পৃষ্ঠা:চুপহি.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
চুপহি।

সংসাৰ বনোৱা ৰঙ্গে
 চাই ইটি সিটি দেশ।
দেখিছা আজিও হেৰা
 অজান কত প্ৰদেশ॥
ইটো দৰে আনন্দেৰে
 উলাহত নাচি নাচি।
থানে মৃদু গতি থানে
 কাঁড়ৰ ছোতেৰে নাচি॥
বৰষৰ কোনো ভাগে
 কোনো পখী ৰাশি ৰাশি
উৰি যায় সাৰি সাৰি
 সময় সোত ভাসি!
বিহাৰি দেশ দিগন্ত
 মনৰ সাধেৰে পখী।
জনোৱা সকলে সুখী।
 হোৱা আমাক নিৰখি॥
নজনা স্বৰুপে একো
 দুখ সুখ কাক কয়।
কাৰণ সঘনে মাতে
 তোলা কিৰীলনি হাই॥
প্ৰকৃত সুখীয়া তুমি
 সুখতে যপোৱা কাল।
তুমিসে মাত্ৰ অময়া
 সুখৰ চানেকী ভাল॥