পৃষ্ঠা:চুপহি.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বিজগুৰু চন্দ্ৰদেৱ বৰ্ণিত পুৰাণে।
কৃষ্ণা প্ৰতিপদ ধৰি তিথি ক্ৰমে ক্ৰমে।
ক্ষয়ি কলেৱৰ নিজ কলা বিতৰণে।
দেৱ অৰ্থে দেৱ ভক্ষ্য সুধামৃত সোমে॥
দান ধৰ্ম্ম ফলে পুনু হোৱে পূৰ্ণ কালে।
অমাত ক্ষয়িত অঙ্গ পূৰ্ণ পুৰ্ণিমাত।
লভয় ক্ষিয়তি যেনে ধীৰে ধীৰে বলে।
সাধু স্বাৰ্থ বলিদানে জীৱন দশাত॥
নোহে বদ্ধ কৃপা তৱ দেৱলোক মাজে।
শীতল কীৰণামৃতে উঠে দোপে দোপে।
ওষধি গুল্মজ জাতি যতেক মৰ্ত্য়জ।
পলিছা ইদৰে দেৱ প্ৰজা যেন ভূপে॥
আহাৰ সংগ্ৰহি যেনে পিতা পুত্ৰ পাগে।
তুমিও জোগোৱা নৰে, শস্য উৎপাদনে।
ইটো অৰ্থে ধৰ্ম্ম শাস্ত্ৰে পিতৃলোক বোলে।
সতত মঙ্গল-দাতা যত প্ৰজাগণে॥