পৃষ্ঠা:চুপহি.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বন্ধনৰ চৰাই

হিয়া ফাটি যায় হে'ৰ
 দেখি দুখ মোৰ তোৰ।
প্ৰাণে নসহয় আৰু
 পাৱে শিকলি লোৱৰ॥
লোৱৰ বিৰিয়ে তোৰ
 ঠেঙ্গত লগোৱা গুণে।
ৰঙ্গা মঙ্গহ উলিয়াই
 শিকলি আজোৰে ঘনে॥
ঘাৱৰ বিষত জ্বলি
 দেহি সহিব নোৱাৰি।
চকু মুৰ মুদি তুমি
 থাকোতে জুপুকা মাৰি॥
দুখতে কটোৱা দিন
 সদাই দুখিত মন।
পাহৰিলা পূৰ্ব্ব সুখ।
 হলা যি দিনে বন্ধন॥