পৃষ্ঠা:চুপহি.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
চুপহি।


একেই দুৰ্ঘোৰ অতি দেখিলে ভীষণ।
দুটী এটি বাদে প্রায় জন-প্রাণী শূন॥
ইটো বাটে আগুৱনি অতিসে দুৰূহ।
আগুৱাই সিটে আছে যাৰ আত্মসাহ॥
বিপদ সঙ্কুলে ভৰা ইটো পথগামী।
পাইগৈ ৰম্যস্থান সর্ব্ববিঘ্ন দমি॥
ইটো বাট বোলে সৱে দুৰ্গম সুপথ।
ধৰি যিটো জ্ঞানী জনে নেযায় বিপথ॥
নাই ভিনপৰ কাৰো ৰম্য ইপুৰীত।
ইটে সিটে বন্ধা য’ত প্রেম গাথনিত॥
সাবটা সাবটি কৰি ইটে সিটে মিলি।
তুলিছে আনন্দ ধ্বনি ঈশ্বৰত ভুলি॥
ভক্তি-ৰসে আৰ্দ্রহই কোনােৱে বা ক’ত।
বাগৰে সঘনে ভূমি বিভূ প্রেমত॥
ক্ষুধা তৃষ্ণা সৱে মিলি পীড়িব নােৱাৰে।
ঈদৃশ অৱস্থা যেৱে হয় সকলােৰে॥
সুমধুৰ ঈশ-গান ভেদি দশো দিক।
বাটৰ লহৰী তুলি লগাই খলক॥
তৰঙ্গৰ মালা গই লগালে কাণত।
খলকি ইয়াৰ যেবে তুলিলে মহত॥
বিজুলী সঞ্চাৰে যেন আনন্দৰ সোঁত।
বােৱাই সঘণে তােলে বাকী লােক তত॥
ৰম্য সিপুৰীৰ ফুল আতিসে ধুনীয়া।
মােহয় বাচেৰে তাৰ অতি সুগন্ধীয়া॥