পৃষ্ঠা:চুপহি.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১)

জলিছে জলদ মাজে ৰাম-ধনু খনি
উত্তৰ-দক্ষিণা হই চন্দ্ৰ কলা যেনে
দশোদিশ পৰকাশি বিবিধ কীৰণে
বাচিছে বিবিধ ৰঙ্গে প্ৰকৃতি লিখনি

(২)

সাধ্যকাৰ বৰ্ণিবৰ পৃথিবী ভিতৰে
যি যি বৰণেৰে ইটো হইছে চিত্ৰিত
আচৰিত খনিকৰে বিচিত্ৰ ৰঙ্গেৰে
নোৱাৰে আকিৰ এনে লিখনি আগত

(৩)

সাতোৰঙ্গ সপ্তাশ্বৰ শোভিছে তথিত
সেউজীয়া সুমথিৰা বেদ্দেনা বুলীয়া
কলা নীলা বৰনীয়া ৰঙ্গা হালধীয়া
কেনে চিকিমিকি কৰে ডাৱৰ বুকত