সমললৈ যাওক

পৃষ্ঠা:চুপহি.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চুপহি।

বজ্ৰৰ সদৃশ হিয়া নাই মায়া লেশ
যমৰ টেকেলা যেন চাওদাঙ্গে পাই
ৰজাৰ সমুখ হন্তে আনি আঁতৰাই
কৰিলে নথৈ শান্তি অর্পি বহু ক্লেশ।
তােমাৰ মুখৰ পৰা গদাপাণি ক’ত
জানিবৰ অৰ্থে সিটো নিঠুৰ হৃদয়ে
মেলিলে তােমাৰ গাত ডুমুনী চোৰাত
বান্দৰ কেকোৱা আদি তুমি অসহায়ে।
ঈশত একানচিত, হীন—বাহ—জ্ঞান
সমাধি অৱস্থাগত, যােগীবৰ যেনে
পতিপ্রাণা পতি গতি পতি মাত্র ধ্যান
মহিলা সকলো শাস্তি আশঙ্কিত মনে।
পতিব্রতা তেজ তুমি দেখালা ভীষণ
দুৰ্ব্বলা নাৰীৰ কত ধৈৰয শকতি,
যদিও স্বভাৱে অতি কোমলা প্রকৃতি,
বলে বীৰ-সঙ্গে যাৰ নহয় তুলন।
গদাপাণি কোৱঁৰৰ,তুঙ্‌ খুং ফৈদৰ
পব্বতে পাযণ্ডে যেৱে ফুৰোঁতে পলাই
পৰিল কাণত যেন ধ্বনি স্বৰগৰ
শুনি তেওঁ কুৱৰীৰ বিপত্তি বিলাই।
পত্নী-শাস্তি-শেলে তেওঁ হই জৰ্জ্জৰিত
ধাউতি আহিল বেগে, সহিব নেৱাৰি
ক্ষুধা-তৃষ্ণা—পথক্লেশ, থই কাতি কৰি
বন্দীশাল জেৰেঙ্গাত, ততালিকে থিত।