পৃষ্ঠা:চুপহি.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
জয়মতী-কুৱঁৰী

তৃষিত পৰাণ কোনো হই উপস্থিত
আঁজলি আঁজলি কৰি পিয়ে হাবিযাসে
কাৰ কৰাণে হেৰা আজি অনায়াসে
অমিয়া মধুৰ পানী, দেৱৰ বঞ্চিত।
কোনোবা ভাবুক আহি বহি ইথানত
ভাবিছে কতনো কথা মনে গুণি গুণি
খনালে যি জনে এই পুখুৰী সুৱনী
ক’ত তেওৰ নাতি পুতি? কালৰ সোঁতত৷
কৰিলে ৰাজত্ব কালে সতাব্দী ছয়েক
হাতী বশ কালে এবে নিস্ফল কৰিলে
হায় বিধি একোজন, নেথাকিলে কুলে
জানিলো নিচয় কাল, সবাৰো নায়ক।
আজি আছে ৰাজ পাট, কালি ভিক্ষা জুলি
দণ্ডিত সিজন আজি যিটো হৰ্ত্তা কৰ্ত্তা।
পৰাণে পালিত সিটো, যিটো অন্নদাতা
কিয় গৰ্ব্ব কৰে লোকে নেজানো সমূলি।
জিৰাই শতাই কোনো বহি বৰতলে
ভাবে তুমি হেৰা দেবি কৰিছা আজিও
পৰাহত অকাতৰে, সাধিলা সিকালে
যেনে আত্ম প্ৰাণ দিও জীৱন এৰিও।
মৰিলা যদিও তুমি, তোমাৰ কাষত
গুচায় বিষাদ তাপ, তোমাৰ দৰ্শনে
পতি-পত্নী বিযোগৰ মনৰ দুখত
স্বভাৱে লঘুতা পায় বিৰহীয়ে যেনে।