পৃষ্ঠা:চুপহি.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
চুপহি।

বিদ্যাৰ মাৰ্জ্জিত তাৰ বুদ্ধি সু-উত্তম।
সুবুদ্ধি ঘটাই যিটে কৰয় কৰম॥
সেই জনে এই পথে যায় আগুৱাই।
নিমজ জ্ঞানেৰে বাট নিমজ কৰাই॥
সিটো জনে ইটো পথে গমন কৰিছে।
অহিংসা পৰম ধৰ্ম্ম সদা আচৰিছে॥
বনৰ হিংসকে তাক দেখিয়ে এৰয়।
আপোন হিংসক ভাব হয় শাম্যময়॥
ইটো সব নৰ যেন মনুষ্যৰ বাজ।
সাধে যোগীবৰ যেনে অপুৰব কাজ॥
মুকলি বাটত তুমি নোপোৱা ইসবে।
যিটো বাটে প্ৰায় সবে যাই এই ভৰে॥
আহলে বহলে বাট চকুৰে নমনা।
সহস্ৰ সহস্ৰ লোকে আছে জনা শুনা॥
উত্তৰিছে ইটো বাটে সিটো মহাপুৰী।
উঠিছে কান্দোন যত দশোদিক জুৰি॥
কুপথ আশ্ৰয়ে ডুবে দুঃখৰ জলধি।
দুভিক্ষ মৰক হন্তে আৰু যত ব্যাধি॥
বাটৰ মুখতে কত আছে প্ৰলোভন।
ইটো মোহে পৰি কত হেৰায় চেতন॥
আগে মধু কতো ভাগ পাছে একেবাৰে।
বাকি ভাগ সৈতে পুৰী পুৰিত বিষেৰে॥
ক্ষণিকৰ সুখ লাগি আজীৱন মানে।
নেৰাখে অলপো ভেদ জীৱন মৰণে॥