পৃষ্ঠা:চুপহি.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বসন্ত কাল।

আহিছা বসন তুমি দলবল হই।
প্ৰকৃতিৰ ৰূপ দেখি হৃদি পমি গই॥
তোমাৰ আগম শুনি হাঁহিছে মিচিকি।
গোটই ৰাঙ্গলি হই, মাৰিছে ভুমুকি॥
তোমাৰ আশ্বাসে এৱে পৰিহৰি শোক।
মুকলি মুৰীয়া হই মোহিছে সবাক॥
প্ৰকৃতি জেউতি দেখি সব উত্ৰাৱল।
ভুলি যায় আন চিন্তা যতই প্ৰৱল॥
আগে আগে চলি যায় এটী দুত উৰি।
প্ৰথমে জনায় জনে, হেও-থক কৰি॥
আনন্দে বিভোল হই গছলতা পখী।
সকলোৱে সুখী হয় তব মুখ দেখি॥
নাই ভয় নাই আৰু আম সবাকাৰ।
আহিল বসন্তদেৱ পালনে প্ৰজাৰ॥
কোনো নোহে বিষাদিত এওঁৰ ৰাজত্বে।
নাই লেষ মাত্ৰ কাৰো দুখ ব্যথা চিত্তে॥
লাহে লাহে কত ফুল ফুলিছে সুৱনী।
ৰমকী জমকী হই মুৰতী মোহিনী॥