সমললৈ যাওক

পৃষ্ঠা:চুপহি.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কুণ্ডিল।

কোৱাহে দেবী কুণ্ডিল কুণ্ডিল বাতৰি।
ৰুক্মিণীৰ জন্ম ভূমি ভীষ্মক নগৰী॥
পাদ ধেতি যাৰ জলে আছে কত দুৰে।
পৰি আছা নাম তাৰ পৰা অতি জৰে।।
বহাল কি লাগি হায় গহীন কাঠনি।
বিয়াপি দুকুল ভৱ শিকালি নমনি॥
সহ প্ৰজা যত তাৰ সভ্যতা সহিত।
নাৱে বামে মাৰি বাট কৰিলা পতিত॥
নোহে ভৱ কাৰ্য্য ইটো জানিলোঁ নিশ্চিত।
সেই ৰম্য ৰাজপাট গল অধঃপাতে॥
কালতে সকলো হয় স্বৰ্গ-পাল-ক্ষয়।
উৰ্দ্ধ অধঃ-গতি কালে কাল সৰ্ব্বময়।
জানি শুনি কেনে লোকে কৰ্ উদ্ভণ্ডালি।
কালৰ কাষত হয় সৱে ক্ষন্তে কালি॥
উচ্চ আশা উচ্চ ভাব নাই আমসৱ মাজ।
ভয়ে ভয় দেখি বিঘ্ন পূৰ্ণ ইটোসব কাজ।।
হওঁ গৈয়া পদ-প্ৰাৰ্থী, নিৰ্ভৰ উপৰি পৰ।
আত্ম-বল বলি দিওঁ শ্ৰেষ্ঠধন জীৱণৰ।