।
জয় সাগৰ দল দেখা তুলি মাথ॥
ভোগ ঘৰ বাঁহী মাজে সুসজ্জিত।
আছে প্ৰতিমাযে, শিলত কত্তিত॥
শিলা কুটীয়াই, অতি সযতনে।
প্ৰকাশে অছিল সিদ্ধহস্ত কেনে॥
সুঠাম সুন্দৰ কতনো মূৰতি।
দেৱতা মানুহ-শৃগাল-চৃকতি॥
গছ-লতা আদি দেখি দলগাৱে।
“কেনে বিহকৰম” প্ৰশংসে সবাৱে॥
নোহে একোতেই হীন কোনোপিনে।
বিংশ শতিকাৰ কাঢ়িকৰী গুনে॥

[ ৫৩ ]

খাৰ ঘৰ দেবী দল আৰু ন’গাঁসৱা।
আছে ভাগে ভাগে দেখিবা দেখৈয়া॥
আহিব মনত দেখি ততালিকে।
ক’ত গ’ল ৰজা নাই ইহলোকে॥
কিনো কথা হায় নৰল গজালি।
কবলই হেৰা ৰজাৰ পোৱালি॥
পাতিলে বিষয়া কতনো অলেখী।
মাটি বৃত্তি দিয়া যাৰ যেনে জোখা॥
নাতি পুতি দেখা আজি সিবোৰৰ।
আধকাৰ নাই মাটি এডোখৰ॥
কটাইছে কাল ইপিনে দুখত।
দুবেলা দুমুঠি নিমিলে দিনত॥
ভাবা কিবা মুল ইটো যে দুখৰ।
কবানেহে দোষ নিজ কৰমৰ॥


[ ৫৪ ]

চিকুণ কলীয়া হেৰা কৰি গুণ গুণ।
ফুলনি সোমাই বাৰু, চুহি মউফেৰি॥
ৰাতি পুৱা-ছেগা কিয় কৰিছা গমন।
এটি ফুল এৰি গই সিটি ফুলে পৰি॥
ফুলৰ পৰাগে অঙ্গ কৰি সুশোভিত।
সুবাচে পুৰিত দেহা তাতে ৰূপে চাৰু॥
আলিঙ্গা যতই ফুল আছে সিজুপিত।
মানাহা নকৰে কেৱে যেনে স্বামীগুৰু॥
ঈশ্বৰৰ অভিপ্ৰেত আছে কোনো কাজ।
ইটো অৰ্থে গতি তৱ অবাধ ফুলত॥
সাধা সম্বৰ্দ্ধন কাজ যেনে জীৱ মাজ।
একোটা নিয়মে বন্ধা এটাইকে জাতি॥
পাৰ্থক্য মাথোন দেখা উদ্ভিদ কুলত।
মিহলায় স্ত্ৰী-পুং-ৰজঃ ভোমোৰা মৌগুটি॥

[ ৫৫ ]

দ্বিজগুৰু চন্দ্ৰদেৱ বৰ্ণিত পুৰাণে।
কৃষ্ণা প্ৰতিপদ ধৰি তিথি ক্ৰমে ক্ৰমে।
ক্ষয়ি কলেৱৰ নিজ কলা বিতৰণে।
দেৱ অৰ্থে দেৱ ভক্ষ্য সুধামৃত সোমে॥
দান ধৰ্ম্ম ফলে পুনু হোৱে পূৰ্ণ কালে।
অমাত ক্ষয়িত অঙ্গ পূৰ্ণ পুৰ্ণিমাত।
লভয় ক্ষিয়তি যেনে ধীৰে ধীৰে বলে।
সাধু স্বাৰ্থ বলিদানে জীৱন দশাত॥
নোহে বদ্ধ কৃপা তৱ দেৱলোক মাজে।
শীতল কীৰণামৃতে উঠে দোপে দোপে।
ওষধি গুল্মজ জাতি যতেক মৰ্ত্য়জ।
পলিছা ইদৰে দেৱ প্ৰজা যেন ভূপে॥
আহাৰ সংগ্ৰহি যেনে পিতা পুত্ৰ পাগে।
তুমিও জোগোৱা নৰে, শস্য উৎপাদনে।
ইটো অৰ্থে ধৰ্ম্ম শাস্ত্ৰে পিতৃলোক বোলে।
সতত মঙ্গল-দাতা যত প্ৰজাগণে॥

[ ৫৬ ]

মাৰিছে ভুমুকি আহি, উষা উদয়ত।
তামসী দানৱী আতি ভয়ে ভীতমনা
শশব্যস্তে পলাৱয় হুইয়া বিতত।
লই লগে লগৰীয়া চোৰ শিন্ধিখনা॥
গভাইত ডকাইত লোক কুৰীতিয়া।
পাপ-সমাশ্ৰয়ী হোৱে যতই সংসাৰী।
টানি ধৰে চুলি ভাবি উষা আপদীয়া।
প্ৰকাশিব যত মোৰ হোৱে কেলেঙ্কাৰী
মেচমেচীয়া চুলিতাৰি নি অতৰাই
নেৰাখি ধনিষ্ঠাও চিন পলাই পতং
লগৰীয়া অন্তৰ্ধ্যানে দেখি তেতিয়াই
কাল কেয়গণ যেনে নষ্ট বৃত্ৰ সঙ্গ
হোৱামাত্ৰ বাহিৰ তিমিৰ নাশ
হৃদি অন্ধ কৰে এৱে হোৱা দুৰীভূত
জ্ঞানৰ পোহৰে জীৱ সবে সচেতন
লভয় জনম্ যেনে মৰিহে ৰাতিত।

[ ৫৭ ]

জ্ঞানদাত্ৰী উষাদেবী শোনিত নগৰ
কেনে প্ৰকাশিছে টিঙ্গে তেজে সাধুতাৰ
ৰুনু জুনু নুপুৰৰ সুৱলাধ্বনিৰে
মোহিছে সবাও আহি আগে অৰুণৰ॥

 

আছে মন দিবলই ভক্তিভাৱে নমি,
এধাৰি চিকুণ মালা গাথি সযতনে,
কিন্তু কত মোৰ হায়, মলীযা সুকামী,
যেনে গাথে ফুল-মালা ফুল বিতোপনে।
অৰ্পিম কণ্ঠত মই মাতৃ-মুখ চাই,
দিযে বা নিদিযে ৰঙ্গ আইৰ মনত,
ইটো যে দুৰাশা মোৰ নাই শক্তি নাই,
জানো মই অতিকই দুখীযা ভাৱত।
ভাবে কাজ সুমহত, সাধষ ভাবুক,
গাথো মালা মনোহৰ ভাব চকুহীন,

[ ৫৮ ]


পাৰিম কি দৰে, পোৱা চানেকী ধৰোক,
সংস্থাপি চিকুণ ফুল কৰি সম্মিলন।
ফুল-চাকী-মালা-মাজে ৰুপহী বান্ধান,
লোকৰ গাথনি দেখি হই বিমোহিত,
মন যায় গাথা মই ফুলৰ চিকণে
ভাগি যায ফুল-পাহী কিয মোৰ হাত।
আছয নথই ফুল ফুলৰ কুকিত,
হাতত পৰেহি আহি বাচেতে বিচাৰি,
কাঠৰ কঠুৱা ফল কঠুৱা হাতত
নাপাওঁ সঘনে ফুল কোমলা সাদৰ॥
ঘ্ৰাণ-দৃষ্টি-শক্তি মোৰ নোহে তীক্ষ অতি,
ই কাৰণে ইটো প্ৰাণী তকিব নোৱাৰে,
ক’ত বেনে বৰি ৰাখি সি বৰ যুকুতি,
বেটু ভেদি ফুল বাঁহী সোনালী জৰিৰে।
তাত বেজি ভোটা মোৰ সুতাই ঢোঁহোৰা,
কৰি দিছে মালাধাৰি ফোঁহোৰা ফুঁহৰি,
সিটো অথে ইধাৰি যদিও নুযুৱাই,
উদেশি তোমাক অপো দগুৱতে পৰি।
আশাসোমনৰ ইটো লোক সমাজত,
তৰপয যিটো হাতে লোৱা আই বুলি,
শান-ব’ণ দত্ত দ্ৰব্যে শ্ৰদ্ধাযুত,
যদিও নিকৃষ্ট অতি লোৱে হ তে তুলি।

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২১ চনত ১ জানুৱাৰী ১৯৬১ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )