পৃষ্ঠা:চুপহি.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
পুৰণী ৰংপুৰ নগৰ।


আছে ভিতৰ গড় উঠিব নোৱাৰে।
আৰু মাজ গড় বন্ধোৱা পকাৰে॥
আছে ন-দুৱাৰ চোৱাঁ গোলা ঘৰ।
ভগ্ন প্ৰায় দল বুঢ়ী গোসানীৰ॥
তিনিদ্বাৰে শোভি, আছে বহিগড়।
নৱপানী নামে প্ৰখিয়াত বৰ॥
নগৰ বাহিৰে পকা ঘৰ বাহী।
নগৰক শোভি কৰিছে ৰুপহী॥
আজিও ৰুপহী ৰুপহীৰজান।
কৰিছে ধাৱন জনম ইঠান॥
ন-আলি কাষত সউ ৰংঘৰত।
উঠিহে ৰজাই দেখিছিল য’ত।
কতো ৰং ধেমালি পথাৰে ইয়াৰ।
মহ-হাতী-ঘোৰা আৰু যে শেনৰ॥
দেখিছিল যুজ সহিতে কুৱঁৰী।
লই লগে যত লিগিৰা লিগিৰী॥
দেউ ডাঙ্গৰীয়া আৰু যে বিষয়া।
ফুকন বৰুৱা আদি ৰাজখোৱা॥
পাইছিল ৰং দেখি যে ধেমালি।
শিকাৰু নিপুনে শিকোৱা কৌশলী॥
সিফালে সউৱা আছে ৰঙ্গনাথ।
ৰং পাই য’ত থাকিল ভোলানাথ॥
ফাকুৱা দ’লত দেখিহে ফাকুৱা।
আগৰ দুজোখে ভাৰী ভাগৰুৱা॥