পৃষ্ঠা:চুপহি.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জয়মতী কুৱৰী।

ইফালে গছত বহি কঁতিয়া কপৌৱে
নিজন সকলো যেৱে দুপৰ ছেগত
ঘনে ডিঙ্গি ওফোন্দাই, কেনে ৰূল দিয়ে
সুৱলা অফুট মাতে মােহিয়া জগত ।
অতিবা নিৰ্জ্জন দেখি কোনােবা গিয়ানি
পশ্চিম পাৰত গই গোঁসানী ঘৰত
বহি ইষ্ট গুৰু চিন্তি, হইহে সংযত
আনচিন্তা পৰিহৰি ভাবে চিন্তামনি।
ছেদ ভেদ নোহােৱাকৈ, সিঁচি শান্তি পানী
যেয়ে আহি থিত্‌ লয় ইয়াৰ পাৰত
সকলােকে সমভাৱে শাঁতিছে পৰাণী
মনৰ তাপক ছেদি দগ্ধকায় যাত।
কোৱা হেৰা কোৱা ভাই, কি গুণৰ গুণে
শাঁতিছে কতনােলােকে, ঠাই এই খনি
দেখিলে শিয়ঁৰি উঠা আছিল তাহানি
কাৰ পুণ্যে আজি তীর্থ সবাৰো গণনে।
কত লােক কত জন কত সাধু সন্তে
পৰম পবিত্র ভাবি কৰেহি দর্শন
মনৰ বিশুদ্ধি যাতে ধৰ্ম্মৰ বৰ্দ্ধন
নোৱাৰে পীড়িব দুখে পাপ তাপ হন্তে।
বোৱাই সতীত্ব তেজ প্রতি শিৰে শিৰে
লগালে চমক সৱে দেখালে মহত
সতীত্ব তেজৰ বল নিৰ্ব্বলা নাৰীত
নহয় তুলনা যাৰ, ৰজাৰ বলেৰে।