পৃষ্ঠা:চুপহি.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
দুটা বাট।

কাম ক্ৰোধ লোভ মোহ বশ ৰজাদেও।
সংযমী পুৰুষে সৱে কৰে পদ সেৱ॥
বাটৰ অঘৈয়া হৈ ইটো সৱ ৰিপু।
নোৱাৰে ফুটিব কতো এনে সিদ্ধ বাপু॥
অগাধ গুণেৰে ভৰা সম ৰত্নাকৰ।
সহজে উত্তৰে বাটে ধাৰ্ম্মিক প্ৰবৰ॥
নোৱাৰে বাধিব কেৱে অশেষ শঙ্কটে।
হাত দিয়ে যিটো কাজে সাধয় বেগতে॥
পৰ দুঃখ দেখি যিটো সহিব নোৱাৰি।
উপায় উদ্ভাৱে তাৰ অতি যত্ন কৰি॥
ইটো জনে যিটো বাটে গমণ কৰয়।
নকৰে কেৰেপ যদি গাৱ ৰক্তময়॥
ঘৰুৱা প্ৰেমিক জনে প্ৰেমে মত্ত হই।
আত্ম স্বাৰ্থ আদি কৰি সবাকে ভুলয়॥
আত্ম প্ৰাণ উছৰগি জননী চৰণ৷
কন্দাই ঘৰুৱা জনে কৰয় গমন॥
অন্তে সেই ৰম্যপুৰী দেৱতা দুৰ্লভ।
সতত প্ৰকাশয় যত প্ৰকৃতি বল্লভ॥
ধন্য সিটো জন অতি সংসাৰ ভিতৰে।
ধন্য মাতা হোৱে তাৰ জনমালে যাৰে॥
দেশৰ দুৰ্দ্দশা দেখি সহিব নোৱাৰি।
লোকৰ মঙ্গল অৰ্থে সদব্ৰত ধৰি॥
সাধি পাৰ্য্যমানে হিত স্বদেশ সুপুত।
ধন জন দিয়া সবে নকৰি গুপুত॥