সমললৈ যাওক

পৃষ্ঠা:চুপহি.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
বসন্ত কাল।

এহিসে কাৰণ বোলে তবাগম কাল।
মধুময় মধুমাস অমিয়া সকল॥
ফুলিছে ৰাঙ্গলি হই বক ও কিংস্তুক।
মদাৰ কাঞ্চন ফুল শিমলু অশোক॥
পৰিছে কতনো পখী গছৰ ডালত।
কৰিছে আৰাও সৱে মনৰ ৰঙ্গত॥
ক্ষণে উৰে ক্ষণে পৰে মউ চুহি চুহি।
ইটো ডাল এৰি গই সিটো ডালে বহি॥
বালিৰ ছঁতত পৰি মনৰ সাধেৰে।
ধুইছে কোটালি কাকে কোৱা শবদেৰে॥
আহঁত গছত পৰি কুলিটোৱে কেনে।
মুহিছে সুৱলা মাতে মন সব জনে॥
গছৰ তলত বহি সৌ মানুহটীয়ে।
পথ ক্লেশ দূৰ কৰে, ইটোফালে চায়ে॥
বাটৰ দাঁতিত চোৱাঁ নাহৰ গছেৰে।
শোভিছে কিৰূপে পথ প্ৰকৃতি মন্দিৰে॥
যথাৰ্থ পূজিব পাৰি ইটো মন্দিৰত।
ভক্তিভাৱে ঈশ্বৰক ধিয়াই মনত॥
আন ফুল তুলি আৰু নেলাগে আনিব।
হাতত পাওঁতে ফুল কিয় অন্বেযিব॥
সুগন্ধী বসন্ত জাই ফুলিছে পাৰলী।
মাধই মালতী বনে গন্ধে মলমলী॥
পৰিছে নথই আহি ভোমোৰা মৌমাখি।
নানা ৰঙ্গী নানা ভাষী মৌপিয়া পখী॥