সমললৈ যাওক

পৃষ্ঠা:চুপহি.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পুৰণী ৰংপুৰ নগৰ।



পকা ঘৰ বাঁহী আছে ঠিয় হই।
হাবিৰ মাজত চোৱাঁ চোন গই॥
ৰাজধানী কালে শতাব্দী ছয়েক।
অহম বংশৰ প্ৰতাপী অনেক॥
ৰজাৰ বাহৰ, ছিলে যিটো খলী।
বন্যজ সেবিত আজিহে মহলী॥
সোনৰ বৰয়ে, চন্দ্ৰতাপ তলে।
শোভিছিল যত ৰাজ খাটোৱালে॥
হাড়ৰ কঙ্কালে বাদুলী ছৰায়ে।
কৰিছে নিন্দিত ত্যগা মলিময়ে॥
ভৰা যিটি ঘৰ কেবা মহলীয়া।
বোলয় কাৰেঙ্গ তলে সুৰঙ্গীয়া॥
খহাঁইছে ঠায়ে মানুহবিলাকে।
ধন পাম ভাবি মনে চিন্তি তাকে॥
লোক মুখে কৰি খবৰা-খবৰি।
অনাই বেজক বিচাৰি খোচাৰি॥
ভোগে ইন্দ্ৰ ভোগী বেজদেউ আহি।